--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা আপুনি কোনো অপৰাধী ছাগলীৰ কথা শুনিছেনে, যাক কেৱল শাস্তি দিয়াই নহয় প্ৰায় এবছৰ ধৰি বন্দী কৰি ৰখা হৈছিল। হয়, এয়াই সত্য। এটা নহয় দুটা নহয় ৯টাকৈ ছাগলীক কাৰাবন্দী কৰি ৰখা হৈছিল। বিশ্বাস কৰক বা নকৰক, কিন্তু সঁচাকৈয়ে এনেকুৱা ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ পৰা এনে এটা চাঞ্চল্যকৰ খবৰে ছ’চিয়েল মিডিয়াত বহু শিৰোনাম দখল কৰিছে, এই বিষয়ে জানি সকলোৱে স্তম্ভিত হৈ পৰিছে। ছাগলীকেইটাৰ অপৰাধ কি আছিল জানো আহক।

এই ঘটনা বাংলাদেশৰ কীৰ্তনখোলা নদীৰ পাৰত অৱস্থিত বৰিশাল চহৰৰ। য’ত মুঠ ৯টা ছাগলীক শাস্তি দিয়া হৈছিল। সিহঁতৰ একমাত্ৰ অপৰাধ আছিল যে সিহঁতে চহৰৰ এখন কবৰস্থানত ঘাঁহ আৰু গছৰ পাত খাইছিল। প্ৰায় এবছৰ বন্দী অৱস্থাত থকাৰ পিছত ২৪ নৱেম্বৰ শুকুৰবাৰে ছাগলীকেইটাক মুকলি কৰি দিয়া হয়।

প্ৰতিবেদন অনুসৰি, নৱনিৰ্বাচিত বৰিছাল চহৰ নিগমৰ মেয়ৰ আবুল খাইৰ আব্দুল্লাই এই ছাগলীকেইটাক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ছাগলীকেইটাক মালিকৰ হাতত গতাই দিয়া হয়। যোৱা বছৰৰ ৬ ডিচেম্বৰত এই ছাগলীক আটক কৰি ৰখা হৈছিল। তেতিয়াৰ পৰাই ছাগলীকেইটা বন্দী অৱস্থাত জীয়াই আছিল।

এই পোহনীয়া জন্তুকেইটাৰ মালিক শ্বাহৰিয়াৰ সচিব ৰাজীবে শেহতীয়াকৈ বিচিচিৰ মেয়ৰক তেওঁৰ নিৰীহ ছাগলীবোৰ মুকলি কৰি দিবলৈ আবেদন জনাইছিল। ইয়াৰ পিছতে মেয়ৰ আবুল খাইৰৰ হৃদয় গলি যায় আৰু তেওঁ ছাগলীকেইটাক মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে কোনো প্ৰাণীক গ্ৰেপ্তাৰ কৰা এয়াই প্ৰথম ঘটনা নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকাৰ মিচিগান আৰক্ষীয়ে কুকুৰক গ্ৰেপ্তাৰ কৰি মানুহক আচৰিত কৰি তুলিছিল। আৰক্ষী বিভাগে ক’লে যে তেওঁলোকে নিজৰ বিষয়াৰ খাদ্য চুৰি কৰি থাকোঁতে কুকুৰটোক ৰঙা হাতেৰে ধৰিছিল। আপুনি জানি আচৰিত হ’ব যে আৰক্ষীয়ে তদন্তত সহযোগ কৰা নাই বুলি কৈ কুকুৰটোক গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক