--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেতিয়াবা আপুনি কোনো অপৰাধী ছাগলীৰ কথা শুনিছেনে, যাক কেৱল শাস্তি দিয়াই নহয় প্ৰায় এবছৰ ধৰি বন্দী কৰি ৰখা হৈছিল। হয়, এয়াই সত্য। এটা নহয় দুটা নহয় ৯টাকৈ ছাগলীক কাৰাবন্দী কৰি ৰখা হৈছিল। বিশ্বাস কৰক বা নকৰক, কিন্তু সঁচাকৈয়ে এনেকুৱা ঘটনা সংঘটিত হৈছে। বাংলাদেশৰ পৰা এনে এটা চাঞ্চল্যকৰ খবৰে ছ’চিয়েল মিডিয়াত বহু শিৰোনাম দখল কৰিছে, এই বিষয়ে জানি সকলোৱে স্তম্ভিত হৈ পৰিছে। ছাগলীকেইটাৰ অপৰাধ কি আছিল জানো আহক।

এই ঘটনা বাংলাদেশৰ কীৰ্তনখোলা নদীৰ পাৰত অৱস্থিত বৰিশাল চহৰৰ। য’ত মুঠ ৯টা ছাগলীক শাস্তি দিয়া হৈছিল। সিহঁতৰ একমাত্ৰ অপৰাধ আছিল যে সিহঁতে চহৰৰ এখন কবৰস্থানত ঘাঁহ আৰু গছৰ পাত খাইছিল। প্ৰায় এবছৰ বন্দী অৱস্থাত থকাৰ পিছত ২৪ নৱেম্বৰ শুকুৰবাৰে ছাগলীকেইটাক মুকলি কৰি দিয়া হয়।

প্ৰতিবেদন অনুসৰি, নৱনিৰ্বাচিত বৰিছাল চহৰ নিগমৰ মেয়ৰ আবুল খাইৰ আব্দুল্লাই এই ছাগলীকেইটাক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে ছাগলীকেইটাক মালিকৰ হাতত গতাই দিয়া হয়। যোৱা বছৰৰ ৬ ডিচেম্বৰত এই ছাগলীক আটক কৰি ৰখা হৈছিল। তেতিয়াৰ পৰাই ছাগলীকেইটা বন্দী অৱস্থাত জীয়াই আছিল।

এই পোহনীয়া জন্তুকেইটাৰ মালিক শ্বাহৰিয়াৰ সচিব ৰাজীবে শেহতীয়াকৈ বিচিচিৰ মেয়ৰক তেওঁৰ নিৰীহ ছাগলীবোৰ মুকলি কৰি দিবলৈ আবেদন জনাইছিল। ইয়াৰ পিছতে মেয়ৰ আবুল খাইৰৰ হৃদয় গলি যায় আৰু তেওঁ ছাগলীকেইটাক মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰে।

উল্লেখ্য যে কোনো প্ৰাণীক গ্ৰেপ্তাৰ কৰা এয়াই প্ৰথম ঘটনা নহয়। চলিত বৰ্ষৰ জানুৱাৰী মাহত আমেৰিকাৰ মিচিগান আৰক্ষীয়ে কুকুৰক গ্ৰেপ্তাৰ কৰি মানুহক আচৰিত কৰি তুলিছিল। আৰক্ষী বিভাগে ক’লে যে তেওঁলোকে নিজৰ বিষয়াৰ খাদ্য চুৰি কৰি থাকোঁতে কুকুৰটোক ৰঙা হাতেৰে ধৰিছিল। আপুনি জানি আচৰিত হ’ব যে আৰক্ষীয়ে তদন্তত সহযোগ কৰা নাই বুলি কৈ কুকুৰটোক গ্ৰেপ্তাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ