--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেটা কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাছিয়ান চৰকাৰ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি দেওবাৰে ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই মেটা প্লেটফৰ্মছৰ মুখপাত্ৰ এণ্ডি ষ্ট’নক নিৰ্দিষ্ট অভিযোগত ৱাণ্টেড তালিকাত স্থান দিছে৷ৰাছিয়াৰ স্বৰাজ মন্ত্ৰালয়েও ষ্টোনৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছিল যদিও তদন্তৰ সবিশেষ বা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে প্ৰকাশ কৰা নাই।

যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ কিছু সময়ৰ পাছতে ৰাছিয়াত মেটাৰ মূল ছ’চিয়েল প্লেটফৰ্ম - ফেচবুক আৰু ইনষ্টাগ্ৰাম দুয়োটা নিষিদ্ধ কৰা হৈছিল।ৰয়টাৰৰ মতে, ২০২২ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ এখন তদন্ত সমিতিয়ে কৈছিল যে তেওঁলোকে “মেটাৰ কৰ্মচাৰীৰ অবৈধ কাৰ্য”ৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছেৱ আৰু এণ্ডি ষ্টোনৰ কথা উল্লেখ কৰিছিল। কমিটীয়ে তেওঁক উগ্ৰপন্থী কাৰ্যকলাপৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল, কাৰণ তেওঁ “ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে নিজৰ মঞ্চত হিংসাৰ আহ্বানৰ ওপৰত নিষেধাজ্ঞা উঠাই লৈছিল”।

ইউক্ৰেইনত ৰাছিয়াৰ “বিশেষ সামৰিক অভিযান”ৰ বিষয়ে ভুৱা তথ্য মচি পেলোৱাৰ বাবে আলফাবেটৰ গুগলক ৪০ লাখ ৰুবল (৪৪,৫৮২ মাৰ্কিন ডলাৰ) জৰিমনা বিহাৰ তিনিদিন পাছতে এণ্ডি ষ্টোনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক