--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মেটা কৰ্মচাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাছিয়ান চৰকাৰ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উদ্ধৃতি দি দেওবাৰে ৰয়টাৰ সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ৰাছিয়াই মেটা প্লেটফৰ্মছৰ মুখপাত্ৰ এণ্ডি ষ্ট’নক নিৰ্দিষ্ট অভিযোগত ৱাণ্টেড তালিকাত স্থান দিছে৷ৰাছিয়াৰ স্বৰাজ মন্ত্ৰালয়েও ষ্টোনৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছিল যদিও তদন্তৰ সবিশেষ বা তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিষয়ে প্ৰকাশ কৰা নাই।

যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত মস্কোৱে ইউক্ৰেইন আক্ৰমণ কৰাৰ কিছু সময়ৰ পাছতে ৰাছিয়াত মেটাৰ মূল ছ’চিয়েল প্লেটফৰ্ম - ফেচবুক আৰু ইনষ্টাগ্ৰাম দুয়োটা নিষিদ্ধ কৰা হৈছিল।ৰয়টাৰৰ মতে, ২০২২ চনৰ মাৰ্চ মাহত ৰাছিয়াৰ এখন তদন্ত সমিতিয়ে কৈছিল যে তেওঁলোকে “মেটাৰ কৰ্মচাৰীৰ অবৈধ কাৰ্য”ৰ বিৰুদ্ধে অপৰাধমূলক তদন্ত আৰম্ভ কৰিছেৱ আৰু এণ্ডি ষ্টোনৰ কথা উল্লেখ কৰিছিল। কমিটীয়ে তেওঁক উগ্ৰপন্থী কাৰ্যকলাপৰ উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল, কাৰণ তেওঁ “ৰাছিয়াৰ সেনাবাহিনীৰ বিৰুদ্ধে নিজৰ মঞ্চত হিংসাৰ আহ্বানৰ ওপৰত নিষেধাজ্ঞা উঠাই লৈছিল”।

ইউক্ৰেইনত ৰাছিয়াৰ “বিশেষ সামৰিক অভিযান”ৰ বিষয়ে ভুৱা তথ্য মচি পেলোৱাৰ বাবে আলফাবেটৰ গুগলক ৪০ লাখ ৰুবল (৪৪,৫৮২ মাৰ্কিন ডলাৰ) জৰিমনা বিহাৰ তিনিদিন পাছতে এণ্ডি ষ্টোনৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ