--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • দীপক দর্জী হিচাপে জনাজাত দীপক দাস হ'ল মাকুম ট্রেফিক পইণ্টৰ সমীপৰ ফুটপাথৰ এজন দৰ্জী। ফটা কাপোৰ যোৰা লগাই অথবা টাপলি মাৰি লাভ কৰা নগণ্য ধনেৰে পৰিয়াল পোহপাল দি আহিছে দীপকে।

ডিজিটেল ডেস্ক: নিজৰ কৰ্মৰ প্ৰতি যদি শ্রদ্ধা থাকে, একাগ্ৰতাৰে যদি কৰ্মত মনোনিৱেশ কৰে, তেন্তে আর্থিক দৈন্যতাই যে কর্মস্পৃহা ম্লান পেলাব নোৱাৰে, তাৰেই এক উদাহৰণ তিনিচুকীয়া জিলাৰ মাকুমৰ এগৰাকী দৰ্জী, নাম দীপক দাস। 


দীপক দর্জী হিচাপে জনাজাত দীপক দাস হ'ল মাকুম ট্রেফিক পইণ্টৰ সমীপৰ ফুটপাথৰ এজন দৰ্জী। ফটা কাপোৰ যোৰা লগাই অথবা টাপলি মাৰি লাভ কৰা নগণ্য ধনেৰে পৰিয়াল পোহপাল দি আহিছে দীপকে। মাকুম ট্রেফিক পইন্ট হৈছে তিনিচুকীয়া জিলাৰ এটা অতি ব্যস্ত ট্রেফিক পইন্ট। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উক্ত ট্রেফিক পইন্টতে এটা পথ ফাটি গৈছে ডিগবৈ অভিমুখে। তাতে আকৌ ৰে'ল গে'ট। গতিকে এই ঠাইডোখৰ কিমান ব্যস্ত হ'ব পাৰে সেয়া সহজে অনুমেয়। অৱশ্যে মাকুম আৰক্ষীৰ দুজন বা এজন আৰক্ষীৰ লোকে উক্ত ঠাইত প্রতিদিনে কর্তব্য পালন কৰি আহিছে। তথাপি প্রতিদিনে ভয়ংকৰ যান-জঁটৰ সমস্যাই দেখা দিয়া এই ঠাইডোখৰত বিগত পঁচিশ বছৰে ট্রেফিক আৰক্ষীৰ ভূমিকা লৈ মাকুম আৰক্ষীক সহায় কৰি আহিছে এইজন দীপক দাসে। 


ফুটপাথত কাপোৰ চিলাই কৰি থকাৰ সময়তে যাত্ৰীৰ অসুবিধা, কৰ্তব্যৰত ট্রেফিক আৰক্ষীজন বিবুধিত পৰা দৃশ্যই দীপকৰ মন মগজুত ক্রিয়া কৰাত স্বতঃস্ফূর্তভাৱে আগবাঢ়ি গৈছিল যান-জট নিয়ন্ত্ৰণৰ বাবে। অৱশ্যে খাকী অথবা শুভ্র পোছাকত নথকাৰ বাবে কোনো কোনো পথচাৰীয়ে তেওঁৰ নিৰ্দেশক প্রথম অৱস্থাত অৱমাননা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। পাছলৈ তেওঁৰেই অনুৰোধত স্থানীয় আৰক্ষীয়ে গৃহৰক্ষী বাহিনীৰ এযোৰ পোছাক প্ৰদান কৰাত উক্ত পোছাককে পৰিধান কৰি বর্তমান পর্যন্ত নিজৰ কাপোৰ চিলাই কৰা কৰ্মৰ উপৰি যান-জট নিয়ন্ত্ৰণ কৰাতো তেওঁৰ দায়িত্ব হিচাপে পালন কৰি আহিছে। আনহে নালাগে, কিছুদিন পূর্বে অসমৰ মুখ্যমন্ত্ৰীগৰাকী এক চৰকাৰী আঁচনি উদ্বোধনৰ বাবে ডুমডুমালৈ অহা সময়ছোৱাতো মাকুমত পথৰ যান-জঁট আঁতৰ কৰাত ব্যস্ত আছিল এইজন দীপক দাস। 


এফালে আর্থিক দৈন্যতা, তেওঁৰ ঘৰত পত্নীসহ এহাল মেধাবী সন্তান, উপাৰ্জনৰ পথ বুলিবলৈ হাতত মাত্র চিলাই মেচিনটো। তাৰ পাছতো নিজ কৰ্মৰ মাজতে আপোনাৰ মোৰ দৰে ব্যক্তিক যান-জঁটৰ পৰা পৰিত্ৰাণ দিছে। তথাপি স্বাভিমানী দীপকে কোনোদিনে দাবী কৰা নাই চৰকাৰী সাহায্য। কেতিয়াবা কোনো হৃদয়বান আৰক্ষী বিষয়াই যদি কিঞ্চিৎ সহায় কৰিছে তাতেই সন্তুষ্ট দীপক। বয়সেও প্রায় ৫৮ গৰকিছে। গাঁওৰক্ষী বাহিনী, বিভিন্ন সামাজিক অনুষ্ঠান অথবা তিনিচুকীয়া আৰক্ষীয়েও দীপকৰ এই কৰ্মৰ শলাগ লৈ সম্বর্ধনা জ্ঞাপন কৰি আহিছে। 


জানিব পৰা মতে দীপকৰ দেউতাক আছিল এগৰাকী ৰে'ল বিভাগৰ কৰ্মচাৰী। শাৰীৰিক অসুস্থতাৰ বাবে ৰে'ল বিভাগৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি মাকুমলৈ আহি স্থায়ীভাৱে থাকিবলৈ লয়। মুঠ ৮টা সন্তানৰ ভিতৰত ষষ্ঠ সন্তান দীপকে সেই সময়ত তৃতীয় শ্ৰেণীত অধ্যয়নৰত আছিল। পৰৱৰ্তী সময়ত তেওঁ দর্জী কামকে পেছা হিচাপে লৈ বর্তমানেও সেই কর্মকে কৰি আছে। 


মাকুমৰ তৰুণ নগৰৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা দীপক দাসে কয়, 'এইবোৰ কৰ্মৰ বাবে তেওঁক স্বীকৃতি নালাগে, ৰাইজৰ বাবে কিবা এটা কৰাৰ তেওঁৰ আছে দুৰ্বাৰ হেঁপাহ। সেয়েহে তেওঁ অঞ্চলটোৰ বহু সামাজিক অনুষ্ঠান-প্রতিষ্ঠানৰ সৈতেও ওতঃপ্রোতভাবে জড়িত। এগৰাকী জনপ্রতিনিধি অথবা বেতনভোগী কৰ্মচাৰীতকৈ বেছি সেৱা কৰাৰ মানসিকতাৰে পৰিপুষ্ট এইজন দীপক দাসক ৰজাঘৰীয়াই কি স্বীকৃতি প্ৰদান কৰে সেয়াহে হ'ব লক্ষণীয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement