--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইমেইলটোত অট্টালিকা কেইটা উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। এতিয়ালৈকে চলোৱা তালাচীত কোনো ধৰণৰ বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত আজি পুৱাই এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। চহৰখনৰ চাৰিখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু এটা বেংকৰ শাখালৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিভৰা ইমেইল প্ৰেৰণ কৰা হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।


আজি পুৱা প্ৰায় ৮:২০ বজাত দিল্লী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলৈ প্ৰথমটো ফোন আহে। জানিব পৰা মতে, দিল্লী কেণ্টনমেণ্টস্থিত আৰ্মী পাব্লিক স্কুললৈ ইমেইলযোগে এই ভাবুকি প্ৰেৰণ কৰা হৈছিল। ইয়াৰ ঠিক পাছতেই আন কেইবাখনো শিক্ষানুষ্ঠানৰ পৰাও অনুৰূপ ফোন আহিবলৈ ধৰে।


লক্ষ্য কৰি লোৱা প্ৰতিষ্ঠানসমূহ:


আৰ্মী পাব্লিক স্কুল, দিল্লী কেণ্ট (পুৱা ৮:২০ বজাত)


সলৱান পাব্লিক স্কুল, ময়ূৰ বিহাৰ (পুৱা ৮:৩৬ বজাত)


মীৰা পাব্লিক স্কুল, জনকপুৰী (পুৱা ৮:৪৫ বজাত)


এক্সিচ বেংক, বৰাখাম্বা ৰোড (পুৱা ৯:৪৮ বজাত)


ৰাবিয়া গাৰ্লছ পাব্লিক স্কুল, লাল কুৱা (পুৱা ৯:৫৮ বজাত)



ভাবুকি পোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। স্কুলসমূহৰ পৰা শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষীৰ বিশেষ দল, বোমা নিষ্ক্ৰিয়কৰণ বাহিনী,ডগ স্কোয়াড, অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ।


সূত্ৰৰ খবৰ অনুসৰি, ইমেইলটোত অট্টালিকা কেইটা উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। এতিয়ালৈকে চলোৱা তালাচীত কোনো ধৰণৰ বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ এটা দলে এই ইমেইলসমূহৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।


উল্লেখ্য যে, যোৱা মাহতো দিল্লীৰ কেইবাখনো স্কুললৈ একেধৰণৰ ভাবুকিভৰা ইমেইল আহিছিল, যিবোৰ পিছলৈ 'ভুৱা' বুলি প্ৰমাণিত হৈছিল। আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জনাইছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু