--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ইমেইলটোত অট্টালিকা কেইটা উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। এতিয়ালৈকে চলোৱা তালাচীত কোনো ধৰণৰ বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই।

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী চহৰ দিল্লীত আজি পুৱাই এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। চহৰখনৰ চাৰিখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় আৰু এটা বেংকৰ শাখালৈ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিভৰা ইমেইল প্ৰেৰণ কৰা হয়। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ দিল্লী আৰক্ষী আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত হুৱাদুৱা লাগে।


আজি পুৱা প্ৰায় ৮:২০ বজাত দিল্লী আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীলৈ প্ৰথমটো ফোন আহে। জানিব পৰা মতে, দিল্লী কেণ্টনমেণ্টস্থিত আৰ্মী পাব্লিক স্কুললৈ ইমেইলযোগে এই ভাবুকি প্ৰেৰণ কৰা হৈছিল। ইয়াৰ ঠিক পাছতেই আন কেইবাখনো শিক্ষানুষ্ঠানৰ পৰাও অনুৰূপ ফোন আহিবলৈ ধৰে।


লক্ষ্য কৰি লোৱা প্ৰতিষ্ঠানসমূহ:


আৰ্মী পাব্লিক স্কুল, দিল্লী কেণ্ট (পুৱা ৮:২০ বজাত)


সলৱান পাব্লিক স্কুল, ময়ূৰ বিহাৰ (পুৱা ৮:৩৬ বজাত)


মীৰা পাব্লিক স্কুল, জনকপুৰী (পুৱা ৮:৪৫ বজাত)


এক্সিচ বেংক, বৰাখাম্বা ৰোড (পুৱা ৯:৪৮ বজাত)


ৰাবিয়া গাৰ্লছ পাব্লিক স্কুল, লাল কুৱা (পুৱা ৯:৫৮ বজাত)



ভাবুকি পোৱাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে ক্ষিপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে। স্কুলসমূহৰ পৰা শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয়। ঘটনাস্থলীত উপস্থিত হয় দিল্লী আৰক্ষীৰ বিশেষ দল, বোমা নিষ্ক্ৰিয়কৰণ বাহিনী,ডগ স্কোয়াড, অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী ।


সূত্ৰৰ খবৰ অনুসৰি, ইমেইলটোত অট্টালিকা কেইটা উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। এতিয়ালৈকে চলোৱা তালাচীত কোনো ধৰণৰ বিস্ফোৰক বা সন্দেহজনক সামগ্ৰী উদ্ধাৰ হোৱা নাই। দিল্লী আৰক্ষীৰ চাইবাৰ চেলৰ এটা দলে এই ইমেইলসমূহৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে।


উল্লেখ্য যে, যোৱা মাহতো দিল্লীৰ কেইবাখনো স্কুললৈ একেধৰণৰ ভাবুকিভৰা ইমেইল আহিছিল, যিবোৰ পিছলৈ 'ভুৱা' বুলি প্ৰমাণিত হৈছিল। আৰক্ষীয়ে বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত থকা বুলি জনাইছে আৰু ৰাইজক আতংকিত নহ’বলৈ আহ্বান জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ