--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এখন ফটোৱে বিশেষভাবে সকলোৰে দৃষ্টি আকষর্ণ কৰিছে। এইফটোখনত প্রধানমন্ত্ৰীৰ ঠিক পাছতে এগৰাকী আত্মবিশ্বাসী মহিলাক থিয় হৈ থকা দেখা পোৱা গৈছে।

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ব্রিটেইন ভ্ৰমণৰ সময়ৰ একাংশ ফটো সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।


ইয়াৰ ভিতৰত এখন ফটোৱে বিশেষভাবে সকলোৰে দৃষ্টি আকষর্ণ কৰিছে। এইফটোখনত প্রধানমন্ত্ৰীৰ ঠিক পাছতে এগৰাকী আত্মবিশ্বাসী মহিলাক থিয় হৈ থকা দেখা পোৱা গৈছে।


যি ক'লা ছ্যুট আৰু এয়াৰপিচৰ সৈতে গাম্ভীর্যতাৰে সমগ্ৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিছে। এই মহিলাগৰাকী হ'ল প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এছ পি জিৰ এগৰাকী বিষয়া। উল্লেখযোগ্য যে প্রথমবাৰৰৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত এগৰাকী মহিলাক দেখা পোৱা গৈছে।


অদাছো কপেছা নামৰ এই মহিলা নিৰাপত্তা বিষয়াগৰাকী মণিপুৰৰ। অদাছো মূলতঃ সশস্ত্র সীমা সুৰক্ষা বলৰ (এছ এছ বি) পৰিদৰ্শক (সাধাৰণ ডিউটি) পৰ্যায়ৰ এগৰাকী বিষয়া। তেওঁ বর্তমান ডেপুটেশ্যনত এছ পি জিত নিযুক্ত হৈ আছে। তেওঁ এছ এছ বিৰ পিথৌৰাগড়ত থকা ৫৫ বেটেলিয়নত নিযুক্ত হৈ আছিল। এছ পি জিত যোগ দিয়াৰ পাছত কপেছাক কমাণ্ডোৰ প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণৰ সময়ত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বলত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ টীমত অন্তর্ভুক্ত কৰা হয়।


অদাছো কপেছা মণিপুৰৰ সেনাপতি জিলাৰ কেবী গাঁও নিৱাসী। উল্লেখযোগ্য যে এখন সাধাৰণ গাঁৱৰ পৰা গৈ অদোছাই প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। পৰিদৰ্শক অদাছোৰ পৈত্রিক গাঁও কেবিত প্রাথমিক সা-সুবিধা একেবাৰেই সীমিত। তাৰ মাজৰ পৰাই নিজৰ দৃঢ় ইচ্ছাশক্তিৰ বলত তেওঁ এতিয়া দেশৰ শীর্ষস্থানীয় নিৰাপত্তা সংস্থাটোত গুৰুদায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে।


তেওঁ নিজৰ আত্মবিশ্বাস তথা দৃঢ়তাৰ বাবে সকলো প্রত্যাহ্বান পাৰ কৰি এছ এছ বিত পৰিদৰ্শকৰ পদ লাভকৰে। অৱশেষত দেশৰ আটাইতকৈ সন্মানীয় নিৰাপত্তা বাহিনী এছ পি জিত বিষয়াৰ পদ লাভ কৰাৰ নিজৰ সপোনক বাস্তৱ ৰূপ দিয়ে তেওঁৰ প্ৰতিভা, অনুশাসন আৰু সাহসৰ বলত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ