--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এখন ফটোৱে বিশেষভাবে সকলোৰে দৃষ্টি আকষর্ণ কৰিছে। এইফটোখনত প্রধানমন্ত্ৰীৰ ঠিক পাছতে এগৰাকী আত্মবিশ্বাসী মহিলাক থিয় হৈ থকা দেখা পোৱা গৈছে।

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শেহতীয়া ব্রিটেইন ভ্ৰমণৰ সময়ৰ একাংশ ফটো সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে।


ইয়াৰ ভিতৰত এখন ফটোৱে বিশেষভাবে সকলোৰে দৃষ্টি আকষর্ণ কৰিছে। এইফটোখনত প্রধানমন্ত্ৰীৰ ঠিক পাছতে এগৰাকী আত্মবিশ্বাসী মহিলাক থিয় হৈ থকা দেখা পোৱা গৈছে।


যি ক'লা ছ্যুট আৰু এয়াৰপিচৰ সৈতে গাম্ভীর্যতাৰে সমগ্ৰ পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখিছে। এই মহিলাগৰাকী হ'ল প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত এছ পি জিৰ এগৰাকী বিষয়া। উল্লেখযোগ্য যে প্রথমবাৰৰৰ বাবে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত এগৰাকী মহিলাক দেখা পোৱা গৈছে।


অদাছো কপেছা নামৰ এই মহিলা নিৰাপত্তা বিষয়াগৰাকী মণিপুৰৰ। অদাছো মূলতঃ সশস্ত্র সীমা সুৰক্ষা বলৰ (এছ এছ বি) পৰিদৰ্শক (সাধাৰণ ডিউটি) পৰ্যায়ৰ এগৰাকী বিষয়া। তেওঁ বর্তমান ডেপুটেশ্যনত এছ পি জিত নিযুক্ত হৈ আছে। তেওঁ এছ এছ বিৰ পিথৌৰাগড়ত থকা ৫৫ বেটেলিয়নত নিযুক্ত হৈ আছিল। এছ পি জিত যোগ দিয়াৰ পাছত কপেছাক কমাণ্ডোৰ প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণৰ সময়ত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বলত প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিশেষ টীমত অন্তর্ভুক্ত কৰা হয়।


অদাছো কপেছা মণিপুৰৰ সেনাপতি জিলাৰ কেবী গাঁও নিৱাসী। উল্লেখযোগ্য যে এখন সাধাৰণ গাঁৱৰ পৰা গৈ অদোছাই প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। পৰিদৰ্শক অদাছোৰ পৈত্রিক গাঁও কেবিত প্রাথমিক সা-সুবিধা একেবাৰেই সীমিত। তাৰ মাজৰ পৰাই নিজৰ দৃঢ় ইচ্ছাশক্তিৰ বলত তেওঁ এতিয়া দেশৰ শীর্ষস্থানীয় নিৰাপত্তা সংস্থাটোত গুৰুদায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে।


তেওঁ নিজৰ আত্মবিশ্বাস তথা দৃঢ়তাৰ বাবে সকলো প্রত্যাহ্বান পাৰ কৰি এছ এছ বিত পৰিদৰ্শকৰ পদ লাভকৰে। অৱশেষত দেশৰ আটাইতকৈ সন্মানীয় নিৰাপত্তা বাহিনী এছ পি জিত বিষয়াৰ পদ লাভ কৰাৰ নিজৰ সপোনক বাস্তৱ ৰূপ দিয়ে তেওঁৰ প্ৰতিভা, অনুশাসন আৰু সাহসৰ বলত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু