--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ত্রাসবাদী সংগঠন আল-কায়দাৰ নিহত মুৰব্বী ওছামা বিন লাডেনৰ পুঁজিপ্রাপ্ত আছিল এই বাংলাদেশৰ গ্ৰামীণ বেংকটো।

ডিজিটেল ডেস্ক : বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু তেওঁ প্রতিষ্ঠা কৰা গ্রামীণ বেংকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। বাংলাদেশৰ এটা সংবাদ মাধ্যমে মার্কিন সংবাদ মাধ্যম বাল ষ্ট্ৰীট জার্নেলত প্রকাশিত এটা প্রতিবেদনৰ ভিত্তিত অভিযোগ আনিছে যে মহম্মদ ইউনুছে প্রতিষ্ঠা কৰা বাংলাদেশৰ গ্রামীণ বেংকৰ সৈতে আল-কায়দাৰ বিত্তীয় সম্পর্ক আছিল।


সন্ত্রাসবাদী সংগঠন আল-কায়দাৰ নিহত মুৰব্বী ওছামা বিন লাডেনৰ পুঁজিপ্রাপ্ত আছিল এই বাংলাদেশৰ গ্ৰামীণ বেংকটো। উল্লেখযোগ্য যে মহম্মদ ইউনুছৰ গ্রামীণ বেংকৰ নেটৱৰ্কৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিছিল আৰু বাংলাদেশৰ অর্থনৈতিক সংস্কাৰ সাধন কৰাৰ বাবে ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ নোবেল শান্তি বঁটাও লাভ কৰিছিল। 


এই গ্রামীণ বেংকৰ বাবেই এতিয়া মহম্মদ ইউনুছৰ বিৰুদ্ধে সন্ত্রাসবাদীৰ পুঁজি লোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। বাংলাদেশী মিডিয়া প্রতিষ্ঠানটোত এটা অনুসন্ধানমূলক প্রতিবেদনত কোৱা হৈছে যে মহম্মদ ইউনুছৰ গ্রামীণ বেংকৰ নেটৱৰ্কত সেইসকল লোকে বিনিয়োগ কৰিছিল যিসকলে ওছামা বিন লাডেন আৰু আল-কায়দাৰ নেটৱৰ্কতো বিত্তীয় সাহায্য দিছিল। প্রতিবেদনখনত দাবী কৰা হৈছে যে পশ্চিমীয়া দেশসমূহৰ অনুসন্ধান সংস্থাবোৰে এই তথ্য দিছে। প্রতিবেদনখনত এইটোও কোৱা হৈছে যে আমেৰিকাৰ চি আই এৰ এখন প্রতিবেদন ইতিমধ্যে বাল ষ্ট্ৰীট জার্নেলত প্রকাশ পাইছে। ২০২৩ চনৰ মাৰ্চত বাল ষ্ট্ৰীট জার্নেলে চি আই এৰ এখন প্রতিবেদনৰ আধাৰত এটা স্তন্তলেখাত প্রকাশ কৰিছিল যে মহম্মদ আল-কায়দাৰ পৰা পুঁজি পাইছিল। এই প্রতিবেদনত ছৌডি আৰবৰ ব্যৱসায়ী মহম্মদ আব্দুল লতিফ জমিলৰ নামো আছে। জমিলে ৯/১১ৰ মাষ্টাৰমাইও বিন লাডেনৰ আল-কায়দাক বিত্তীয় সাহায্য দি আছিল। 


উল্লেখযোগ্য যে আব্দুল লতিফ হৈছে মহম্মদ ইউনুছৰ গ্রামীণ মাইক্ৰ'ফাইনেন্স সংগঠনৰ ব'ৰ্ড সদস্য। জমিলে ইউনুছৰ সৈতে লগ লাগি গ্রামীণ জমিল মাইক্র'ফাইনেন্স নাম দি এটা বিত্তীয় প্রতিষ্ঠান বাংলাদেশত খুলিছিল। এই বিত্তীয় সংগঠনটোৰ ব্যৱসায় তুৰস্কতো আছে আৰু ইয়াৰ মুখ্য কার্যালয় ডুবাইত। এই জমিলেই ইউনুছৰ সৈতে লগ লাগি বাংলাদেশত মাইক্র' ফাইনেন্সৰ আন্দোলন চলাইছিল। এই তথ্য পোহৰলৈ অহাৰ লগে লগে এইটো প্রতিপন্ন হ'ল যে বাংলাদেশৰ অন্তৰ্বর্তী চৰকাৰৰ মুৰব্বী ইউনুছৰ ইছলামিক সন্ত্রাসবাদীৰ সৈতে সম্পর্ক আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ