--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ত্রাসবাদী সংগঠন আল-কায়দাৰ নিহত মুৰব্বী ওছামা বিন লাডেনৰ পুঁজিপ্রাপ্ত আছিল এই বাংলাদেশৰ গ্ৰামীণ বেংকটো।

ডিজিটেল ডেস্ক : বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছ আৰু তেওঁ প্রতিষ্ঠা কৰা গ্রামীণ বেংকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। বাংলাদেশৰ এটা সংবাদ মাধ্যমে মার্কিন সংবাদ মাধ্যম বাল ষ্ট্ৰীট জার্নেলত প্রকাশিত এটা প্রতিবেদনৰ ভিত্তিত অভিযোগ আনিছে যে মহম্মদ ইউনুছে প্রতিষ্ঠা কৰা বাংলাদেশৰ গ্রামীণ বেংকৰ সৈতে আল-কায়দাৰ বিত্তীয় সম্পর্ক আছিল।


সন্ত্রাসবাদী সংগঠন আল-কায়দাৰ নিহত মুৰব্বী ওছামা বিন লাডেনৰ পুঁজিপ্রাপ্ত আছিল এই বাংলাদেশৰ গ্ৰামীণ বেংকটো। উল্লেখযোগ্য যে মহম্মদ ইউনুছৰ গ্রামীণ বেংকৰ নেটৱৰ্কৰ জৰিয়তে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্তৰত খ্যাতি লাভ কৰিছিল আৰু বাংলাদেশৰ অর্থনৈতিক সংস্কাৰ সাধন কৰাৰ বাবে ২০০৬ চনত আন্তঃৰাষ্ট্ৰীয় স্তৰৰ নোবেল শান্তি বঁটাও লাভ কৰিছিল। 


এই গ্রামীণ বেংকৰ বাবেই এতিয়া মহম্মদ ইউনুছৰ বিৰুদ্ধে সন্ত্রাসবাদীৰ পুঁজি লোৱা বুলি বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। বাংলাদেশী মিডিয়া প্রতিষ্ঠানটোত এটা অনুসন্ধানমূলক প্রতিবেদনত কোৱা হৈছে যে মহম্মদ ইউনুছৰ গ্রামীণ বেংকৰ নেটৱৰ্কত সেইসকল লোকে বিনিয়োগ কৰিছিল যিসকলে ওছামা বিন লাডেন আৰু আল-কায়দাৰ নেটৱৰ্কতো বিত্তীয় সাহায্য দিছিল। প্রতিবেদনখনত দাবী কৰা হৈছে যে পশ্চিমীয়া দেশসমূহৰ অনুসন্ধান সংস্থাবোৰে এই তথ্য দিছে। প্রতিবেদনখনত এইটোও কোৱা হৈছে যে আমেৰিকাৰ চি আই এৰ এখন প্রতিবেদন ইতিমধ্যে বাল ষ্ট্ৰীট জার্নেলত প্রকাশ পাইছে। ২০২৩ চনৰ মাৰ্চত বাল ষ্ট্ৰীট জার্নেলে চি আই এৰ এখন প্রতিবেদনৰ আধাৰত এটা স্তন্তলেখাত প্রকাশ কৰিছিল যে মহম্মদ আল-কায়দাৰ পৰা পুঁজি পাইছিল। এই প্রতিবেদনত ছৌডি আৰবৰ ব্যৱসায়ী মহম্মদ আব্দুল লতিফ জমিলৰ নামো আছে। জমিলে ৯/১১ৰ মাষ্টাৰমাইও বিন লাডেনৰ আল-কায়দাক বিত্তীয় সাহায্য দি আছিল। 


উল্লেখযোগ্য যে আব্দুল লতিফ হৈছে মহম্মদ ইউনুছৰ গ্রামীণ মাইক্ৰ'ফাইনেন্স সংগঠনৰ ব'ৰ্ড সদস্য। জমিলে ইউনুছৰ সৈতে লগ লাগি গ্রামীণ জমিল মাইক্র'ফাইনেন্স নাম দি এটা বিত্তীয় প্রতিষ্ঠান বাংলাদেশত খুলিছিল। এই বিত্তীয় সংগঠনটোৰ ব্যৱসায় তুৰস্কতো আছে আৰু ইয়াৰ মুখ্য কার্যালয় ডুবাইত। এই জমিলেই ইউনুছৰ সৈতে লগ লাগি বাংলাদেশত মাইক্র' ফাইনেন্সৰ আন্দোলন চলাইছিল। এই তথ্য পোহৰলৈ অহাৰ লগে লগে এইটো প্রতিপন্ন হ'ল যে বাংলাদেশৰ অন্তৰ্বর্তী চৰকাৰৰ মুৰব্বী ইউনুছৰ ইছলামিক সন্ত্রাসবাদীৰ সৈতে সম্পর্ক আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু