--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • দেশখনৰ দক্ষিণ থাইলেণ্ডত ১২ লাখ পৰিয়ালৰ ৩৬ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। বানত নিহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ডিজিটেল ডেস্ক : থাইলেণ্ড আৰু শ্রীলংকাত প্রকৃতিয়ে চলোৱা তাণ্ডৱত এতিয়ালৈকে দুই শতাধিক লোকৰ প্ৰাণহানি ঘটে। থাইলেণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা জলপ্রলয়ত ১৪৫জন লোকৰ মৃত্যু হয়।



দেশখনৰ দক্ষিণ থাইলেণ্ডত ১২ লাখ পৰিয়ালৰ ৩৬ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। বানত নিহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 


দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে পানী ক্রমাৎ শুকাবলৈ লোৱাৰ লগে লগে প্রলয়ংকৰী বানৰ তাণ্ডৱৰ প্ৰকৃত ছবিখন ক্ৰমাৎ পোহৰলৈ আহিবলৈ ধৰিছে। চৰকাৰী মুখপাত্র ছিৰিপং অংককাছাকুল্কিয়াতে এখন সংবাদ মেলত প্ৰকাশ কৰা মতে বানত দেশখনৰ আঠখন প্রদেশ আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে। এই প্রদেশকেইখনত ১৪৫জন লোকৰ মৃত্যু হৈছে।


আটাইতকৈ বেছি প্রভাৱিত হোৱা ছোংখলা প্রদেশত সর্বাধিক ১০০জন লোক নিহত হয়। তেওঁৰ মতে পানী শুকাবলৈ লোৱাত উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰ কৰি তোলা হৈছে। প্রদেশখনত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দক্ষিণ থাইলেণ্ডৰ সৰ্ববৃহৎ মহানগৰ হাট য়াইত সর্বাধিক সংখ্যক লোক নিহত হয়। এই নগৰখনৰ অধিকাংশ ঠাই পানীত বুৰ যায়। কেইবা ঠাইত ভূমিস্খলন হোৱাৰ বাতৰিও পোৱা গৈছে। বিষয়াজনে প্রকাশ কৰা মতে দক্ষিণ থাইলেণ্ডত বৰষুণ কমিছে যদিও বতৰ বিজ্ঞান বিভাগে পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সতর্কবাণী শুনাইছে।


বান আৰু বৰষুণত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰে। বাট-পথবোৰ পানীত বুৰ যোৱা বুলিও কোৱা হৈছে। ইফালে কলম্বোৰ পৰা পোৱা বাতৰি মতে ঘূর্ণীবতাহ দিত্বাই শ্রীলংকাত তাণ্ডৱৰ সৃষ্টি কৰে। ইয়াৰ ফলত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানত ৫৬ লাখ লোক নিহত হোৱাৰ লগতে আন ২১জন লোক সন্ধানহীন হৈ আছে। দিত্বাই দেশখনৰ কেইবাখনো জিলাৰ ৪৪ হাজাৰতকৈ অধিক লোকক প্ৰভাৱিত কৰে। 


দিত্বাই ভাৰততো তাণ্ডৱৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। দিত্বাই দক্ষিণ বংগোপসাগৰৰ পৰা ৩০ নৱেম্বৰত উত্তৰ তামিলনাডু, পুডুচেৰী আৰু দক্ষিণ অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলবোৰৰ ওপৰেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দিত্বা ৩০ নৱেম্বৰৰ পুৱাৰ ভাগত তামিলনাডু, পুডুচেৰী আৰু দক্ষিণ অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলৰ বংগোপসাগৰত উপস্থিত হ'ব। বতৰ বিজ্ঞান বিভাগে কমেও পাঁচখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতর্কবাণী শুনাইছে। তামিলনাডু আৰু পুডুচেৰীত আজি নিশাৰ পৰা কাইলৈলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কিছুমান স্থানত ২০ চেন্টি মিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰি উপকূলীয় অঞ্চলবোৰত ঘণ্টাত ৬-১০০ কিল'মিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ