--°C
Loading...
Listen to Article
6 min read
80%

In Short

  • দেশখনৰ দক্ষিণ থাইলেণ্ডত ১২ লাখ পৰিয়ালৰ ৩৬ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। বানত নিহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ডিজিটেল ডেস্ক : থাইলেণ্ড আৰু শ্রীলংকাত প্রকৃতিয়ে চলোৱা তাণ্ডৱত এতিয়ালৈকে দুই শতাধিক লোকৰ প্ৰাণহানি ঘটে। থাইলেণ্ডত ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা জলপ্রলয়ত ১৪৫জন লোকৰ মৃত্যু হয়।



দেশখনৰ দক্ষিণ থাইলেণ্ডত ১২ লাখ পৰিয়ালৰ ৩৬ লাখতকৈ অধিক লোক বানৰ কবলত পৰিছে। বানত নিহত হোৱা লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। 


দেশখনৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়াসকলে প্ৰকাশ কৰা মতে পানী ক্রমাৎ শুকাবলৈ লোৱাৰ লগে লগে প্রলয়ংকৰী বানৰ তাণ্ডৱৰ প্ৰকৃত ছবিখন ক্ৰমাৎ পোহৰলৈ আহিবলৈ ধৰিছে। চৰকাৰী মুখপাত্র ছিৰিপং অংককাছাকুল্কিয়াতে এখন সংবাদ মেলত প্ৰকাশ কৰা মতে বানত দেশখনৰ আঠখন প্রদেশ আটাইতকৈ বেছি ক্ষতিগ্রস্ত হৈছে। এই প্রদেশকেইখনত ১৪৫জন লোকৰ মৃত্যু হৈছে।


আটাইতকৈ বেছি প্রভাৱিত হোৱা ছোংখলা প্রদেশত সর্বাধিক ১০০জন লোক নিহত হয়। তেওঁৰ মতে পানী শুকাবলৈ লোৱাত উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰ কৰি তোলা হৈছে। প্রদেশখনত মৃতকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। দক্ষিণ থাইলেণ্ডৰ সৰ্ববৃহৎ মহানগৰ হাট য়াইত সর্বাধিক সংখ্যক লোক নিহত হয়। এই নগৰখনৰ অধিকাংশ ঠাই পানীত বুৰ যায়। কেইবা ঠাইত ভূমিস্খলন হোৱাৰ বাতৰিও পোৱা গৈছে। বিষয়াজনে প্রকাশ কৰা মতে দক্ষিণ থাইলেণ্ডত বৰষুণ কমিছে যদিও বতৰ বিজ্ঞান বিভাগে পুনৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সতর্কবাণী শুনাইছে।


বান আৰু বৰষুণত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰে। বাট-পথবোৰ পানীত বুৰ যোৱা বুলিও কোৱা হৈছে। ইফালে কলম্বোৰ পৰা পোৱা বাতৰি মতে ঘূর্ণীবতাহ দিত্বাই শ্রীলংকাত তাণ্ডৱৰ সৃষ্টি কৰে। ইয়াৰ ফলত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানত ৫৬ লাখ লোক নিহত হোৱাৰ লগতে আন ২১জন লোক সন্ধানহীন হৈ আছে। দিত্বাই দেশখনৰ কেইবাখনো জিলাৰ ৪৪ হাজাৰতকৈ অধিক লোকক প্ৰভাৱিত কৰে। 


দিত্বাই ভাৰততো তাণ্ডৱৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে। দিত্বাই দক্ষিণ বংগোপসাগৰৰ পৰা ৩০ নৱেম্বৰত উত্তৰ তামিলনাডু, পুডুচেৰী আৰু দক্ষিণ অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলবোৰৰ ওপৰেৰে পাৰ হোৱাৰ সম্ভাৱনা আছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জনোৱা মতে, দিত্বা ৩০ নৱেম্বৰৰ পুৱাৰ ভাগত তামিলনাডু, পুডুচেৰী আৰু দক্ষিণ অন্ধ্র প্রদেশৰ উপকূলীয় অঞ্চলৰ বংগোপসাগৰত উপস্থিত হ'ব। বতৰ বিজ্ঞান বিভাগে কমেও পাঁচখন ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতর্কবাণী শুনাইছে। তামিলনাডু আৰু পুডুচেৰীত আজি নিশাৰ পৰা কাইলৈলৈকে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। কিছুমান স্থানত ২০ চেন্টি মিটাৰ পৰ্যন্ত বৰষুণ হ'ব পাৰে। ইয়াৰ উপৰি উপকূলীয় অঞ্চলবোৰত ঘণ্টাত ৬-১০০ কিল'মিটাৰ বেগত বতাহ বলাৰ সম্ভাৱনা আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু