--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ভাৰততো ইয়াৰ ব্যতিক্রম হোৱা নাই। ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, পঞ্জাবৰ লগতে বিভিন্ন ৰাজ্যত ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে।

ডিজিটেল ডেস্ক: ইজৰাইলৰ আক্ৰমণত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত সমগ্ৰ বিশ্বৰ ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্রতিবাদ সাব্যস্ত কৰিছে।


ভাৰততো ইয়াৰ ব্যতিক্রম হোৱা নাই। ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, পঞ্জাবৰ লগতে বিভিন্ন ৰাজ্যত ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। 


দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈকে খামেনেইৰ হত্যাক বেআইনী আৰু অনৈতিক কার্য বুলি প্রতিবাদকাৰীয়ে বিৰোধ প্রদর্শন কৰে। খামেনেইৰ হত্যাৰ বিৰুদ্ধে আটাইতকৈ বেছি প্রতিবাদ হৈছে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি বাৰাবংকী, মুজফৰনগৰ, সহাৰনপুৰ, অমৰৌহা, জৌনপুৰ আদি চহৰত ছিয়া সম্প্ৰদায়ৰ লোকসকলে ৰাজপথলৈ ওলাই আহি আমেৰিকা-ইজাৰইল বিৰোধী ধ্বনি দিয়ে। ছিয়া মুছলমান সম্প্ৰদায়ৰ নেতা মৌলানা কল্বে জব্বাদে তিনি দিন শোক পালন ঘোষণা কৰে। লক্ষ্ণৌৰ ছৌক এলেকাত একেৰাহে দ্বিতীয় দিনৰ বাবে আমেৰিকা-ইজৰাইল বিৰোধী প্রতিবাদ অব্যাহত আছে। 


উল্লেখযোগ্য যে ভাৰতত ছিয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাধিক লোক উত্তৰ প্ৰদেশত আছে। উত্তৰ প্ৰদেশত প্রায় এক কোটি ছিয়া মুছলমান সম্প্ৰদায়ৰ লোক আছে। দেশৰ ভিতৰতে সর্বাধিক ছিয়া মুছলমান লোক আছে লক্ষ্ণৌত। ছিয়া মুছলমানৰ ধৰ্মগুৰু খামেনেইক হত্যা কৰাৰ পাছত সেইবাবেই লক্ষ্ণৌকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত প্ৰতিবাদৰ ঢৌ উঠিছে। আনহাতে, খামেনেইক হত্যাৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত দ্বিতীয় দিনৰ বাবেও ব্যাপক প্রতিবাদ অব্যাহত আছে। 


সোমবাৰে আৰক্ষীয়ে ছিয়া মুলছমান প্রতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ কাশ্মীৰ উপত্যকাৰ বিভিন্ন ঠাইত কন্দুৱা গেছ প্রয়োগ কৰে। সমগ্র কাশ্মীৰ উপত্যকাতে প্রতি বাদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইণ্টৰনেট সেৱা কৰ্তন কৰাৰ লগতে প্রতিবন্ধকতাও আৰোপ কৰা হয়। শ্রীনগৰৰ লাল চক আৰু ছাইডা কাডালৰ লগতে বুডগাম, বান্দিপাৰা আৰু বিভিন্ন অঞ্চলত ব্যাপক প্রতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। ঠায়ে ঠায়ে আমেৰিকা-ইজৰাইল বিৰোধী ধ্বনি দিয়াৰ লগতে ট্রাম-নেটান্যাহুৰ বিৰুদ্ধে শ্ল'গানে দিয়ে প্রতিবাদকাৰীয়ে। লালচক প্ৰতিবাদৰ অভিকেন্দ্ৰ হৈ পৰাত সম্পূৰ্ণভাৱে ছীল কৰি দিয়া হয়। বিমান বন্দৰৰ পথৰ সমীপত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকক মোতায়েন কৰা হয়। 


আনহাতে, কাশ্মীৰ উপত্যকাৰ বিভিন্ন অংশত খামেনেইৰ হত্যাৰ প্ৰতিবাদত দোকান আৰু ব্যাবসায়িক প্রতিষ্ঠান বন্ধ ৰখা হয়। আনহাতে, কাশ্মীৰ উপত্যকাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰবাবে চোকা নজৰ ৰাখিছে মুখ্যমন্ত্রী ওমৰ আব্দুলাই আৰু এই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নির্দেশ দিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ