--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈকে খামেনেইৰ হত্যাক বেআইনী আৰু অনৈতিক কার্য বুলি প্রতিবাদকাৰীয়ে বিৰোধ প্রদর্শন কৰে। খামেনেইৰ হত্যাৰ বিৰুদ্ধে আটাইতকৈ বেছি প্রতিবাদ হৈছে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত।

ডিজিটেল ডেস্ক: ইজৰাইলৰ আক্ৰমণত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত সমগ্ৰ বিশ্বৰ ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্রতিবাদ সাব্যস্ত কৰিছে। ভাৰততো ইয়াৰ ব্যতিক্রম হোৱা নাই। ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, পঞ্জাবৰ লগতে বিভিন্ন ৰাজ্যত ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। 


দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈকে খামেনেইৰ হত্যাক বেআইনী আৰু অনৈতিক কার্য বুলি প্রতিবাদকাৰীয়ে বিৰোধ প্রদর্শন কৰে। খামেনেইৰ হত্যাৰ বিৰুদ্ধে আটাইতকৈ বেছি প্রতিবাদ হৈছে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি বাৰাবংকী, মুজফৰনগৰ, সহাৰনপুৰ, অমৰৌহা, জৌনপুৰ আদি চহৰত ছিয়া সম্প্ৰদায়ৰ লোকসকলে ৰাজপথলৈ ওলাই আহি আমেৰিকা-ইজাৰইল বিৰোধী ধ্বনি দিয়ে। ছিয়া মুছলমান সম্প্ৰদায়ৰ নেতা মৌলানা কল্বে জব্বাদে তিনি দিন শোক পালন ঘোষণা কৰে। লক্ষ্ণৌৰ ছৌক এলেকাত একেৰাহে দ্বিতীয় দিনৰ বাবে আমেৰিকা-ইজৰাইল বিৰোধী প্রতিবাদ অব্যাহত আছে। 


উল্লেখযোগ্য যে ভাৰতত ছিয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাধিক লোক উত্তৰ প্ৰদেশত আছে। উত্তৰ প্ৰদেশত প্রায় এক কোটি ছিয়া মুছলমান সম্প্ৰদায়ৰ লোক আছে। দেশৰ ভিতৰতে সর্বাধিক ছিয়া মুছলমান লোক আছে লক্ষ্ণৌত। ছিয়া মুছলমানৰ ধৰ্মগুৰু খামেনেইক হত্যা কৰাৰ পাছত সেইবাবেই লক্ষ্ণৌকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত প্ৰতিবাদৰ ঢৌ উঠিছে। আনহাতে, খামেনেইক হত্যাৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত দ্বিতীয় দিনৰ বাবেও ব্যাপক প্রতিবাদ অব্যাহত আছে। 


সোমবাৰে আৰক্ষীয়ে ছিয়া মুলছমান প্রতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ কাশ্মীৰ উপত্যকাৰ বিভিন্ন ঠাইত কন্দুৱা গেছ প্রয়োগ কৰে। সমগ্র কাশ্মীৰ উপত্যকাতে প্রতি বাদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইণ্টৰনেট সেৱা কৰ্তন কৰাৰ লগতে প্রতিবন্ধকতাও আৰোপ কৰা হয়। শ্রীনগৰৰ লাল চক আৰু ছাইডা কাডালৰ লগতে বুডগাম, বান্দিপাৰা আৰু বিভিন্ন অঞ্চলত ব্যাপক প্রতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। ঠায়ে ঠায়ে আমেৰিকা-ইজৰাইল বিৰোধী ধ্বনি দিয়াৰ লগতে ট্রাম-নেটান্যাহুৰ বিৰুদ্ধে শ্ল'গানে দিয়ে প্রতিবাদকাৰীয়ে। লালচক প্ৰতিবাদৰ অভিকেন্দ্ৰ হৈ পৰাত সম্পূৰ্ণভাৱে ছীল কৰি দিয়া হয়। বিমান বন্দৰৰ পথৰ সমীপত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকক মোতায়েন কৰা হয়। 


আনহাতে, কাশ্মীৰ উপত্যকাৰ বিভিন্ন অংশত খামেনেইৰ হত্যাৰ প্ৰতিবাদত দোকান আৰু ব্যাবসায়িক প্রতিষ্ঠান বন্ধ ৰখা হয়। আনহাতে, কাশ্মীৰ উপত্যকাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰবাবে চোকা নজৰ ৰাখিছে মুখ্যমন্ত্রী ওমৰ আব্দুলাই আৰু এই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নির্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আদানি গ্ৰুপৰ নতুন অভিলেখ: ৰাজস্থানৰ প্ৰথমটো ‘ৱাটাৰ পজিটিভ’ বিমানবন্দৰ হিচাপে স্বীকৃত জয়পুৰ বিমানবন্দৰ
গুৱাহাটীৰ উলুবাৰীত অঘটন; এখন Restro & Barৰ নিৰ্মাণ কাৰ্যত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত তিনিজনকৈ শ্ৰমিক
মণিপুৰত প্ৰায় ৮ কোটি টকাৰ হেৰ’ইন জব্দ NCBৰ, দুজনক গ্ৰেপ্তাৰ
GMCHৰ কৰ্মচাৰীয়ে ৰোগীৰ লগতে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ ভয়ংকৰ অভিযোগ
ভাত কেৰালা অতি শক্তিশালী পাচলি; মাংসতকৈও অধিক শক্তি আৰু প্ৰটিন পোৱা যায় ভাতকেৰেলাত
জুবিন গাৰ্গক আৰ্থিকভাৱে উদং কৰিছিল সিদ্ধাৰ্থই! আদালতত ফাদিল হ’ল সিদ্ধাৰ্থৰ বহু গোপন লেনদেনৰ তথ্য
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক