--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈকে খামেনেইৰ হত্যাক বেআইনী আৰু অনৈতিক কার্য বুলি প্রতিবাদকাৰীয়ে বিৰোধ প্রদর্শন কৰে। খামেনেইৰ হত্যাৰ বিৰুদ্ধে আটাইতকৈ বেছি প্রতিবাদ হৈছে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত।

ডিজিটেল ডেস্ক: ইজৰাইলৰ আক্ৰমণত ইৰানৰ সর্বোচ্চ নেতা আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত সমগ্ৰ বিশ্বৰ ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্রতিবাদ সাব্যস্ত কৰিছে। ভাৰততো ইয়াৰ ব্যতিক্রম হোৱা নাই। ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, জম্মু-কাশ্মীৰ, কৰ্ণাটক, পঞ্জাবৰ লগতে বিভিন্ন ৰাজ্যত ছিয়া মুছলমান সম্প্ৰদায়ৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। 


দিল্লীৰ পৰা জম্মু-কাশ্মীৰলৈকে খামেনেইৰ হত্যাক বেআইনী আৰু অনৈতিক কার্য বুলি প্রতিবাদকাৰীয়ে বিৰোধ প্রদর্শন কৰে। খামেনেইৰ হত্যাৰ বিৰুদ্ধে আটাইতকৈ বেছি প্রতিবাদ হৈছে উত্তৰ প্ৰদেশ আৰু জম্মু-কাশ্মীৰত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা আৰম্ভ কৰি বাৰাবংকী, মুজফৰনগৰ, সহাৰনপুৰ, অমৰৌহা, জৌনপুৰ আদি চহৰত ছিয়া সম্প্ৰদায়ৰ লোকসকলে ৰাজপথলৈ ওলাই আহি আমেৰিকা-ইজাৰইল বিৰোধী ধ্বনি দিয়ে। ছিয়া মুছলমান সম্প্ৰদায়ৰ নেতা মৌলানা কল্বে জব্বাদে তিনি দিন শোক পালন ঘোষণা কৰে। লক্ষ্ণৌৰ ছৌক এলেকাত একেৰাহে দ্বিতীয় দিনৰ বাবে আমেৰিকা-ইজৰাইল বিৰোধী প্রতিবাদ অব্যাহত আছে। 


উল্লেখযোগ্য যে ভাৰতত ছিয়া মুছলমান সম্প্ৰদায়ৰ সৰ্বাধিক লোক উত্তৰ প্ৰদেশত আছে। উত্তৰ প্ৰদেশত প্রায় এক কোটি ছিয়া মুছলমান সম্প্ৰদায়ৰ লোক আছে। দেশৰ ভিতৰতে সর্বাধিক ছিয়া মুছলমান লোক আছে লক্ষ্ণৌত। ছিয়া মুছলমানৰ ধৰ্মগুৰু খামেনেইক হত্যা কৰাৰ পাছত সেইবাবেই লক্ষ্ণৌকে ধৰি উত্তৰ প্ৰদেশৰ বিভিন্ন চহৰত প্ৰতিবাদৰ ঢৌ উঠিছে। আনহাতে, খামেনেইক হত্যাৰ বিৰুদ্ধে জম্মু-কাশ্মীৰত দ্বিতীয় দিনৰ বাবেও ব্যাপক প্রতিবাদ অব্যাহত আছে। 


সোমবাৰে আৰক্ষীয়ে ছিয়া মুলছমান প্রতিবাদকাৰীক আঁতৰাই পঠিয়াবলৈ কাশ্মীৰ উপত্যকাৰ বিভিন্ন ঠাইত কন্দুৱা গেছ প্রয়োগ কৰে। সমগ্র কাশ্মীৰ উপত্যকাতে প্রতি বাদ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ইণ্টৰনেট সেৱা কৰ্তন কৰাৰ লগতে প্রতিবন্ধকতাও আৰোপ কৰা হয়। শ্রীনগৰৰ লাল চক আৰু ছাইডা কাডালৰ লগতে বুডগাম, বান্দিপাৰা আৰু বিভিন্ন অঞ্চলত ব্যাপক প্রতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে। ঠায়ে ঠায়ে আমেৰিকা-ইজৰাইল বিৰোধী ধ্বনি দিয়াৰ লগতে ট্রাম-নেটান্যাহুৰ বিৰুদ্ধে শ্ল'গানে দিয়ে প্রতিবাদকাৰীয়ে। লালচক প্ৰতিবাদৰ অভিকেন্দ্ৰ হৈ পৰাত সম্পূৰ্ণভাৱে ছীল কৰি দিয়া হয়। বিমান বন্দৰৰ পথৰ সমীপত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকক মোতায়েন কৰা হয়। 


আনহাতে, কাশ্মীৰ উপত্যকাৰ বিভিন্ন অংশত খামেনেইৰ হত্যাৰ প্ৰতিবাদত দোকান আৰু ব্যাবসায়িক প্রতিষ্ঠান বন্ধ ৰখা হয়। আনহাতে, কাশ্মীৰ উপত্যকাত আইন-শৃংখলা পৰিস্থিতিৰ যাতে অৱনতি নঘটে তাৰবাবে চোকা নজৰ ৰাখিছে মুখ্যমন্ত্রী ওমৰ আব্দুলাই আৰু এই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ প্ৰশাসনক নির্দেশ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু