--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রতিযোগিতাত ভাৰতে প্ৰথমখন খেল খেলিব ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰাটৰ (ইউ এই) বিৰুদ্ধে।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। প্রতিযোগিতাৰ ফাইনেলখন ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। প্রতিযোগিতাত ভাৰতে প্ৰথমখন খেল খেলিব ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰাটৰ (ইউ এই) বিৰুদ্ধে।


ভাৰতক পাকিস্তানৰ সৈতে একেটা গ্রুপতে ৰখা হৈছে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব ১৪ ছেপ্টেম্বৰত। যদি দুয়োটা দল ছুপাৰ-৪ ৰাউণ্ডত উপনীত হয় তেতিয়া পুনৰ ভাৰত আৰু পাকিস্তানে ২১ ছেপ্টেম্বৰত পৰস্পৰৰ মুখামুখি হ'ব। ৮টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্রতিযোগিতাৰ উদ্বোধনী মেচখনত ৯ ছেপ্টেম্বৰত আফগানিস্তান আৰু হংকঙে খেলিব।


ভাৰত আৰু পাকিস্তানক গ্রুপ-এত ইউ এ ই আৰু হংকঙৰ সৈতে একেলগে ৰখা হৈছে। গ্রুপ-বিত ৰখা হৈছে আফগানিস্তান, শ্রীলংকা, বাংলাদেশ আৰু ওমানক। ইফালে প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্ব ভাৰতৰ হাতত আছে, কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্তমানৰ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি প্রতিযোগিতাখন নিৰপেক্ষ স্থানত অর্থাৎ সংযুক্ত আৰব আমিৰাটত (ইউএই) অনুষ্ঠিত হ'ব। এইবাৰো এছিয়া কাপ টি-২০ ফর্মেটত অনুষ্ঠিত হ'ব।


উল্লেখযোগ্য যে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত অনুষ্ঠিত হোৱা এছিয়ান ক্রিকেট পৰিষদৰ বার্ষিক সাধাৰণ সভাখন বি চি চি আয়ে বৰ্জন কৰাৰ ভাবুকি দিছিল। পাছত অৱশ্যে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুল্কাই ভার্চুৱেলী বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকতে এছিয়া কাপৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হয়।


উল্লেখযোগ্য যে ২০২৩ চনৰ এছিয়া কাপৰ আয়োজক পাকিস্তান আছিল, কিন্তু নিৰাপত্তাজনিত কাৰণত ভাৰতে দেশখনত খেলিবলৈ অমান্তি হয়। ফলত সেইবাৰ প্রতিযোগিতাখন হাইব্রিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে এতিয়ালৈকে ৮বাৰ প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ