--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • প্রতিযোগিতাত ভাৰতে প্ৰথমখন খেল খেলিব ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰাটৰ (ইউ এই) বিৰুদ্ধে।

ডিজিটেল ডেস্ক : এছিয়া কাপ ক্রিকেট প্রতিযোগিতা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। প্রতিযোগিতাৰ ফাইনেলখন ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। প্রতিযোগিতাত ভাৰতে প্ৰথমখন খেল খেলিব ১০ ছেপ্টেম্বৰত সংযুক্ত আৰব আমিৰাটৰ (ইউ এই) বিৰুদ্ধে।


ভাৰতক পাকিস্তানৰ সৈতে একেটা গ্রুপতে ৰখা হৈছে। ভাৰতে পাকিস্তানৰ বিৰুদ্ধে খেলিব ১৪ ছেপ্টেম্বৰত। যদি দুয়োটা দল ছুপাৰ-৪ ৰাউণ্ডত উপনীত হয় তেতিয়া পুনৰ ভাৰত আৰু পাকিস্তানে ২১ ছেপ্টেম্বৰত পৰস্পৰৰ মুখামুখি হ'ব। ৮টা দলে অংশগ্ৰহণ কৰিবলগীয়া প্রতিযোগিতাৰ উদ্বোধনী মেচখনত ৯ ছেপ্টেম্বৰত আফগানিস্তান আৰু হংকঙে খেলিব।


ভাৰত আৰু পাকিস্তানক গ্রুপ-এত ইউ এ ই আৰু হংকঙৰ সৈতে একেলগে ৰখা হৈছে। গ্রুপ-বিত ৰখা হৈছে আফগানিস্তান, শ্রীলংকা, বাংলাদেশ আৰু ওমানক। ইফালে প্ৰতিযোগিতাৰ আয়োজকৰ দায়িত্ব ভাৰতৰ হাতত আছে, কিন্তু ভাৰত আৰু পাকিস্তানৰ মাজৰ বৰ্তমানৰ সম্পৰ্কৰ প্ৰতি লক্ষ্য ৰাখি প্রতিযোগিতাখন নিৰপেক্ষ স্থানত অর্থাৎ সংযুক্ত আৰব আমিৰাটত (ইউএই) অনুষ্ঠিত হ'ব। এইবাৰো এছিয়া কাপ টি-২০ ফর্মেটত অনুষ্ঠিত হ'ব।


উল্লেখযোগ্য যে বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ঢাকাত অনুষ্ঠিত হোৱা এছিয়ান ক্রিকেট পৰিষদৰ বার্ষিক সাধাৰণ সভাখন বি চি চি আয়ে বৰ্জন কৰাৰ ভাবুকি দিছিল। পাছত অৱশ্যে বি চি চি আইৰ উপ-সভাপতি ৰাজীৱ শুল্কাই ভার্চুৱেলী বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকতে এছিয়া কাপৰ সম্পৰ্কত সিদ্ধান্ত লোৱা হয়।


উল্লেখযোগ্য যে ২০২৩ চনৰ এছিয়া কাপৰ আয়োজক পাকিস্তান আছিল, কিন্তু নিৰাপত্তাজনিত কাৰণত ভাৰতে দেশখনত খেলিবলৈ অমান্তি হয়। ফলত সেইবাৰ প্রতিযোগিতাখন হাইব্রিড মডেলত অনুষ্ঠিত হৈছিল। ভাৰতে এতিয়ালৈকে ৮বাৰ প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু