--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১৪ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনৰ ৭৯ কেজি শাখাত অৱতীৰ্ণ বেদব্রতে ছিনিয়ৰ, জুনিয়ৰ আৰু আন্তঃৰাজ্যিক কেউটা পৰ্যায়তে স্বর্ণ জয়ী কৃতিত্ব অৰ্জনৰ লগতে নতুন মীট ৰেকৰ্ড গঢ়ি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।

ডিজিটেল ডেস্ক : অসম সন্তান বেদব্রত ভৰালীয়ে চমক সৃষ্টিৰে ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ডসহ ত্রি-মুকুট অর্জন কৰিছে। 


উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১৪ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনৰ ৭৯ কেজি শাখাত অৱতীৰ্ণ বেদব্রতে ছিনিয়ৰ, জুনিয়ৰ আৰু আন্তঃৰাজ্যিক কেউটা পৰ্যায়তে স্বর্ণ জয়ী কৃতিত্ব অৰ্জনৰ লগতে নতুন মীট ৰেকৰ্ড গঢ়ি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।


৭৯ কেজিৰ প্ৰতিদ্বন্দ্বিতাত বেদব্রতে আজি জুনিয়ৰ শাখাৰ স্নেটচত পূৰ্বৰ ১৪০ কেজিৰ স্থানত ১৪৮ কেজি উত্তোলনৰ নতুন মীট ৰেকৰ্ড আৰু ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৭৫ কেজিৰ ঠাইত ১৮১ কেজিসহ মুঠ ৩২৯ কেজি ওজন উত্তোলনৰ ৰেকৰ্ড কৰে। আনহাতে, ৭৯ কেজিৰ ছিনিয়ৰ শাখাৰ স্নেটচত বেদব্ৰতে পূৰ্বৰ ১৪৭ কেজিৰ স্থানত ১৪৮, ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৮০ কেজিৰ ৰেকৰ্ড ভাঙি ১৮১ কেজি উত্তোলনৰ নতুন ৰেকৰ্ডসহ মুঠ ৩২৯ কেজি উত্তোলন কৰে।


ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ পৰা ওলাই অহা বেদব্রতে প্রশিক্ষক বশিষ্ঠমুনী দেউৰীৰ অধীনত ভাৰোত্তোলনৰ আদিপাঠ শিকিছিল। ১০ বছৰ বয়সতে ভাৰোত্তোলন ক্ষেত্ৰত ভুমুকি মৰা অৰুণ দেউৰীৰ সন্তান বেদব্ৰতে যোৱা বছৰ আগষ্ট মাহত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত অভিলেখৰ সৌধ গঢ়ি স্বর্ণ জয়ী সফলতা অৰ্জন কৰিছে। তদুপৰি, বেদব্রতে দেশৰ প্ৰথমগৰাকী ভাৰোত্তোলক ৰূপে বিশ্ব যুৱ চেম্পিয়নশ্বিপতো সোণৰ পদক অৰ্জনৰ কৃতিত্ব আৰ্জি থৈছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু