--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১৪ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনৰ ৭৯ কেজি শাখাত অৱতীৰ্ণ বেদব্রতে ছিনিয়ৰ, জুনিয়ৰ আৰু আন্তঃৰাজ্যিক কেউটা পৰ্যায়তে স্বর্ণ জয়ী কৃতিত্ব অৰ্জনৰ লগতে নতুন মীট ৰেকৰ্ড গঢ়ি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।

ডিজিটেল ডেস্ক : অসম সন্তান বেদব্রত ভৰালীয়ে চমক সৃষ্টিৰে ৰাষ্ট্ৰীয় ভাৰোত্তোলন প্রতিযোগিতাত নতুন ৰাষ্ট্ৰীয় ৰেকৰ্ডসহ ত্রি-মুকুট অর্জন কৰিছে। 


উত্তৰ প্ৰদেশৰ মোদী নগৰত চলি থকা (৩-১৪ ফেব্ৰুৱাৰী) ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রতিযোগিতাখনৰ ৭৯ কেজি শাখাত অৱতীৰ্ণ বেদব্রতে ছিনিয়ৰ, জুনিয়ৰ আৰু আন্তঃৰাজ্যিক কেউটা পৰ্যায়তে স্বর্ণ জয়ী কৃতিত্ব অৰ্জনৰ লগতে নতুন মীট ৰেকৰ্ড গঢ়ি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিলে।


৭৯ কেজিৰ প্ৰতিদ্বন্দ্বিতাত বেদব্রতে আজি জুনিয়ৰ শাখাৰ স্নেটচত পূৰ্বৰ ১৪০ কেজিৰ স্থানত ১৪৮ কেজি উত্তোলনৰ নতুন মীট ৰেকৰ্ড আৰু ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৭৫ কেজিৰ ঠাইত ১৮১ কেজিসহ মুঠ ৩২৯ কেজি ওজন উত্তোলনৰ ৰেকৰ্ড কৰে। আনহাতে, ৭৯ কেজিৰ ছিনিয়ৰ শাখাৰ স্নেটচত বেদব্ৰতে পূৰ্বৰ ১৪৭ কেজিৰ স্থানত ১৪৮, ক্লীন এণ্ড জাৰ্কত পূৰ্বৰ ১৮০ কেজিৰ ৰেকৰ্ড ভাঙি ১৮১ কেজি উত্তোলনৰ নতুন ৰেকৰ্ডসহ মুঠ ৩২৯ কেজি উত্তোলন কৰে।


ডিব্ৰুগড়ৰ মধুপুৰ দেউৰী গাঁৱৰ পৰা ওলাই অহা বেদব্রতে প্রশিক্ষক বশিষ্ঠমুনী দেউৰীৰ অধীনত ভাৰোত্তোলনৰ আদিপাঠ শিকিছিল। ১০ বছৰ বয়সতে ভাৰোত্তোলন ক্ষেত্ৰত ভুমুকি মৰা অৰুণ দেউৰীৰ সন্তান বেদব্ৰতে যোৱা বছৰ আগষ্ট মাহত গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলনত অভিলেখৰ সৌধ গঢ়ি স্বর্ণ জয়ী সফলতা অৰ্জন কৰিছে। তদুপৰি, বেদব্রতে দেশৰ প্ৰথমগৰাকী ভাৰোত্তোলক ৰূপে বিশ্ব যুৱ চেম্পিয়নশ্বিপতো সোণৰ পদক অৰ্জনৰ কৃতিত্ব আৰ্জি থৈছে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ