--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধ নির্দিষ্ট মানৰ নহয় বুলি এখন প্রতিবদেনত প্রকাশ কৰিছে চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনে (চি ডি এছ চি অ')।

ডিজিটেল ডেস্ক : ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধ নির্দিষ্ট মানৰ নহয় বুলি এখন প্রতিবদেনত প্রকাশ কৰিছে চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনে (চি ডি এছ চি অ')। 


এই ঔষধসমূহৰ ভিতৰত পেৰাচিটামল, পেনট'প্রাজল, মাল্টিভিটামিন, এন্টিবায় 'টিক, ৰক্তচাপত সেৱন কৰা ঔষধ, প্রসূতিক দিয়া ইনজেকশ্যনৰ লগতে আছে আন ভালেমান ঔষধ। উল্লেখযোগ্য যে চি ডি এছ চি অ'ই বিভিন্ন ৰাজ্যত বজাৰত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক তথা কেন্দ্ৰীয় গৱেষণাগাৰত পৰীক্ষা কৰে কৰোৱায়। ইয়াৰ পৰা ১১২ ১১২ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় আৰু ভেজাল বুলি জানিব পাৰে। 


এই ঔষধসমূহৰ বিক্ৰী ইতিমধ্যে বজাৰৰ পৰা আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিয়া হৈছে। যোৱা মাহত সংগ্ৰহ কৰা এই নমুনাসমূহৰ ভিতৰত ৫২ বিধ ঔষধ চি ডি এছ চি অ'ই নিৰ্ধাৰিত মানৰ নহয় বুলি তথ্য লাভ কৰে। আনহাতে, ৰাজ্যিক গৱেষণাগাৰত পৰীক্ষা কৰা ৬০ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পাৰে। পৰীক্ষাত ভেজাল তথা নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পৰা সংশ্লিষ্ট বেটচ নম্বৰৰ ঔষধসমূহকে বজাৰৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। 


ইয়াৰ ভিতৰত ছট্টিশগড়ৰ পৰা সংগ্ৰহ কৰা এবিধ ঔষধ ভেজাল বুলি জানিব পৰা হয়। এই ঔষধবিধ এটা কোম্পানীৰ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি অনুজ্ঞাপত্র নথকা কোম্পানীয়ে প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰি কফ ছিৰাপত বিষাক্ত দ্রব্য থকাৰ তথ্যও লাভ কৰা হয়। চি ডি এছ চি অ'ই পৰীক্ষা কৰা এই ঔষধসমূহৰ ভিতৰত ৩৪বিধ অতি নিম্নমানৰ বুলি জানিব পাৰে। 


পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে, এই ঔষধসমূহত ৰসায়নিক উপাদানসমূহ সঠিকভাৱে নাছিল আৰু কেইটামান ঔষধ পেকেটৰ পৰা খোলাৰ লগে লগে গুড়ি হৈ পৰিছিল। নিম্নমানৰ তথা এই ভেজাল ঔষধসমূহ বিভিন্ন ৰাজ্যত প্ৰস্তুত কৰা, কিন্তু অধিকাংশ প্রস্তুত কৰা হৈছিল গুজৰাট, মধ্য প্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ