--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধ নির্দিষ্ট মানৰ নহয় বুলি এখন প্রতিবদেনত প্রকাশ কৰিছে চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনে (চি ডি এছ চি অ')।

ডিজিটেল ডেস্ক : ৰোগীৰ চিকিৎসাত ব্যৱহাৰ কৰা কেইবাবিধো ঔষধ নির্দিষ্ট মানৰ নহয় বুলি এখন প্রতিবদেনত প্রকাশ কৰিছে চেন্ট্রেল ড্রাগছ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেশ্যনে (চি ডি এছ চি অ')। 


এই ঔষধসমূহৰ ভিতৰত পেৰাচিটামল, পেনট'প্রাজল, মাল্টিভিটামিন, এন্টিবায় 'টিক, ৰক্তচাপত সেৱন কৰা ঔষধ, প্রসূতিক দিয়া ইনজেকশ্যনৰ লগতে আছে আন ভালেমান ঔষধ। উল্লেখযোগ্য যে চি ডি এছ চি অ'ই বিভিন্ন ৰাজ্যত বজাৰত বিক্ৰী কৰি থকা ঔষধৰ নমুনা সংগ্ৰহ কৰি ৰাজ্যিক তথা কেন্দ্ৰীয় গৱেষণাগাৰত পৰীক্ষা কৰে কৰোৱায়। ইয়াৰ পৰা ১১২ ১১২ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় আৰু ভেজাল বুলি জানিব পাৰে। 


এই ঔষধসমূহৰ বিক্ৰী ইতিমধ্যে বজাৰৰ পৰা আঁতৰাই পেলোৱাৰ নিৰ্দেশ দিয়া হৈছে। যোৱা মাহত সংগ্ৰহ কৰা এই নমুনাসমূহৰ ভিতৰত ৫২ বিধ ঔষধ চি ডি এছ চি অ'ই নিৰ্ধাৰিত মানৰ নহয় বুলি তথ্য লাভ কৰে। আনহাতে, ৰাজ্যিক গৱেষণাগাৰত পৰীক্ষা কৰা ৬০ বিধ ঔষধ নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পাৰে। পৰীক্ষাত ভেজাল তথা নিৰ্ধাৰিত মানৰ নহয় বুলি জানিব পৰা সংশ্লিষ্ট বেটচ নম্বৰৰ ঔষধসমূহকে বজাৰৰ পৰা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। 


ইয়াৰ ভিতৰত ছট্টিশগড়ৰ পৰা সংগ্ৰহ কৰা এবিধ ঔষধ ভেজাল বুলি জানিব পৰা হয়। এই ঔষধবিধ এটা কোম্পানীৰ ব্ৰেণ্ড নাম ব্যৱহাৰ কৰি অনুজ্ঞাপত্র নথকা কোম্পানীয়ে প্ৰস্তুত কৰিছিল। ইয়াৰ উপৰি কফ ছিৰাপত বিষাক্ত দ্রব্য থকাৰ তথ্যও লাভ কৰা হয়। চি ডি এছ চি অ'ই পৰীক্ষা কৰা এই ঔষধসমূহৰ ভিতৰত ৩৪বিধ অতি নিম্নমানৰ বুলি জানিব পাৰে। 


পৰীক্ষাৰ প্ৰতিবেদনৰ পৰা জানিব পৰা মতে, এই ঔষধসমূহত ৰসায়নিক উপাদানসমূহ সঠিকভাৱে নাছিল আৰু কেইটামান ঔষধ পেকেটৰ পৰা খোলাৰ লগে লগে গুড়ি হৈ পৰিছিল। নিম্নমানৰ তথা এই ভেজাল ঔষধসমূহ বিভিন্ন ৰাজ্যত প্ৰস্তুত কৰা, কিন্তু অধিকাংশ প্রস্তুত কৰা হৈছিল গুজৰাট, মধ্য প্রদেশ, উত্তৰাখণ্ড আৰু হিমাচল প্রদেশত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু