--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ এই সৰ্ববৃহৎ বান্ধে ইয়াৰ নামনিত থকা ভাৰত আৰু বাংলাদেশত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : ভাৰতক উদ্বিগ্ন কৰি ৰখা ভাৰতৰ চীনৰ দ্বাৰা পৰিকল্পিত তিব্বতত, অৰুণাচল সীমান্তৰ সমীপত ব্রহ্মপুত্র নদীৰ ওপৰৰ ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ বান্ধৰ কাম শনিবাৰে চীনে আনুষ্ঠানিকভাবে আৰম্ভ কৰে।


স্থানীয়ভাৱে য়াৰলুং বুলি জনাজাত ব্রহ্মপুত্রৰ নামনি অংশত নিংচি মহানগৰত আয়োজন কৰা এক শুভাৰম্ভৰ অনুষ্ঠানত চীনৰ প্রধানমন্ত্রী লি কিয়াঙে নির্মাণ আৰম্ভৰ কথা ঘোষণা কৰে। এই শুভাৰম্ভৰ অনুষ্ঠান অনুষ্ঠিত হয় তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নিংচিত থকা বান্ধৰ স্থান মেইনলিং হাইড্ৰ'পাৱাৰ (জলবিদ্যুৎ) ষ্টেছনত। চীনৰ ৰাষ্ট্ৰচালিত সংবাদ সংস্থা ঝিনহুৱাৰ বাতৰিত এই কথা প্রকাশ পাইছে।


চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ এই সৰ্ববৃহৎ বান্ধে ইয়াৰ নামনিত থকা ভাৰত আৰু বাংলাদেশত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে। এই প্রকল্পটোত খাপে খাপে থাকিব পাঁচটা হাইড্ৰ'পাৱাৰ ষ্টেছন। প্রকল্পটোত চীনৰ মুদ্ৰা অনুসৰি ব্যয় হ'ব ১.২ ট্রিলিয়ন য়ুৱান (প্রায় ১৬৭.৮ বিলিয়ন ডলাৰ)। ২০২৩ চনৰ এক প্রতিবেদন মতে, ইয়াৰ হাইড্ৰ'পাৱাৰ ষ্টেছনে বছৰি ৩০,০০০ কোটি কিল'ৱাট আৱাৰতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব। এই পৰিমাণৰ বিদ্যুৎ ৩০ কোটিতকৈ অধিক লোকৰ বছৰটোৰ বাবে প্রয়োজনীয় বিদ্যুতৰ চাহিদা পূৰাবলৈ যথেষ্ট।


উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰত এই প্রকল্পটোত চৰকাৰে অনুমোদন জনাইছিল। ভাৰতৰ অৰুণাচলৰ ফালে বৈ আহিবলৈ য়াৰলুং বা ব্ৰহ্মপুত্ৰই ইউ আখৰটোৰ দৰে এটা কেঁকুৰি ঘূৰা স্থানতে এক বৃহৎ গিৰিখাতত এই বান্ধটো নিৰ্মাণ কৰা হ'ব। আগৰ প্ৰতিবেদন মতে, এই বান্ধটো হ'ব বিশ্বৰ বৃহত্তম বান্ধ। বর্তমান বিশ্বৰ বৃহত্তম বান্ধ চীনৰ খ্ৰী গর্জেছতকৈ এইটো বৃহৎ হ'ব। এই বান্ধটোক লৈ ইতিমধ্যে ভাৰতত উদ্বেগ সৃষ্টি হৈছে। কাৰণ এই বান্ধে চীনক ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা দিব। শত্রুতা বা যুদ্ধৰ সময়ত চীনে বৃহৎ পৰিমাণৰ পানী বোৱাই দি ভাৰত সৃষ্টি কৰিব পাৰিব বানৰ। আনহাতে পানী হ্রাস কৰি খৰাঙৰ সৃষ্টি কৰাৰ ক্ষমতাও চীনৰ থাকিব। অৱশ্যে, ভাৰতেও অৰুণাচলত ব্ৰহ্মপুত্ৰৰ ওপৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু