--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ এই সৰ্ববৃহৎ বান্ধে ইয়াৰ নামনিত থকা ভাৰত আৰু বাংলাদেশত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : ভাৰতক উদ্বিগ্ন কৰি ৰখা ভাৰতৰ চীনৰ দ্বাৰা পৰিকল্পিত তিব্বতত, অৰুণাচল সীমান্তৰ সমীপত ব্রহ্মপুত্র নদীৰ ওপৰৰ ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয়সাপেক্ষ বান্ধৰ কাম শনিবাৰে চীনে আনুষ্ঠানিকভাবে আৰম্ভ কৰে।


স্থানীয়ভাৱে য়াৰলুং বুলি জনাজাত ব্রহ্মপুত্রৰ নামনি অংশত নিংচি মহানগৰত আয়োজন কৰা এক শুভাৰম্ভৰ অনুষ্ঠানত চীনৰ প্রধানমন্ত্রী লি কিয়াঙে নির্মাণ আৰম্ভৰ কথা ঘোষণা কৰে। এই শুভাৰম্ভৰ অনুষ্ঠান অনুষ্ঠিত হয় তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ নিংচিত থকা বান্ধৰ স্থান মেইনলিং হাইড্ৰ'পাৱাৰ (জলবিদ্যুৎ) ষ্টেছনত। চীনৰ ৰাষ্ট্ৰচালিত সংবাদ সংস্থা ঝিনহুৱাৰ বাতৰিত এই কথা প্রকাশ পাইছে।


চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলৈ লোৱা বিশ্বৰ এই সৰ্ববৃহৎ বান্ধে ইয়াৰ নামনিত থকা ভাৰত আৰু বাংলাদেশত যথেষ্ট উদ্বেগৰ সৃষ্টি কৰিছে। এই প্রকল্পটোত খাপে খাপে থাকিব পাঁচটা হাইড্ৰ'পাৱাৰ ষ্টেছন। প্রকল্পটোত চীনৰ মুদ্ৰা অনুসৰি ব্যয় হ'ব ১.২ ট্রিলিয়ন য়ুৱান (প্রায় ১৬৭.৮ বিলিয়ন ডলাৰ)। ২০২৩ চনৰ এক প্রতিবেদন মতে, ইয়াৰ হাইড্ৰ'পাৱাৰ ষ্টেছনে বছৰি ৩০,০০০ কোটি কিল'ৱাট আৱাৰতকৈ অধিক বিদ্যুৎ উৎপাদন কৰিব। এই পৰিমাণৰ বিদ্যুৎ ৩০ কোটিতকৈ অধিক লোকৰ বছৰটোৰ বাবে প্রয়োজনীয় বিদ্যুতৰ চাহিদা পূৰাবলৈ যথেষ্ট।


উল্লেখযোগ্য যে যোৱা বছৰ ডিচেম্বৰত এই প্রকল্পটোত চৰকাৰে অনুমোদন জনাইছিল। ভাৰতৰ অৰুণাচলৰ ফালে বৈ আহিবলৈ য়াৰলুং বা ব্ৰহ্মপুত্ৰই ইউ আখৰটোৰ দৰে এটা কেঁকুৰি ঘূৰা স্থানতে এক বৃহৎ গিৰিখাতত এই বান্ধটো নিৰ্মাণ কৰা হ'ব। আগৰ প্ৰতিবেদন মতে, এই বান্ধটো হ'ব বিশ্বৰ বৃহত্তম বান্ধ। বর্তমান বিশ্বৰ বৃহত্তম বান্ধ চীনৰ খ্ৰী গর্জেছতকৈ এইটো বৃহৎ হ'ব। এই বান্ধটোক লৈ ইতিমধ্যে ভাৰতত উদ্বেগ সৃষ্টি হৈছে। কাৰণ এই বান্ধে চীনক ব্ৰহ্মপুত্ৰৰ পানী নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা দিব। শত্রুতা বা যুদ্ধৰ সময়ত চীনে বৃহৎ পৰিমাণৰ পানী বোৱাই দি ভাৰত সৃষ্টি কৰিব পাৰিব বানৰ। আনহাতে পানী হ্রাস কৰি খৰাঙৰ সৃষ্টি কৰাৰ ক্ষমতাও চীনৰ থাকিব। অৱশ্যে, ভাৰতেও অৰুণাচলত ব্ৰহ্মপুত্ৰৰ ওপৰত এটা বান্ধ নিৰ্মাণ কৰি আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ