--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইশ্বাক ডাৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে যে পহলগামৰ আক্ৰমণটো সন্ত্রাসবাদৰ কাৰ্য নহয়, এই আক্ৰমণটো হৈছে কাশ্মীৰত ভাৰত ৰাষ্ট্ৰই চলাই থকা দমনৰ প্রতিফলনহে।

ডিজিটেল ডেস্কঃ পাকিস্তান চৰকাৰে শেহতীয়াকৈ দেশখনত থকা সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-টয়বা আৰু ইয়াৰ সহযোগী সংগঠন দ্য ৰেজিছটেন্স ফ্রণ্টৰ (টি আৰ এফ) সমর্থনত মুকলিকৈ বক্তব্য আগবঢ়াইছে। পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডাৰে কূটনৈতিক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে সন্ত্রাসবাদক উদগনি দিয়াৰ তথ্য পোহৰলৈ আহিছে।


জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণ চলোৱাৰ বিষয়টোত পাকিস্তান-ভিত্তিক লস্কৰ-এ-টয়বাৰ সহযোগী সংগঠন টি আৰ এফে ৰাজহুৱাকৈ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত (ইউ এন এছ চি) সন্ত্রাসবাদী সংগঠনটোক আন্তঃৰাষ্ট্ৰীয় গৰিহণাৰ পৰা আঁতৰাই ৰাখিবলৈ টি আৰ এফক সুৰক্ষা প্রদানত কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে।


ভাৰতীয় চৰকাৰী শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি, পহলগাম-কাণ্ডৰ পাছৰে পৰাই ইশ্বাক ডাৰ লস্কৰ আৰু টি আৰ এফৰ মুকলি সমর্থনত নামি পৰিছে। শেহতীয়াকৈ পহলগাম-কাণ্ডৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠকত বৰ্বৰ আক্ৰমণটোৰ গৰিহণা জনাই নিৰাপত্তা পৰিষদখনে দিয়া এটা বিবৃতিৰ পৰা টি আৰ এফৰ নাম আঁতৰাবলৈ ইশ্বাক ডাৰে সজোৰে দাবী জনায়। টি আৰ এফে নিজে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো ইশ্বাক ডাৰে প্রত্যক্ষভাৱে এই বক্তব্যৰ বিপৰীতে মন্তব্য কৰি কয় যে টি আৰ এফ এই আক্রমণটোত জড়িত থকা বিষয়টোত কোনো প্রমাণীকৃত তথ্য নাই।


উল্লেখযোগ্য যে শুকুৰবাৰে পহলগাম-কাণ্ডৰ লগত জড়িত টি আৰ এফক আমেৰিকাই এটা বিশ্ব সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। তদুপৰি, সূত্ৰসমূহে কয় যে পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে অর্গেনাইজেশান অব্ ইছলামিক কো-অপাৰেশ্যনৰ (অ' আই চি) দেশসমূহ আৰু চীন-বন্ধু ৰাষ্ট্ৰসমূহক হেঁচা প্রদান কৰি দাবী কৰে যে নিৰাপত্তা পৰিষদৰ বিবৃতিৰ পৰা লস্কৰৰ নামটোও আঁতৰাব লাগে। ইশ্বাক ডাৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে যে পহলগামৰ আক্ৰমণটো সন্ত্রাসবাদৰ কাৰ্য নহয়, এই আক্ৰমণটো হৈছে কাশ্মীৰত ভাৰত ৰাষ্ট্ৰই চলাই থকা দমনৰ প্রতিফলনহে।


ভাৰতত চলোৱা সন্ত্রাসবাদীৰ হিংসাত্মক কাৰ্যক 'স্থানীয় প্রতিবন্ধক' হিচাপে প্রতিষ্ঠা কৰিবলৈ আপ্রাণ চেষ্টা চলাই পাকিস্তান চৰকাৰৰ উপ-প্রধানমন্ত্রীজনে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পহলগাম-কাণ্ডৰ বিষয়ত প্ৰাৰম্ভিক খচৰা গৰিহণা বিবৃতিৰ পৰা টি আৰ এফৰ নাম আঁতৰাবলৈ পাকিস্তানৰ এই সক্রিয়তাই দেশখনে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা বিষয়টো পুনৰ প্রমাণিত হ'ল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু