--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইশ্বাক ডাৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে যে পহলগামৰ আক্ৰমণটো সন্ত্রাসবাদৰ কাৰ্য নহয়, এই আক্ৰমণটো হৈছে কাশ্মীৰত ভাৰত ৰাষ্ট্ৰই চলাই থকা দমনৰ প্রতিফলনহে।

ডিজিটেল ডেস্কঃ পাকিস্তান চৰকাৰে শেহতীয়াকৈ দেশখনত থকা সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-টয়বা আৰু ইয়াৰ সহযোগী সংগঠন দ্য ৰেজিছটেন্স ফ্রণ্টৰ (টি আৰ এফ) সমর্থনত মুকলিকৈ বক্তব্য আগবঢ়াইছে। পাকিস্তানৰ উপ-প্রধানমন্ত্রী তথা বিদেশ মন্ত্রী ইশ্বাক ডাৰে কূটনৈতিক মঞ্চৰ জৰিয়তে সক্রিয়ভাৱে সন্ত্রাসবাদক উদগনি দিয়াৰ তথ্য পোহৰলৈ আহিছে।


জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্রাসবাদীৰ বৰ্বৰ আক্ৰমণ চলোৱাৰ বিষয়টোত পাকিস্তান-ভিত্তিক লস্কৰ-এ-টয়বাৰ সহযোগী সংগঠন টি আৰ এফে ৰাজহুৱাকৈ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত (ইউ এন এছ চি) সন্ত্রাসবাদী সংগঠনটোক আন্তঃৰাষ্ট্ৰীয় গৰিহণাৰ পৰা আঁতৰাই ৰাখিবলৈ টি আৰ এফক সুৰক্ষা প্রদানত কূটনৈতিক প্রচেষ্টা অব্যাহত ৰাখিছে।


ভাৰতীয় চৰকাৰী শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি, পহলগাম-কাণ্ডৰ পাছৰে পৰাই ইশ্বাক ডাৰ লস্কৰ আৰু টি আৰ এফৰ মুকলি সমর্থনত নামি পৰিছে। শেহতীয়াকৈ পহলগাম-কাণ্ডৰ বাবে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন ৰুদ্ধদ্বাৰ বৈঠকত বৰ্বৰ আক্ৰমণটোৰ গৰিহণা জনাই নিৰাপত্তা পৰিষদখনে দিয়া এটা বিবৃতিৰ পৰা টি আৰ এফৰ নাম আঁতৰাবলৈ ইশ্বাক ডাৰে সজোৰে দাবী জনায়। টি আৰ এফে নিজে আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰাৰ পাছতো ইশ্বাক ডাৰে প্রত্যক্ষভাৱে এই বক্তব্যৰ বিপৰীতে মন্তব্য কৰি কয় যে টি আৰ এফ এই আক্রমণটোত জড়িত থকা বিষয়টোত কোনো প্রমাণীকৃত তথ্য নাই।


উল্লেখযোগ্য যে শুকুৰবাৰে পহলগাম-কাণ্ডৰ লগত জড়িত টি আৰ এফক আমেৰিকাই এটা বিশ্ব সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছে। তদুপৰি, সূত্ৰসমূহে কয় যে পাকিস্তানৰ উপ-প্রধানমন্ত্রী ইশ্বাক ডাৰে অর্গেনাইজেশান অব্ ইছলামিক কো-অপাৰেশ্যনৰ (অ' আই চি) দেশসমূহ আৰু চীন-বন্ধু ৰাষ্ট্ৰসমূহক হেঁচা প্রদান কৰি দাবী কৰে যে নিৰাপত্তা পৰিষদৰ বিবৃতিৰ পৰা লস্কৰৰ নামটোও আঁতৰাব লাগে। ইশ্বাক ডাৰে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে যে পহলগামৰ আক্ৰমণটো সন্ত্রাসবাদৰ কাৰ্য নহয়, এই আক্ৰমণটো হৈছে কাশ্মীৰত ভাৰত ৰাষ্ট্ৰই চলাই থকা দমনৰ প্রতিফলনহে।


ভাৰতত চলোৱা সন্ত্রাসবাদীৰ হিংসাত্মক কাৰ্যক 'স্থানীয় প্রতিবন্ধক' হিচাপে প্রতিষ্ঠা কৰিবলৈ আপ্রাণ চেষ্টা চলাই পাকিস্তান চৰকাৰৰ উপ-প্রধানমন্ত্রীজনে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ পহলগাম-কাণ্ডৰ বিষয়ত প্ৰাৰম্ভিক খচৰা গৰিহণা বিবৃতিৰ পৰা টি আৰ এফৰ নাম আঁতৰাবলৈ পাকিস্তানৰ এই সক্রিয়তাই দেশখনে সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰা বিষয়টো পুনৰ প্রমাণিত হ'ল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ