--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত গৱেষণা আৰু শৈক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা কনচর্টিয়ামত যোগদানৰ বাবে কালি কটন বিশ্ববিদ্যালয়ে এখন সন্মতি-পত্ৰত স্বাক্ষৰ কৰে।

ডিজিটেল ডেস্ক : বিশ্বমানৰ শৈক্ষিক আদান-প্রদানৰ দিশত কটন বিশ্ববিদ্যালয়ে কালি এক ঐতিহাসিক সফলতা অর্জন কৰে। 


উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত গৱেষণা আৰু শৈক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা কনচর্টিয়ামত যোগদানৰ বাবে কালি কটন বিশ্ববিদ্যালয়ে এখন সন্মতি-পত্ৰত স্বাক্ষৰ কৰে। 


গুৱাহাটী ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত অনুষ্ঠিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই কনচর্টিয়ামত ভাৰতৰ হৈ আই আই টি গুৱাহাটী আৰু জাপানৰ হৈ গিফু বিশ্ববিদ্যালয়ে সমন্বয়ক প্রতিষ্ঠান হিচাপে দায়িত্ব পালন কৰিব। 


কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল আৰু গিফু বিশ্ববিদ্যালয়ৰ সঞ্চালক অধ্যাপক কাজুহীৰো যোশিদাৰ উপস্থিতিত এই চুক্তি সম্পন্ন হয়। এই চুক্তিৰ অধীনত পৰৱৰ্তী তিনি বছৰৰ বাবে বিজ্ঞান, প্রযুক্তি, অভিযান্ত্রিক আৰু গণিতৰ লগতে স্বাস্থ্যসেৱা, ডিজাইন, উদ্ভাৱন আৰু আন্তঃশাখা অধ্যয়নৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত দুই দেশৰ প্ৰতিষ্ঠানসমূহৰ মাজত জ্ঞানৰ আদান-প্রদান হ'ব। কনচর্টিয়ামে বার্ষিক সভা, কর্মশালা আৰু সিম্পোজিয়ামৰ জৰিয়তে গৱেষক আৰু ছাত্ৰ-ছাত্ৰীক এক উমৈহতীয়া মঞ্চ প্রদান কৰিব। 


এই নতুন অংশীদাৰিত্বক আদৰণি জনাই কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয়, 'এই পদক্ষেপে কটন বিশ্ববিদ্যালয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আমাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্রীসকলে এতিয়া জাপানৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সৈতে অত্যাধুনিক গৱেষণাৰ কামত জড়িত হোৱাৰ সুযোগ পাব।' 


উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিছাৰ্চ'ৰ সঞ্চালক ড° ৰাহুল মহন্তই ইতিমধ্যে জাপানৰ কাগাৱা আৰু কিয়োটো বিশ্ববিদ্যালয়ৰ সৈতে জলবায়ু পৰিৱৰ্তন সম্পর্কে গৱেষণা চলাই আছে। কালিৰ এই চুক্তিয়ে সেই সম্পর্কক অধিক আইনী আৰু প্রাতিষ্ঠানিক স্বীকৃতি প্রদান কৰিলে। এই কনচর্টিয়ামৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ শৈক্ষিক বাতাৱৰণত এক নতুন জোৱাৰ অহাৰ সম্ভাৱনাই দেখা দিছে। ই কেৱল কটন বিশ্ববিদ্যালয়েই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবে জাপানৰ সৈতে থকা মিত্ৰতা অধিক সুদৃঢ় কৰি তুলিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ