--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত গৱেষণা আৰু শৈক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা কনচর্টিয়ামত যোগদানৰ বাবে কালি কটন বিশ্ববিদ্যালয়ে এখন সন্মতি-পত্ৰত স্বাক্ষৰ কৰে।

ডিজিটেল ডেস্ক : বিশ্বমানৰ শৈক্ষিক আদান-প্রদানৰ দিশত কটন বিশ্ববিদ্যালয়ে কালি এক ঐতিহাসিক সফলতা অর্জন কৰে। 


উত্তৰ-পূব ভাৰত আৰু জাপানৰ মাজত গৱেষণা আৰু শৈক্ষিক সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে গঠন কৰা উত্তৰ-পূব ভাৰত-জাপান আন্তঃৰাষ্ট্ৰীয় শৈক্ষিক আৰু গৱেষণা কনচর্টিয়ামত যোগদানৰ বাবে কালি কটন বিশ্ববিদ্যালয়ে এখন সন্মতি-পত্ৰত স্বাক্ষৰ কৰে। 


গুৱাহাটী ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানত অনুষ্ঠিত এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই ত্রিপাক্ষিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই কনচর্টিয়ামত ভাৰতৰ হৈ আই আই টি গুৱাহাটী আৰু জাপানৰ হৈ গিফু বিশ্ববিদ্যালয়ে সমন্বয়ক প্রতিষ্ঠান হিচাপে দায়িত্ব পালন কৰিব। 


কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকা, আই আই টি গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহাল আৰু গিফু বিশ্ববিদ্যালয়ৰ সঞ্চালক অধ্যাপক কাজুহীৰো যোশিদাৰ উপস্থিতিত এই চুক্তি সম্পন্ন হয়। এই চুক্তিৰ অধীনত পৰৱৰ্তী তিনি বছৰৰ বাবে বিজ্ঞান, প্রযুক্তি, অভিযান্ত্রিক আৰু গণিতৰ লগতে স্বাস্থ্যসেৱা, ডিজাইন, উদ্ভাৱন আৰু আন্তঃশাখা অধ্যয়নৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত দুই দেশৰ প্ৰতিষ্ঠানসমূহৰ মাজত জ্ঞানৰ আদান-প্রদান হ'ব। কনচর্টিয়ামে বার্ষিক সভা, কর্মশালা আৰু সিম্পোজিয়ামৰ জৰিয়তে গৱেষক আৰু ছাত্ৰ-ছাত্ৰীক এক উমৈহতীয়া মঞ্চ প্রদান কৰিব। 


এই নতুন অংশীদাৰিত্বক আদৰণি জনাই কটন বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ৰমেশ চন্দ্ৰ ডেকাই কয়, 'এই পদক্ষেপে কটন বিশ্ববিদ্যালয়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আমাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্রীসকলে এতিয়া জাপানৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ সৈতে অত্যাধুনিক গৱেষণাৰ কামত জড়িত হোৱাৰ সুযোগ পাব।' 


উল্লেখযোগ্য যে কটন বিশ্ববিদ্যালয়ৰ 'চেণ্টাৰ ফৰ ক্লাউডছ এণ্ড ক্লাইমেট চেঞ্জ ৰিছাৰ্চ'ৰ সঞ্চালক ড° ৰাহুল মহন্তই ইতিমধ্যে জাপানৰ কাগাৱা আৰু কিয়োটো বিশ্ববিদ্যালয়ৰ সৈতে জলবায়ু পৰিৱৰ্তন সম্পর্কে গৱেষণা চলাই আছে। কালিৰ এই চুক্তিয়ে সেই সম্পর্কক অধিক আইনী আৰু প্রাতিষ্ঠানিক স্বীকৃতি প্রদান কৰিলে। এই কনচর্টিয়ামৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ শৈক্ষিক বাতাৱৰণত এক নতুন জোৱাৰ অহাৰ সম্ভাৱনাই দেখা দিছে। ই কেৱল কটন বিশ্ববিদ্যালয়েই নহয়, সমগ্ৰ অঞ্চলটোৰ বাবে জাপানৰ সৈতে থকা মিত্ৰতা অধিক সুদৃঢ় কৰি তুলিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু