--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১০ এপ্রিলত মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিহুৰ পূর্বেই উচ্চতৰ মাধ্যমিকৰো ফলাফল ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছিল।

ডিজিটেল ডেস্ক: এইবাৰ বহাগ বিহুৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব যদিও বিহুৰ পাছতহে উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। অহা ২০ এপ্ৰিলৰ পাছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ফলাফল ঘোষণা কৰা হ'ব। 


এইকথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্রহণ কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা মুখ্যমন্ত্রীজনে এক জনসভাত অংশ ল'বলৈ যোৱাৰ সময়ত পৰীক্ষার্থী ভাগিনে ফলাফল ঘোষণা কৰা বিষয়ত কৰা প্রশ্নৰ উত্তৰ দি অহা ২০ এপ্রিলৰ পাছত আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰে।


লক্ষণীয় যে অহা ১০ এপ্রিলত মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিহুৰ পূর্বেই উচ্চতৰ মাধ্যমিকৰো ফলাফল ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছিল। কিন্তু মুখ্যমন্ত্রীজনে বিহুৰ পাছতহে ফলাফল ঘোষণা কৰাৰ কথা নিশ্চিত কৰে। 


ইফালে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ বাবে যাৱতীয় প্রস্তুতি প্রায় চূড়ান্ত কৰিছে বুলি জানিব পৰা গৈছে। প্রণিধানযোগ্য যে চলিত বৰ্ষত ৰাজ্যৰ ৮২১টা পৰীক্ষা কেন্দ্রত চাৰিওটা শাখাত মুঠ ৩.৩০ লাখ পৰীক্ষার্থীয়ে এই পৰীক্ষাত অৱতীর্ণ হৈছিল। যোৱা ১১ ফেব্রুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
পাকিস্তানৰ ৪খন অশান্ত প্ৰদেশক খণ্ড খণ্ড কৰাৰ পৰিকল্পনা আছিম মুনিৰৰ
গুৱাহাটী আৰু শিলচৰৰ পাছত এইবাৰ গোৱালপাৰাত গ্ৰেপ্তাৰ ১২ বাংলাদেশী নাগৰিক
মন্দিয়াত ই-ৰিক্সা হঠাৎ বাগৰি পৰি থিতাতে নিহত কণমানি ছাত্ৰী; কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে আহত
২ লাখ ভাৰতীয়ই আমেৰিকাত হেৰুৱাব ভোটাধিকাৰ!
অসমৰ ভ্ৰাম্যমাণ নাট্যজগতলৈ দুঃখবৰ! কহিনুৰ থিয়েটাৰ বন্ধ কৰাৰ ইংগিত প্ৰযোজক তপন লহকৰৰ
আজি মহালয়া; শাৰদীয় দুৰ্গোৎসৱৰ আগমনিৰ বতৰা
কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূর্ণ পদক্ষেপ; চীন সীমান্তৰ নতুন মানচিত্ৰ ভাৰতৰ
হোজাইৰ নভঙাত চাঞ্চল্যকৰ ঘটনা! পৰকীয়া প্ৰেমৰ বাবে এগৰাকী বোৱাৰীক হত্যা যুৱকৰ
‘গ্ল’বেল হেলথ এষ্টিমেট্‌ছ’ৰ প্রতিবেদনত প্ৰকাশ; ৭১ বছৰলৈ বৃদ্ধি ভাৰতীয়ৰ গড় আয়ুস
ভাৰতৰ শান্তি প্রচেষ্টাক ইউক্রেইনৰ আদৰণি
তিনিদিন ধৰি নিৰুদ্দেশ বৰপেটাৰ যুৱতী অনন্যা নাথ; কান্দোনত ভাঙি পৰিছে পৰিয়াল
আৰক্ষীৰ তীব্ৰ অভিযানত হাটশিঙিমাৰীত গ্ৰেপ্তাৰ ১১ জনকৈ চোৰাং গৰু সৰবৰাহকাৰী
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ