--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অহা ১০ এপ্রিলত মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিহুৰ পূর্বেই উচ্চতৰ মাধ্যমিকৰো ফলাফল ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছিল।

ডিজিটেল ডেস্ক: এইবাৰ বহাগ বিহুৰ পূৰ্বে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব যদিও বিহুৰ পাছতহে উচ্চতৰ মাধ্যমিক (হায়াৰ ছেকেণ্ডাৰী)পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব। অহা ২০ এপ্ৰিলৰ পাছত হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল ফলাফল ঘোষণা কৰা হ'ব। 


এইকথা প্রকাশ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। সমাগত বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানত অংশগ্রহণ কৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰা মুখ্যমন্ত্রীজনে এক জনসভাত অংশ ল'বলৈ যোৱাৰ সময়ত পৰীক্ষার্থী ভাগিনে ফলাফল ঘোষণা কৰা বিষয়ত কৰা প্রশ্নৰ উত্তৰ দি অহা ২০ এপ্রিলৰ পাছত আনুষ্ঠানিকভাৱে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলি প্রকাশ কৰে।


লক্ষণীয় যে অহা ১০ এপ্রিলত মেট্রিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতে বিহুৰ পূর্বেই উচ্চতৰ মাধ্যমিকৰো ফলাফল ঘোষণা কৰা হ'ব বুলি আশা কৰা হৈছিল। কিন্তু মুখ্যমন্ত্রীজনে বিহুৰ পাছতহে ফলাফল ঘোষণা কৰাৰ কথা নিশ্চিত কৰে। 


ইফালে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণা কৰাৰ বাবে যাৱতীয় প্রস্তুতি প্রায় চূড়ান্ত কৰিছে বুলি জানিব পৰা গৈছে। প্রণিধানযোগ্য যে চলিত বৰ্ষত ৰাজ্যৰ ৮২১টা পৰীক্ষা কেন্দ্রত চাৰিওটা শাখাত মুঠ ৩.৩০ লাখ পৰীক্ষার্থীয়ে এই পৰীক্ষাত অৱতীর্ণ হৈছিল। যোৱা ১১ ফেব্রুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ এই পৰীক্ষা অনুষ্ঠিত হৈছিল।


উৎসঃ দৈনিক জনমভূমি






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ