--°C
Loading...
Advertisement
Listen to Article
4 min read
80%

In Short

  • ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে।

ডিজিটেল ডেস্ক: ছুইজাৰলেণ্ডৰ ডাভোছত ১৯ জানুৱাৰী অৰ্থাৎ আজি পৰা ২৩ জানুৱাৰীলৈ অনুষ্ঠিত হ'বলগা বিশ্বৰ অতি সন্মানজনক ৱৰ্ল্ড ইক'নমিক ফ'ৰামত (ডব্লিউ ই এফ) অংশগ্ৰহণ কৰিব মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 


উল্লেখযোগ্য যে ভাৰতৰ কেইবাখনো আগশাৰীৰ ৰাজ্যৰ লগতে অসমকো প্রতিনিধিত্ব কৰিবলৈ ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। পূৰ্বে দেশৰ আগশাৰীৰ ৰাজ্যসমূহে এই ৱৰ্ল্ড ইক'নমিক ফ'ৰামত ভাৰতক প্রতিনিধিত্ব কৰি আহিছিল। কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে অসমক ভাৰত চৰকাৰে এই সুযোগ প্রদান কৰিছে। এই সন্মিলনত অংশগ্ৰহণৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই অহা ১৯ জানুৱাৰীত ডাভোছলৈ যাব আৰু তাত চাৰি দিন থাকি বিশ্বৰ উদ্যোগপতি, অর্থনীতিবিদ, বহুজাতিক কোম্পানীৰ চি ই অ', বিশ্ব বেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বীসকলৰ সৈতে হ'বলগীয়া বৰ্ল্ড ইক'নমিক ফ'ৰামত অসমক প্রতিনিধিত্ব কৰিব। মুখ্যমন্ত্রী ড° শৰ্মাই হ'ব ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশ লোৱা প্ৰথমগৰাকী অসমীয়া। 


উল্লেখ্যযোগ্য যে যিকোনো ৰাজ্য, উদ্যোগ প্রতিষ্ঠান বা দেশে বর্ল্ড ইক'নমিক ফ'ৰামত সঠিক বক্তব্য উপস্থাপন কৰিব পাৰিলে বিশ্বৰ প্ৰসিদ্ধ বিনিয়োগকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ থাকে। এডভান্টেজ আছাম সম্মিলনৰ সফল সামৰণিৰ পাছত মুখ্যমন্ত্ৰীৰ ডাভোছত ৱৰ্ল্ড ইক'নমিক ফ'ৰামত অংশগ্রহণে অসমৰ বিনিয়োগ, অর্থনীতি আদি বিষয়ত এক নিশ্চিত ৰূপত বিশেষ প্রভাব পেলাব। ৱৰ্ল্ড ইক'নমিক ফ'ৰামত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ৰাজনৈতিক নেতাসকলো উপস্থিত থাকে। এইবেলিও আমেৰিকাৰ ৰাষ্ট্ৰপতিকে ধৰি ভিন্ন দেশৰ ৰাষ্ট্ৰপতি উপস্থিত থাকিব। এইক্ষেত্রত দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ নাম এই তালিকাত অন্তর্ভুক্ত কৰাত নৱ বৰ্ষৰ আৰম্ভণিতে এক ভাল খবৰ হিচাপে বিবেচিত হৈছে। 


উল্লেখযোগ্য যে পাঁচদিনীয়া এই সন্মিলনখনত অসম তথা ভাৰতৰ অন্তর্ভুক্তিমূলক বিকাশ আৰু ডিজিটেল বিপ্লৱ আদিকে ধৰি উন্নয়নৰ বিভিন্ন বিষয় উপস্থাপন কৰা হ'ব। ইতিমধ্যে ভাৰতৰ দ্রুত অর্থনৈতিক বিকাশে বিশ্বজুৰি সকলোৰে দৃষ্টি আকর্ষণ কৰি আহিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে অসমৰ ক্ষিপ্ৰ উন্নয়ন আৰু সম্ভাৱনামূলক অর্থনৈতিক বিকাশৰ দিশত লোৱা পদক্ষেপে উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিছে। তেনে প্রেক্ষাপটত এইবাৰ অসমেও সেই সুযোগ লাভ কৰিব। আনহাতে, গুৰুত্বপূর্ণ ক্ষেত্ৰসমূহত উল্লেখযোগ্য অগ্রগতিৰ সৈতে বিশ্ব মঞ্চত আগশাৰীৰ শক্তি হিচাপে ভাৰতে নিজৰ স্থান অধিক দৃঢ় কৰি তুলিছে আৰু অসমেও এক দিশত মুখ্য ভূমিকা গ্রহণ কৰিব পাৰে। ৰাজ্যৰ উন্নয়নত নতুন মাত্ৰা প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ভিন্ন পৰিকল্পনা ফ'ৰামত উপস্থাপন কৰি অসমক বিশ্বৰ সন্মুখত শক্তিশালীভাৱে তুলি ধৰাৰ প্ৰয়াস কৰিব। মুখ্যমন্ত্ৰীৰ এই ফ'ৰামত অংশগ্ৰহণৰ জৰিয়তে অসমে আর্থিক ক্ষেত্ৰত অংশীদাৰিত্ব শক্তিশালী কৰা, বিনিয়োগকাৰীক আকৰ্ষিত কৰা, স্থায়ী উন্নয়ন আৰু প্রযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত অসমক আগশাৰীলৈ নিয়াৰ দিশত নিশ্চিত পদক্ষেপ ল'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে ফ'ৰামত ১৭খনতকৈও অধিক বৈঠকত অংশ ল'ব আৰু বহুকেইখন বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব। মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী ঔদ্যোগিক যুগৰ বাবে ভৱিষ্যৎমুখী পৰিকল্পনা প্রস্তুত, কৰ্মশক্তিৰ সুৰক্ষা, ভ্রমণ আৰু পর্যটন-১০ ট্রিলিয়ন ডলাৰৰ সম্ভাৱনামূলক গন্তব্যস্থলী, স্বাস্থ্য আৰু স্বাস্থ্য সেৱা মঞ্চকে ধৰি চাৰিখনকৈ আলোচনা-চক্রত অংশগ্রহণ কৰিব। তেওঁ ভাৰতৰ দ্রুত অর্থনৈতিক ৰূপান্তৰৰ অংশ হিচাপে অসমৰ ওদ্যোগিক অগ্রগতি, বিনিয়োগৰ সুযোগ আৰু সাফল্যৰ বিভিন্ন তথ্য উপস্থাপন কৰিব। বিশ্বৰ অন্যতম সর্ববৃহৎ বাণিজ্য সন্মিলনত মুখ্যমন্ত্রীয়ে বিদেশৰ বহু উদ্যোগপতিৰ সৈতে একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰাৰো সম্ভাৱনা আছে। 


উল্লেখযোগ্য যে বৰ্ল্ড ইক'নমিক ফ'ৰাম এক 'নন প্রফিট অর্গেনাইজেশ্যন' আৰু এই সংস্থা প্রতিষ্ঠা হৈছিল ১৯৭১ চনত। ই প্রকৃততে বিশ্বৰ সৰ্ববৃহৎ কাৰ্যকৰী বাণিজ্যিক সম্মিলন। আনহাতে, ই বাণিজ্যতে সীমাবদ্ধ নহয়, ইয়াৰ পৰিসৰ অধিক ব্যাপক। ইয়াৰ উদ্দেশ্য হৈছে বিশ্বজুৰি ভূ-ৰাজনীতি, শিক্ষা-প্রযুক্তি, আর্থিক নীতি, বিনিয়োগ আদিৰে সমৃদ্ধ কৰি বিশ্বৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰা তথা সামৰি লোৱা অসমৰ লগতে এইবাৰ ভাৰতবৰ্ষৰ পৰা আন ৯খন ৰাজ্যয়ো অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে, য'ত পাঁচগৰাকী মুখ্যমন্ত্ৰী আৰু চাৰিজন কেন্দ্রীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। 


'স্পিৰিট অব্ ডায়লগ' বিষয়বস্তুৰে ইক 'নমিক ফ'ৰামৰ এই সংস্কৰণত অসমে নিজৰ প্ৰকল্প আৰু ধাৰণা ইয়াত উপস্থাপন কৰিবলৈ পোৱাটো এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে। ইয়াৰ দ্বাৰা অসমত নতুন বিনিয়োগ, ছেমি কণ্ডাক্টৰৰ দৰে নতুন প্রকল্প আৰু যুৱ প্ৰজন্মৰ বাবে নিয়োগ সৃষ্টি আদিকে ধৰি ভিন্ন দিশেৰে অসম সমৃদ্ধ হ'ব। তদুপৰি ভাৰতৰ লগতে এই ফ'ৰামত বিশ্বৰ আন প্রায় ৫০খন দেশেও ভাগ ল'ব। মুখ্যমন্ত্ৰীৰ ডাভোছৰ সন্মিলনত অংশগ্রহণে ভৱিষ্যতৰ দিনত অসমে নিশ্চিতভাৱে গ্ল'বেল ইনভেষ্টমেন্ট হাবৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বকাপক লৈ বিতর্ক; ইৰানী অনুৰাগীৰ আবণ্টিত টিকট বাতিল ফিফাৰ
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement