--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ সাধাৰণ জনতা অর্থনৈতিকভাবে সবল নহ'লেও জনসাধাৰণে নিৰ্বাচন কৰা জনপ্রতিনিধিসকলৰ আর্থিক ভঁৰাল যে টনকিয়াল হৈছে, সেইটো শেহতীয়াকৈ প্রকাশিত এখন প্রতিবেদনে প্রমাণিত কৰিছে।

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ জনতা অর্থনৈতিকভাবে সবল নহ'লেও জনসাধাৰণে নিৰ্বাচন কৰা জনপ্রতিনিধিসকলৰ আর্থিক ভঁৰাল যে টনকিয়াল হৈছে, সেইটো শেহতীয়াকৈ প্রকাশিত এখন প্রতিবেদনে প্রমাণিত কৰিছে। 


২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তিনিটা কার্যকালৰ বাবে নির্বাচিত লোক সভাৰ ১০২গৰাকী সদস্যৰ সম্পত্তিৰ মূল্যায়নত পোৱা গৈছে যে এই সময়ছোৱাত তেওঁলোকৰ সম্পত্তিৰ গড় বিকাশৰ হাৰ হৈছে ১১০ শতাংশ। 


এছ'চিয়েশান ফৰ ডেম'ক্রেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু নেশ্যনেল ইলেকশ্যন বাছে প্রকাশ কৰা এখন প্রতিবেদনত দেখুওৱা হৈছে যে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা সাংসদ হিচাপে পুনৰ নিৰ্বাচিত হোৱা ১০২গৰাকী লোক সভাৰ সদস্যৰ সম্পত্তিৰ গড় মূল্য ২০১৪ চনত আছিল ১৫.৭৬ কোটি টকা, ২০১৯ চনত আছিল ২৪.২১ কোটি টকা আৰু ২০২৪ চনত হয় ৩৩.১৩ কোটি টকা। ২০১৪ আৰু ২০২৪ চনৰ লোক সভাৰ নির্বাচনসমূহৰ মাজত এই ১০২গৰাকী সাংসদৰ সম্পত্তিৰ গড় বিকাশ হৈছে ১৭.৩৬ কোটি টকা। 


২০১৪-২৪-ৰ সময়ছোৱাত সাংসদ হিচাপে নির্বাচিত হোৱা ১০২গৰাকী সদস্যই দিয়া স্ব-প্রত্যায়িত শপতনামাৰ ভিত্তিত এই মূল্যায়ন প্রতিবেদনখনত কৰা হৈছে। প্রতিবেদনখনত ১০ গৰাকী পুনৰ নিৰ্বাচিত সাংসদৰ সম্পত্তিৰ মূল্য (টকা হিচাপত) সর্বাধিক বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত শীৰ্ষত আছে সটৰা লোক সভাৰ আসনৰ পৰা নির্বাচিত হোৱা বিজেপিৰ সাংসদ শ্রীমন্ত উদয়নৰাজে প্রতাপসিংহমহাৰাজ ভছলে। ২০১৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৬০.৬০ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ২২৩.১২ কোটি টকা। তেওঁৰ সম্পত্তিৰ মূল্য ১৬২.৫১ কোটি টকা বৃদ্ধি হয়। 


আনহাতে, প্রধানমন্ত্রী তথা বাৰাণসীৰ সাংসদ নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ মূল্য এই সময়ছোৱাত ৮২ শতাংশ বৃদ্ধি হয়। ২০১৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য ছিল ১.৬৫ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ৩.০২ কোটি টকা। আনহাতে, লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীব গান্ধীৰ এই সময়ছোৱাত ১১৭ শতাংশ সম্পত্তিৰ মূল্য বৃদ্ধি হয়। ২০১৪ চনত ৰাহুলৰ সম্পত্তিৰ মূল্য আছিল ৯.৪০ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ২০.৩৯ কোটি টকা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ