--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • দেশৰ সাধাৰণ জনতা অর্থনৈতিকভাবে সবল নহ'লেও জনসাধাৰণে নিৰ্বাচন কৰা জনপ্রতিনিধিসকলৰ আর্থিক ভঁৰাল যে টনকিয়াল হৈছে, সেইটো শেহতীয়াকৈ প্রকাশিত এখন প্রতিবেদনে প্রমাণিত কৰিছে।

ডিজিটেল ডেস্ক : দেশৰ সাধাৰণ জনতা অর্থনৈতিকভাবে সবল নহ'লেও জনসাধাৰণে নিৰ্বাচন কৰা জনপ্রতিনিধিসকলৰ আর্থিক ভঁৰাল যে টনকিয়াল হৈছে, সেইটো শেহতীয়াকৈ প্রকাশিত এখন প্রতিবেদনে প্রমাণিত কৰিছে। 


২০১৪ চনৰ পৰা ২০২৪ চনৰ ভিতৰত তিনিটা কার্যকালৰ বাবে নির্বাচিত লোক সভাৰ ১০২গৰাকী সদস্যৰ সম্পত্তিৰ মূল্যায়নত পোৱা গৈছে যে এই সময়ছোৱাত তেওঁলোকৰ সম্পত্তিৰ গড় বিকাশৰ হাৰ হৈছে ১১০ শতাংশ। 


এছ'চিয়েশান ফৰ ডেম'ক্রেটিক ৰিফৰ্মছ (এ ডি আৰ) আৰু নেশ্যনেল ইলেকশ্যন বাছে প্রকাশ কৰা এখন প্রতিবেদনত দেখুওৱা হৈছে যে দেশৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা সাংসদ হিচাপে পুনৰ নিৰ্বাচিত হোৱা ১০২গৰাকী লোক সভাৰ সদস্যৰ সম্পত্তিৰ গড় মূল্য ২০১৪ চনত আছিল ১৫.৭৬ কোটি টকা, ২০১৯ চনত আছিল ২৪.২১ কোটি টকা আৰু ২০২৪ চনত হয় ৩৩.১৩ কোটি টকা। ২০১৪ আৰু ২০২৪ চনৰ লোক সভাৰ নির্বাচনসমূহৰ মাজত এই ১০২গৰাকী সাংসদৰ সম্পত্তিৰ গড় বিকাশ হৈছে ১৭.৩৬ কোটি টকা। 


২০১৪-২৪-ৰ সময়ছোৱাত সাংসদ হিচাপে নির্বাচিত হোৱা ১০২গৰাকী সদস্যই দিয়া স্ব-প্রত্যায়িত শপতনামাৰ ভিত্তিত এই মূল্যায়ন প্রতিবেদনখনত কৰা হৈছে। প্রতিবেদনখনত ১০ গৰাকী পুনৰ নিৰ্বাচিত সাংসদৰ সম্পত্তিৰ মূল্য (টকা হিচাপত) সর্বাধিক বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত শীৰ্ষত আছে সটৰা লোক সভাৰ আসনৰ পৰা নির্বাচিত হোৱা বিজেপিৰ সাংসদ শ্রীমন্ত উদয়নৰাজে প্রতাপসিংহমহাৰাজ ভছলে। ২০১৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৬০.৬০ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ২২৩.১২ কোটি টকা। তেওঁৰ সম্পত্তিৰ মূল্য ১৬২.৫১ কোটি টকা বৃদ্ধি হয়। 


আনহাতে, প্রধানমন্ত্রী তথা বাৰাণসীৰ সাংসদ নৰেন্দ্ৰ মোদীৰ সম্পত্তিৰ মূল্য এই সময়ছোৱাত ৮২ শতাংশ বৃদ্ধি হয়। ২০১৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য ছিল ১.৬৫ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ৩.০২ কোটি টকা। আনহাতে, লোক সভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীব গান্ধীৰ এই সময়ছোৱাত ১১৭ শতাংশ সম্পত্তিৰ মূল্য বৃদ্ধি হয়। ২০১৪ চনত ৰাহুলৰ সম্পত্তিৰ মূল্য আছিল ৯.৪০ কোটি টকা আৰু ২০২৪ চনত তেওঁৰ সম্পত্তিৰ মূল্য হয় ২০.৩৯ কোটি টকা।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু