--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রতিযোগিতাকেইখন হ'ল ২০২৬ চনৰ বুলগেৰিয়া অ'পেন, শ্লোভেনিয়া অ'পেন, ডাচ্চ অ'পেন আৰু অ'চেনিয়া চেম্পিয়নশ্বিপ-২০২৬।

ডিজিটেল ডেস্ক : অসম টাইকোৱাণ্ডো সন্থাৰ খেলুৱৈ আন্তর্জাতিক টাইকোৱাণ্ডোকা ৰ'দালি বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র কিউৰোগী ইভেণ্টৰ খেলুৱৈৰূপে আগন্তুক পাঁচখন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত অংশগ্ৰহণৰ পাৰ-পত্ৰ লাভ কৰিছে। 


প্রতিযোগিতাকেইখন হ'ল ২০২৬ চনৰ বুলগেৰিয়া অ'পেন, শ্লোভেনিয়া অ'পেন, ডাচ্চ অ'পেন আৰু অ'চেনিয়া চেম্পিয়নশ্বিপ-২০২৬। এই বাতৰি দিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। বিশ্ব টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ (ডব্লিউ টি এফ) স্বীকৃত কেউখন প্রতিযোগিতাই আন্তর্জাতিক জি-২ পৰ্যায়ৰ। 


ইয়াৰ উপৰি (২০২৬ চনত) নেপালত অনুষ্ঠিতব্য আন্তৰ্জাতিক জিৰ স্তৰৰ প্রতিযোগিতা চতুর্থ মাউণ্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপতো অংশগ্ৰহণৰ সুযোগ লাভ কৰা ৰ'দালি ইতিমধ্যে ভাৰতীয় দলৰ সৈতে প্রতিৱেশী ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত উপস্থিত হৈছেগৈ। আনহাতে, চলিত ফেব্ৰুৱাৰী আৰু অহা মার্চত অনুষ্ঠিত হ'বলগীয়া আগশাৰীৰ আন্তর্জাতিক চেম্পিয়নশ্বিপসমূহত অংশগ্ৰহণৰ বাবে টার্গেট এছিয়ান গেমছ গ্রুপে অসম কন্যাগৰাকীক ২১.২০ লাখ টকাৰ আর্থিক সাহায্যত অনুমোদন দিছে। 


উল্লেখযোগ্য যে ২০২৫ চনত প্রছিডেন্স কাপ আন্তর্জাতিক টাইকোৱাণ্ডো আৰু অষ্ট্ৰেলিয়াৰ অ'পেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ উভয়তে ৰ'দালি বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দুয়োখন প্রতিযোগিতা যোৱা বছৰ আগষ্টত অষ্ট্ৰেলিয়াৰ গ'ল্ড কোষ্টত অনুষ্ঠিত হৈছিল, য'ত ৰ'দালি অৱতীৰ্ণ হৈছিল ব্যক্তিগত ৭৫ কেজি ঊর্ধ্ব ওজন শাখাত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু