--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রতিযোগিতাকেইখন হ'ল ২০২৬ চনৰ বুলগেৰিয়া অ'পেন, শ্লোভেনিয়া অ'পেন, ডাচ্চ অ'পেন আৰু অ'চেনিয়া চেম্পিয়নশ্বিপ-২০২৬।

ডিজিটেল ডেস্ক : অসম টাইকোৱাণ্ডো সন্থাৰ খেলুৱৈ আন্তর্জাতিক টাইকোৱাণ্ডোকা ৰ'দালি বৰুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র কিউৰোগী ইভেণ্টৰ খেলুৱৈৰূপে আগন্তুক পাঁচখন আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত অংশগ্ৰহণৰ পাৰ-পত্ৰ লাভ কৰিছে। 


প্রতিযোগিতাকেইখন হ'ল ২০২৬ চনৰ বুলগেৰিয়া অ'পেন, শ্লোভেনিয়া অ'পেন, ডাচ্চ অ'পেন আৰু অ'চেনিয়া চেম্পিয়নশ্বিপ-২০২৬। এই বাতৰি দিছে অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়াই। বিশ্ব টাইকোৱাণ্ডো ফেডাৰেশ্যনৰ (ডব্লিউ টি এফ) স্বীকৃত কেউখন প্রতিযোগিতাই আন্তর্জাতিক জি-২ পৰ্যায়ৰ। 


ইয়াৰ উপৰি (২০২৬ চনত) নেপালত অনুষ্ঠিতব্য আন্তৰ্জাতিক জিৰ স্তৰৰ প্রতিযোগিতা চতুর্থ মাউণ্ট এভাৰেষ্ট আন্তঃৰাষ্ট্ৰীয় মুকলি টাইকোৱাণ্ডো চেম্পিয়নশ্বিপতো অংশগ্ৰহণৰ সুযোগ লাভ কৰা ৰ'দালি ইতিমধ্যে ভাৰতীয় দলৰ সৈতে প্রতিৱেশী ৰাষ্ট্ৰখনৰ ৰাজধানী চহৰ কাঠমাণ্ডুত উপস্থিত হৈছেগৈ। আনহাতে, চলিত ফেব্ৰুৱাৰী আৰু অহা মার্চত অনুষ্ঠিত হ'বলগীয়া আগশাৰীৰ আন্তর্জাতিক চেম্পিয়নশ্বিপসমূহত অংশগ্ৰহণৰ বাবে টার্গেট এছিয়ান গেমছ গ্রুপে অসম কন্যাগৰাকীক ২১.২০ লাখ টকাৰ আর্থিক সাহায্যত অনুমোদন দিছে। 


উল্লেখযোগ্য যে ২০২৫ চনত প্রছিডেন্স কাপ আন্তর্জাতিক টাইকোৱাণ্ডো আৰু অষ্ট্ৰেলিয়াৰ অ'পেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ উভয়তে ৰ'দালি বৰুৱাই ব্ৰঞ্জৰ পদক লাভ কৰিছিল। দুয়োখন প্রতিযোগিতা যোৱা বছৰ আগষ্টত অষ্ট্ৰেলিয়াৰ গ'ল্ড কোষ্টত অনুষ্ঠিত হৈছিল, য'ত ৰ'দালি অৱতীৰ্ণ হৈছিল ব্যক্তিগত ৭৫ কেজি ঊর্ধ্ব ওজন শাখাত।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ