--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • কালি প্রতি কেজি সোণৰ দাম ১০,৮২৫ টকা বৃদ্ধি পাই ১,৭৫,৩২৫ টকা হয়গৈ। চলিত বছৰত প্ৰতি দহ গ্রাম সোণৰ দাম এতিয়ালৈকে ৪৭,৯৯৩ টকা আৰু প্রতি কেজি ৰূপৰ দাম ৮৯,৩০৮ টকা বৃদ্ধি পালে।

ডিজিটেল ডেস্কঃ দেশৰ বজাৰত সোণ আৰু ৰূপৰ দামে নিতৌ নতুন অভিলেখ গঢ়িছে। সোমবাৰে সোণ আৰু ৰূপৰ দামে সর্বকালৰ অভিলেখ গড়ে। ইণ্ডিয়ান বুলিয়ন এণ্ড জুৱেলাৰ্ছ এছ'চিয়েশ্যনৰ (আই বি জে এ) তথ্য মতে, সোমবাৰে ২৪ কেৰেটৰ প্ৰতি দহ গ্রাম সোণৰ দাম ২,৬৩০ টকা বৃদ্ধি পাই ১,২৪,১৫৫ টকা হয়গৈ। ইয়াৰ আগতে যোৱা শুকুৰবাৰে প্ৰতি দহ গ্রাম সোণৰ দাম আছিল ১,২১,৫২৫ টকা। 


ইফালে ৰূপৰ দামো কালি সর্বকালৰ সৰ্বোচ্চ হয়গৈ। কালি প্রতি কেজি সোণৰ দাম ১০,৮২৫ টকা বৃদ্ধি পাই ১,৭৫,৩২৫ টকা হয়গৈ। চলিত বছৰত প্ৰতি দহ গ্রাম সোণৰ দাম এতিয়ালৈকে ৪৭,৯৯৩ টকা আৰু প্রতি কেজি ৰূপৰ দাম ৮৯,৩০৮ টকা বৃদ্ধি পালে। 


উল্লেখযোগ্য যে সোণৰ দাম চলিত বছৰত প্ৰতি দহ গ্রামত ডেৰ লাখ টকা অতিক্রম কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে দীপাৱলী আৰু ধন তেৰসৰ আগে আগে দেশৰ বজাৰত সোণ আৰু ৰূপৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। ইয়াৰ ফলত অনাগত দিন কেইটাত দুয়োবিধ ধাতুৰে দাম অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰি ডলাৰৰ তুলনাত টকাৰ মূল্য হ্রাস পোৱা আৰু বিশ্বৰ বিভিন্ন কেন্দ্ৰীয় বেংকে সোণ ক্ৰয় কৰাত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ দাম বৃদ্ধি পাইছে। ইয়াৰ প্ৰভাৱো সোণৰ দামত পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
মহানগৰীত মৰ্মান্তিক ঘটনা! কন্যাৰ জন্মদিনৰ দিনাই চিলিণ্ডাৰ বিস্ফোৰণত প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?