--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চাহ ব'র্ডে প্রকাশ কৰা তথ্য মতে, যোৱা আগষ্ট মাহত ৰাজ্যখনত উৎপাদিত হৈছে ১০৩
  • ৫২ নিযুত কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ আগষ্ট মাহত উৎপাদন হোৱা চাহৰ পৰিমাণ আছিল ১০৪
  • ৪৬ নিযুত কিল'গ্রাম।

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰবাবে অশনি সংকেত। সংকটৰ গৰাহত পৰিছে অসমৰ দুশ বছৰীয়া চাহ উদ্যোগটো। ৰাজ্যৰ অৰ্থনীতিলৈ বিশেষ অৰিহণা যোগাই অহা চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ থকা লাখ লাখ লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। কিয়নো শেহতীয়াকৈ ৰাজ্যখনত হ্রাস পাইছে চাহৰ উৎপাদন। 


চাহ ব'র্ডে প্রকাশ কৰা তথ্য মতে, যোৱা আগষ্ট মাহত ৰাজ্যখনত উৎপাদিত হৈছে ১০৩.৫২ নিযুত কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ আগষ্ট মাহত উৎপাদন হোৱা চাহৰ পৰিমাণ আছিল ১০৪.৪৬ নিযুত কিল'গ্রাম। আনহাতে, যোৱা জুন মাহত ৰাজ্যখনত মুঠ ৬৮.৫৫ নিযুত কিল'গ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে বিগত বৰ্ষৰ জুন মাহত উৎপাদিত হৈছিল ৭৫.৯১ নিযুত কিল'গ্রাম চাহ। এপ্রিল মাহতো ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছিল। 


বিগত বৰ্ষৰ এপ্রিল মাহত ৰাজ্যখনত ৪৩.১৭ নিযুত কিল'গ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ এপ্ৰিলত উৎপাদন হৈছে ৩৯.৫৩ নিযুত কিল'গ্রাম চাহহে। মন কৰিব লগীয়া যে বাৰিষাৰ দিনকেইটাই হৈছে চাহৰ উৎপাদনৰ সময়। এই সময়ছোৱাতে যদি উৎপাদন হ্রাস পায়, তেনেহ'লে অর্থনীতিত ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত। ইফালে, ৰাজ্যখনত এনেদৰে চাহৰ উৎপাদন হ্রাস পোৱাৰ সময়তে আকৌ বহু চাহ বাগিচা বিক্রীও হৈছে। ২০১৭ চনৰ পৰা ২০২২ চনলৈ অসমত প্রায় ৬৮খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠীয়ে। অভিযোগ উঠিছে যে একাংশ পুঁজিপতি চাহ ব্যৱসায়ীয়ে অন্য ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লৈছে। কিন্তু সময়মতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁলোকে বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত ল'বলগীয়া হৈছে। অন্য ব্যৱসায়ত মনোনিৱেশ কৰা এই ব্যৱসায়ীসকলে ৰাজ্যৰ চাহ উদ্যোগলৈ পিঠি দিয়াৰ বাবেই এতিয়া বিক্ৰী কৰি আছে ইখনৰ পাছত সিখনকৈ চাহ বাগিচা। 


আনহাতে, একাংশ বটলিফ ফেক্টৰীৰ বাবে অসমত কেঁচা চাহপাতৰ মূল্য অভাৱনীয়ভাবে হ্রাস পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ৰাজ্যৰ মুঠ চাহ উৎপাদনৰ আধাতকৈয়ো বেছি ক্ষুদ্র চাহ খেতিয়কসকলে উৎপাদন কৰে যদিও ক্ষুদ্র চাহ খেতিয়কসকলে উচিত দাম লাভ নকৰে। উৎপাদন ব্যয়তকৈ বহু কম মূল্যত কেঁচা চাহপাত বিক্ৰী কৰিব লগা হোৱাত আন্দোলনৰ পথ ল'বলগীয়া হৈছে ক্ষুদ্র চাহ খেতিয়কসকলে। সকলোতকৈ ডাঙৰ কথা যে চাহ উদ্যোগটোৱে সম্মুখীন হোৱা এই সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে চাহ শ্রমিকসকলক বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত কৰাতহে লাগি পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰখন। এনে পৰিস্থিতিত জলবায়ু পৰিৱৰ্তনৰ লগতে চৰকাৰৰ ভোটৰ অংকতেই ৰাজ্যৰ দুশ বছৰীয়া চাহ উদ্যোগটোৰ সমস্যা দিনক দিনে গভীৰ কৰিহে তুলিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু