--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • চাহ ব'র্ডে প্রকাশ কৰা তথ্য মতে, যোৱা আগষ্ট মাহত ৰাজ্যখনত উৎপাদিত হৈছে ১০৩
  • ৫২ নিযুত কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ আগষ্ট মাহত উৎপাদন হোৱা চাহৰ পৰিমাণ আছিল ১০৪
  • ৪৬ নিযুত কিল'গ্রাম।

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰবাবে অশনি সংকেত। সংকটৰ গৰাহত পৰিছে অসমৰ দুশ বছৰীয়া চাহ উদ্যোগটো। ৰাজ্যৰ অৰ্থনীতিলৈ বিশেষ অৰিহণা যোগাই অহা চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ থকা লাখ লাখ লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। কিয়নো শেহতীয়াকৈ ৰাজ্যখনত হ্রাস পাইছে চাহৰ উৎপাদন। 


চাহ ব'র্ডে প্রকাশ কৰা তথ্য মতে, যোৱা আগষ্ট মাহত ৰাজ্যখনত উৎপাদিত হৈছে ১০৩.৫২ নিযুত কিল'গ্রাম চাহ। ইয়াৰ বিপৰীতে বিগত বৰ্ষৰ আগষ্ট মাহত উৎপাদন হোৱা চাহৰ পৰিমাণ আছিল ১০৪.৪৬ নিযুত কিল'গ্রাম। আনহাতে, যোৱা জুন মাহত ৰাজ্যখনত মুঠ ৬৮.৫৫ নিযুত কিল'গ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে বিগত বৰ্ষৰ জুন মাহত উৎপাদিত হৈছিল ৭৫.৯১ নিযুত কিল'গ্রাম চাহ। এপ্রিল মাহতো ৰাজ্যখনত চাহৰ উৎপাদন হ্রাস পাইছিল। 


বিগত বৰ্ষৰ এপ্রিল মাহত ৰাজ্যখনত ৪৩.১৭ নিযুত কিল'গ্রাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষৰ এপ্ৰিলত উৎপাদন হৈছে ৩৯.৫৩ নিযুত কিল'গ্রাম চাহহে। মন কৰিব লগীয়া যে বাৰিষাৰ দিনকেইটাই হৈছে চাহৰ উৎপাদনৰ সময়। এই সময়ছোৱাতে যদি উৎপাদন হ্রাস পায়, তেনেহ'লে অর্থনীতিত ব্যাপক প্ৰভাৱ পৰাটো নিশ্চিত। ইফালে, ৰাজ্যখনত এনেদৰে চাহৰ উৎপাদন হ্রাস পোৱাৰ সময়তে আকৌ বহু চাহ বাগিচা বিক্রীও হৈছে। ২০১৭ চনৰ পৰা ২০২২ চনলৈ অসমত প্রায় ৬৮খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠীয়ে। অভিযোগ উঠিছে যে একাংশ পুঁজিপতি চাহ ব্যৱসায়ীয়ে অন্য ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লৈছে। কিন্তু সময়মতে বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁলোকে বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত ল'বলগীয়া হৈছে। অন্য ব্যৱসায়ত মনোনিৱেশ কৰা এই ব্যৱসায়ীসকলে ৰাজ্যৰ চাহ উদ্যোগলৈ পিঠি দিয়াৰ বাবেই এতিয়া বিক্ৰী কৰি আছে ইখনৰ পাছত সিখনকৈ চাহ বাগিচা। 


আনহাতে, একাংশ বটলিফ ফেক্টৰীৰ বাবে অসমত কেঁচা চাহপাতৰ মূল্য অভাৱনীয়ভাবে হ্রাস পোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে। ৰাজ্যৰ মুঠ চাহ উৎপাদনৰ আধাতকৈয়ো বেছি ক্ষুদ্র চাহ খেতিয়কসকলে উৎপাদন কৰে যদিও ক্ষুদ্র চাহ খেতিয়কসকলে উচিত দাম লাভ নকৰে। উৎপাদন ব্যয়তকৈ বহু কম মূল্যত কেঁচা চাহপাত বিক্ৰী কৰিব লগা হোৱাত আন্দোলনৰ পথ ল'বলগীয়া হৈছে ক্ষুদ্র চাহ খেতিয়কসকলে। সকলোতকৈ ডাঙৰ কথা যে চাহ উদ্যোগটোৱে সম্মুখীন হোৱা এই সমস্যাসমূহ সমাধানৰ পৰিৱৰ্তে চাহ শ্রমিকসকলক বিভিন্ন আঁচনিৰ জৰিয়তে উপকৃত কৰাতহে লাগি পৰিছে ৰাজ্যৰ বিজেপি চৰকাৰখন। এনে পৰিস্থিতিত জলবায়ু পৰিৱৰ্তনৰ লগতে চৰকাৰৰ ভোটৰ অংকতেই ৰাজ্যৰ দুশ বছৰীয়া চাহ উদ্যোগটোৰ সমস্যা দিনক দিনে গভীৰ কৰিহে তুলিছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ