--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ‍্যোগত আজি ‘লিট
  • ডিচিজে
  • জি
  • ইউ
  • ’ শীৰ্ষক সাহিত‍্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি

ডিজিটেল ডেস্কঃ সাহিত‍্যৰ‍ ক্ষেত্ৰত নতুন প্ৰজন্মৰ উৎসাহ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মানসিক-শৈক্ষিক বিকাশৰ লক্ষ‍্যৰে গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ‍্যোগত আজি ‘লিট. ডিচিজে. জি.ইউ.’ শীৰ্ষক সাহিত‍্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয় বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথম বাৰলৈ। 


সহকাৰী অধ‍্যাপক ড০ চন্দন কুমাৰ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-সাহিত‍্যিক তথা বিশ্ববিদ্যালয়ৰ কলাবিভাগৰ ডিন, তথা অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক কামালুদ্দিন আহমেদে। ভাষণ প্ৰসংগত তেখেতে অসমীয়া সাহিত‍্যৰ যাত্ৰা, কবিতা লিখাৰ শৈলী আৰু নতুন প্ৰজন্মই গুৰুত্ব আৰোপ কৰিবলগীয়া দিশ সমূহ সম্পৰ্কে আলোকপাত কৰে। ইয়াৰ পাছতেই বিভাগৰ ছাত্ৰী স্নিগ্ধা হালৈৰ Sanatan Dharma আৰু The Amazing Story Book শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। 


শোভিত কমল বৰাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তত্বাৱধায়ক ড০ জাকিৰুল আলমেও প্ৰাসংগিক বক্তব‍্য আগবঢ়ায় আৰু সাংবাদিকতাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৃজনশীলতা প্ৰৱনতাক গুৰুত্ব আৰোপ কৰিলেহে এই দিশত সফল হোৱাটো সম্ভৱ বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কতৃপক্ষ তথা উপাচাৰ্য, অধ‍্যাপক ননী গোপাল মহন্তৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে ডঃ আলমে, তেওঁ ছাত্ৰ ছাত্ৰীৰ সবাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়া বাবেহে এনেবোৰ বিকাশ সম্ভৱ বুলি উল্লেখ কৰে। বিভাগৰ মুৰব্বী অধ‍্যাপক, ডঃ অংকুৰন দত্তৰ পৃষ্ঠপোষকতাত সম্ভৱ হোৱা বাবে তেওঁৰো শলাগ লয়। দুয়োখন গ্ৰ্ন্থৰ সম্পাদনা আৰু পাতনি লিখা ডঃ আলমে তেওঁৰে ছাত্ৰী নিস্থা হালৈক শুভেচ্ছা জ্ঞাপন কৰে।


ইয়াৰ পিছতেই এক আকৰ্ষণীয় সাহিত‍্য কুইজ আৰু সাঁথৰ প্ৰতিযোগিতাৰ সঞ্চালনা কৰে ক্লাবৰ সভাপতি বিতোপন ৰাজবংশীয়ে। ক্লাবৰ সম্পাদিকা পৰিস্মিতা গোস্বামী, আৰু বিষয়ববীয়া ক্ৰমান্বয়ে দেৱদৰ্শনা দেউৰী, শোভিত কমল বৰা আৰু ইফাত আৰা হাবিবৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা অনুষ্ঠানটোত কবিতা আবৃত্তিৰে সজাই পৰাই তোলে দীপজ‍্যোতি শৰ্মা, ইফাত আৰা হাবিব আৰু উজ্বলমণি তালুকদাৰে। অনুষ্ঠানত অধ‍্যাপিকা ড০ অনুপা লহকৰ গোস্বামী সমন্বিতে বিভাগীয় ছাত্ৰ ছাত্ৰী সকলেও উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ