--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ‍্যোগত আজি ‘লিট
  • ডিচিজে
  • জি
  • ইউ
  • ’ শীৰ্ষক সাহিত‍্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি

ডিজিটেল ডেস্কঃ সাহিত‍্যৰ‍ ক্ষেত্ৰত নতুন প্ৰজন্মৰ উৎসাহ বৃদ্ধি কৰাৰ লগতে ছাত্ৰ ছাত্ৰীৰ মানসিক-শৈক্ষিক বিকাশৰ লক্ষ‍্যৰে গুৱাহাটী বিশ্ববিদ‍্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ‍্যোগত আজি ‘লিট. ডিচিজে. জি.ইউ.’ শীৰ্ষক সাহিত‍্য ক্লাবৰ আনুষ্ঠানিক আৰম্ভণি কৰা হয় বিভাগৰ ৬০ বছৰীয়া ইতিহাসত প্ৰথম বাৰলৈ। 


সহকাৰী অধ‍্যাপক ড০ চন্দন কুমাৰ গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত মুখ‍্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট কবি-সাহিত‍্যিক তথা বিশ্ববিদ্যালয়ৰ কলাবিভাগৰ ডিন, তথা অসমীয়া বিভাগৰ মুৰব্বী অধ‍্যাপক কামালুদ্দিন আহমেদে। ভাষণ প্ৰসংগত তেখেতে অসমীয়া সাহিত‍্যৰ যাত্ৰা, কবিতা লিখাৰ শৈলী আৰু নতুন প্ৰজন্মই গুৰুত্ব আৰোপ কৰিবলগীয়া দিশ সমূহ সম্পৰ্কে আলোকপাত কৰে। ইয়াৰ পাছতেই বিভাগৰ ছাত্ৰী স্নিগ্ধা হালৈৰ Sanatan Dharma আৰু The Amazing Story Book শীৰ্ষক দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। 


শোভিত কমল বৰাই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তত্বাৱধায়ক ড০ জাকিৰুল আলমেও প্ৰাসংগিক বক্তব‍্য আগবঢ়ায় আৰু সাংবাদিকতাৰ ছাত্ৰ-ছাত্ৰী সকলৰ সৃজনশীলতা প্ৰৱনতাক গুৰুত্ব আৰোপ কৰিলেহে এই দিশত সফল হোৱাটো সম্ভৱ বুলি উল্লেখ কৰে । এই ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কতৃপক্ষ তথা উপাচাৰ্য, অধ‍্যাপক ননী গোপাল মহন্তৰ ভূমিকাক ভূয়সী প্ৰশংসা কৰে ডঃ আলমে, তেওঁ ছাত্ৰ ছাত্ৰীৰ সবাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়া বাবেহে এনেবোৰ বিকাশ সম্ভৱ বুলি উল্লেখ কৰে। বিভাগৰ মুৰব্বী অধ‍্যাপক, ডঃ অংকুৰন দত্তৰ পৃষ্ঠপোষকতাত সম্ভৱ হোৱা বাবে তেওঁৰো শলাগ লয়। দুয়োখন গ্ৰ্ন্থৰ সম্পাদনা আৰু পাতনি লিখা ডঃ আলমে তেওঁৰে ছাত্ৰী নিস্থা হালৈক শুভেচ্ছা জ্ঞাপন কৰে।


ইয়াৰ পিছতেই এক আকৰ্ষণীয় সাহিত‍্য কুইজ আৰু সাঁথৰ প্ৰতিযোগিতাৰ সঞ্চালনা কৰে ক্লাবৰ সভাপতি বিতোপন ৰাজবংশীয়ে। ক্লাবৰ সম্পাদিকা পৰিস্মিতা গোস্বামী, আৰু বিষয়ববীয়া ক্ৰমান্বয়ে দেৱদৰ্শনা দেউৰী, শোভিত কমল বৰা আৰু ইফাত আৰা হাবিবৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা অনুষ্ঠানটোত কবিতা আবৃত্তিৰে সজাই পৰাই তোলে দীপজ‍্যোতি শৰ্মা, ইফাত আৰা হাবিব আৰু উজ্বলমণি তালুকদাৰে। অনুষ্ঠানত অধ‍্যাপিকা ড০ অনুপা লহকৰ গোস্বামী সমন্বিতে বিভাগীয় ছাত্ৰ ছাত্ৰী সকলেও উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু