--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জম্মু-কাশ্মীৰত নতুনকৈ প্রবল তুষাৰপাত হৈছে। জনপ্রিয় 'স্কি' পর্যটনস্থলী গুলমার্গতো বৰফৰ শুকুলা আচ্ছাদনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : সমগ্ৰ উত্তৰ ভাৰতত বতৰৰ অৱস্থাৰ দ্রুত পৰিৱৰ্তন ঘটিছে শুকুৰবাৰে। বিজুলী-ঢেৰেকনিৰে দিল্লীত বৰষুণ হৈছে। আনহাতে, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অংশত প্রবল তুষাৰপাত হৈছে। প্রবল তুষাৰপাতৰ বাবে ৰাজ্যকেইখনত বিমান আৰু পথ যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) প্রকাশ কৰা মতে, দিল্লীত শুকুৰবাৰৰ গোটেই দিনটো আকাশ ডাৱৰীয়া হৈ থাকিব। 


ইফালে, জম্মু-কাশ্মীৰত নতুনকৈ প্রবল তুষাৰপাত হৈছে। জনপ্রিয় 'স্কি' পর্যটনস্থলী গুলমার্গতো বৰফৰ শুকুলা আচ্ছাদনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। যদিও পূৰ্বতে এই পৰিৱেশে পৰ্যটক আৰু স্থানীয় লোকসকলক আনন্দ দিছিল, কিন্তু এইবাৰ এখন বিপৰীত ছবিহে দেখা গ'ল। অত্যধিক বৰফ জমা হোৱাৰ বাবে কাশ্মীৰ উপত্যকাত ব্যক্তিগত বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাও ব্যাহত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। 


প্রবল তুষাৰপাতৰ বাবে শ্রীনগৰ বিমান বন্দৰত সকলো বিমানৰ উৰণ বাতিল কৰা হয়। কাশ্মীৰৰ পৰা অহা-যোৱা সকলো বিমানৰ চলাচল বাতিল কৰিব লগা হয়। আই এম ডিৰ মতে 'ৱেষ্টার্ন ডিষ্টাৰবেন্স'ৰ বাবে উত্তৰ পশ্চিম ভাৰতত ২৬ জানুৱাৰীলৈকে বতৰৰ অৱস্থা অপৰিৱৰ্তিত থাকিব। আনহাতে, জম্মু-কাশ্মীৰৰ উধমপুৰত প্ৰবল তুষাৰপাতত আবদ্ধ হৈ পৰা ১২জন পর্যটকক ৩ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰিব পৰা গ'ল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু