--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জম্মু-কাশ্মীৰত নতুনকৈ প্রবল তুষাৰপাত হৈছে। জনপ্রিয় 'স্কি' পর্যটনস্থলী গুলমার্গতো বৰফৰ শুকুলা আচ্ছাদনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে

ডিজিটেল ডেস্ক : সমগ্ৰ উত্তৰ ভাৰতত বতৰৰ অৱস্থাৰ দ্রুত পৰিৱৰ্তন ঘটিছে শুকুৰবাৰে। বিজুলী-ঢেৰেকনিৰে দিল্লীত বৰষুণ হৈছে। আনহাতে, জম্মু-কাশ্মীৰ, হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ বিভিন্ন অংশত প্রবল তুষাৰপাত হৈছে। প্রবল তুষাৰপাতৰ বাবে ৰাজ্যকেইখনত বিমান আৰু পথ যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) প্রকাশ কৰা মতে, দিল্লীত শুকুৰবাৰৰ গোটেই দিনটো আকাশ ডাৱৰীয়া হৈ থাকিব। 


ইফালে, জম্মু-কাশ্মীৰত নতুনকৈ প্রবল তুষাৰপাত হৈছে। জনপ্রিয় 'স্কি' পর্যটনস্থলী গুলমার্গতো বৰফৰ শুকুলা আচ্ছাদনে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰিছে। যদিও পূৰ্বতে এই পৰিৱেশে পৰ্যটক আৰু স্থানীয় লোকসকলক আনন্দ দিছিল, কিন্তু এইবাৰ এখন বিপৰীত ছবিহে দেখা গ'ল। অত্যধিক বৰফ জমা হোৱাৰ বাবে কাশ্মীৰ উপত্যকাত ব্যক্তিগত বাহন আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থাও ব্যাহত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতো অসুবিধাৰ সৃষ্টি হৈছে। 


প্রবল তুষাৰপাতৰ বাবে শ্রীনগৰ বিমান বন্দৰত সকলো বিমানৰ উৰণ বাতিল কৰা হয়। কাশ্মীৰৰ পৰা অহা-যোৱা সকলো বিমানৰ চলাচল বাতিল কৰিব লগা হয়। আই এম ডিৰ মতে 'ৱেষ্টার্ন ডিষ্টাৰবেন্স'ৰ বাবে উত্তৰ পশ্চিম ভাৰতত ২৬ জানুৱাৰীলৈকে বতৰৰ অৱস্থা অপৰিৱৰ্তিত থাকিব। আনহাতে, জম্মু-কাশ্মীৰৰ উধমপুৰত প্ৰবল তুষাৰপাতত আবদ্ধ হৈ পৰা ১২জন পর্যটকক ৩ ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত উদ্ধাৰ কৰিব পৰা গ'ল।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ