--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২৫ চনৰ মাজভাগৰ পৰাই নাইজেৰিয়াত কম-বেছি পৰিমাণে দুর্ভিক্ষই দেখা দি আহিছে। যোৱা বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ দেশখনত কেইবাবাৰো হোৱা বানত প্রায় ৩
  • ৫০ লাখ লোক ক্ষতিগ্রস্ত হৈছে।

ডিজিটেল ডেস্ক: পশ্চিম আফ্ৰিকাৰ দেশ নাইজেৰিয়া চলিত বৰ্ষত ভয়াৱহ দুর্ভিক্ষৰ কবলত পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। দেশখনৰ ৩.৫ কোটি লোকে বছৰটোত দুর্ভিক্ষৰ সন্মুখীন হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। তদুপৰি, সংঘর্ষ বিধ্বস্ত দেশখনৰ ৩০ লাখ শিশুরে পুষ্টিহীনতাত ভুগিব লগা হৈছে। দেশখনলৈ বিশ্বজনীন সাহায্য বন্ধ হৈ পৰাৰ পাছতে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদনত এই চিন্তা উদ্রেককাৰী তথ্য প্রকাশ পাইছে। 

নাইজেৰিয়াৰ ৰাজধানী আবুজাত চলিত বৰ্ষৰ মানৱীয় সাহায্য শিবিৰ মুকলি কৰি ৰাষ্ট্ৰসংঘৰ সমন্বয়ক মহম্মদ মালিক ফলে কয় যে দেশখনলৈ বিদেশী সাহায্য বন্ধ হৈ পৰিছে যাৰ ফলত জনতাৰ প্রয়োজনীয়তা পূৰণ কৰাটো কঠিন হৈ পৰিছে। উল্লেখযোগ্য যে দেশখনৰ বোৰনো, আডামাৱা, য়াবে আদি অঞ্চলত সাম্প্রদায়িক সংঘর্ষ বৃদ্ধি পোৱাত আকালে দেখা দিছে। 


এই অঞ্চলকেইটাত ২০২৫ চনত প্রথম ৮টা মাহতে আত্মঘাতী বোমা আক্রমণ আৰু অন্যান্য আক্রমণত চাৰি হাজাৰ লোকৰ মৃত্যু হৈছিল। দেশখনৰ দুর্ভিক্ষ নিবাৰণৰ বাবে ৰাষ্ট্ৰসংঘই কিছু পৰিমাণে ব্যৱস্থা গ্রহণ কৰিছে। চলিত বৰ্ষত দেশখনৰ ২৫ লাখ লোকে জীৱনদায়িনী সামগ্রী লাভ কৰিব পৰাকৈ ৰাষ্ট্ৰসংঘই ৫১৬ নিযুত মার্কিন ডলাৰৰ সাহায্য আগবঢ়াইছে। যিটো ২০২৫ চনতকৈ যথেষ্ট কম। 


উল্লেখযোগ্য যে ২০২৫ চনৰ মাজভাগৰ পৰাই নাইজেৰিয়াত কম-বেছি পৰিমাণে দুর্ভিক্ষই দেখা দি আহিছে। যোৱা বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ দেশখনত কেইবাবাৰো হোৱা বানত প্রায় ৩.৫০ লাখ লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ১.১৩ লাখ লোকে ঘৰ-বাৰী এৰি আন ঠাইত আশ্রয় ল'ব লগা হৈছিল। প্রায় ৫০০ লোকে বানত প্রাণ হেৰুৱাইছিল।


ইফালে দেশখনত বিভিন্ন পক্ষৰ মাজত হৈ থকা সংঘৰ্ষৰ ঘটনাসমূহো দুর্ভিক্ষজনিত পৰিস্থিতিৰ অন্যতম কাৰণ হৈ পৰিছে। যোৱা বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে দেশখনত বিভিন্ন পক্ষৰ সংঘৰ্ষৰ ফলত প্রায় ২২ লাখ লোকে ঘৰ-বাৰী এৰি স্থানান্তৰ হ'ব লগা হৈছিল। 


মূলতঃ খ্ৰীষ্টান আৰু মুছলমানৰ মাজৰ সংঘৰ্ষই দেশখনত ভয়াৱহ ৰূপ লৈ আহিছে। যাৰ ফলত জনতাৰ খাদ্য, স্বাস্থ্য আৰু অন্যান্য প্রাথমিক প্রয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰত নেতিবাচক প্রভাৱ পৰিছে। উপযুক্ত খাদ্য নাপাই শিশুসকলো পুষ্টিহীনতাত ভুগিব লগা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ