--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০২৫ চনৰ মাজভাগৰ পৰাই নাইজেৰিয়াত কম-বেছি পৰিমাণে দুর্ভিক্ষই দেখা দি আহিছে। যোৱা বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ দেশখনত কেইবাবাৰো হোৱা বানত প্রায় ৩
  • ৫০ লাখ লোক ক্ষতিগ্রস্ত হৈছে।

ডিজিটেল ডেস্ক: পশ্চিম আফ্ৰিকাৰ দেশ নাইজেৰিয়া চলিত বৰ্ষত ভয়াৱহ দুর্ভিক্ষৰ কবলত পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে। দেশখনৰ ৩.৫ কোটি লোকে বছৰটোত দুর্ভিক্ষৰ সন্মুখীন হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে। তদুপৰি, সংঘর্ষ বিধ্বস্ত দেশখনৰ ৩০ লাখ শিশুরে পুষ্টিহীনতাত ভুগিব লগা হৈছে। দেশখনলৈ বিশ্বজনীন সাহায্য বন্ধ হৈ পৰাৰ পাছতে বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘই প্ৰকাশ কৰা প্ৰতিবেদনত এই চিন্তা উদ্রেককাৰী তথ্য প্রকাশ পাইছে। 

নাইজেৰিয়াৰ ৰাজধানী আবুজাত চলিত বৰ্ষৰ মানৱীয় সাহায্য শিবিৰ মুকলি কৰি ৰাষ্ট্ৰসংঘৰ সমন্বয়ক মহম্মদ মালিক ফলে কয় যে দেশখনলৈ বিদেশী সাহায্য বন্ধ হৈ পৰিছে যাৰ ফলত জনতাৰ প্রয়োজনীয়তা পূৰণ কৰাটো কঠিন হৈ পৰিছে। উল্লেখযোগ্য যে দেশখনৰ বোৰনো, আডামাৱা, য়াবে আদি অঞ্চলত সাম্প্রদায়িক সংঘর্ষ বৃদ্ধি পোৱাত আকালে দেখা দিছে। 


এই অঞ্চলকেইটাত ২০২৫ চনত প্রথম ৮টা মাহতে আত্মঘাতী বোমা আক্রমণ আৰু অন্যান্য আক্রমণত চাৰি হাজাৰ লোকৰ মৃত্যু হৈছিল। দেশখনৰ দুর্ভিক্ষ নিবাৰণৰ বাবে ৰাষ্ট্ৰসংঘই কিছু পৰিমাণে ব্যৱস্থা গ্রহণ কৰিছে। চলিত বৰ্ষত দেশখনৰ ২৫ লাখ লোকে জীৱনদায়িনী সামগ্রী লাভ কৰিব পৰাকৈ ৰাষ্ট্ৰসংঘই ৫১৬ নিযুত মার্কিন ডলাৰৰ সাহায্য আগবঢ়াইছে। যিটো ২০২৫ চনতকৈ যথেষ্ট কম। 


উল্লেখযোগ্য যে ২০২৫ চনৰ মাজভাগৰ পৰাই নাইজেৰিয়াত কম-বেছি পৰিমাণে দুর্ভিক্ষই দেখা দি আহিছে। যোৱা বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈ দেশখনত কেইবাবাৰো হোৱা বানত প্রায় ৩.৫০ লাখ লোক ক্ষতিগ্রস্ত হোৱাৰ লগতে ১.১৩ লাখ লোকে ঘৰ-বাৰী এৰি আন ঠাইত আশ্রয় ল'ব লগা হৈছিল। প্রায় ৫০০ লোকে বানত প্রাণ হেৰুৱাইছিল।


ইফালে দেশখনত বিভিন্ন পক্ষৰ মাজত হৈ থকা সংঘৰ্ষৰ ঘটনাসমূহো দুর্ভিক্ষজনিত পৰিস্থিতিৰ অন্যতম কাৰণ হৈ পৰিছে। যোৱা বৰ্ষৰ জানুৱাৰীৰ পৰা জুনলৈকে দেশখনত বিভিন্ন পক্ষৰ সংঘৰ্ষৰ ফলত প্রায় ২২ লাখ লোকে ঘৰ-বাৰী এৰি স্থানান্তৰ হ'ব লগা হৈছিল। 


মূলতঃ খ্ৰীষ্টান আৰু মুছলমানৰ মাজৰ সংঘৰ্ষই দেশখনত ভয়াৱহ ৰূপ লৈ আহিছে। যাৰ ফলত জনতাৰ খাদ্য, স্বাস্থ্য আৰু অন্যান্য প্রাথমিক প্রয়োজনীয়তাসমূহ পূৰণৰ ক্ষেত্ৰত নেতিবাচক প্রভাৱ পৰিছে। উপযুক্ত খাদ্য নাপাই শিশুসকলো পুষ্টিহীনতাত ভুগিব লগা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু