--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত সৃষ্টি হোৱা প্ৰবল বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত জনজীৱনত ব্যাপক প্ৰভাৱ পৰাত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে হিমাচল প্ৰদেশৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পৰা শোচনীয় হৈ পৰিছে আৰু এই বিষয়টো দেশৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শনিবাৰে হিমাচল প্রদেশত বর্তমানে সংঘটিত হৈ থকা প্রাকৃতিক দুৰ্যোগৰ বিষয়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত সৃষ্টি হোৱা প্ৰবল বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত জনজীৱনত ব্যাপক প্ৰভাৱ পৰাত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে হিমাচল প্ৰদেশৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পৰা শোচনীয় হৈ পৰিছে আৰু এই বিষয়টো দেশৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে।


শীৰ্ষতম আদালতখনে হিমাচল প্ৰদেশত পৰিৱেশগত ভাৰসাম্যহীনৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি কয় যে যদি পৰিস্থিতি সলনি নহয়, তেনেহ'লে হিমাচল প্রদেশ দেশৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ আৰু বেছি দিন নাই। উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰে গঠিত এখন বিচাৰপীঠে কয়, 'আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মনোযোগ দিবলৈ আহ্বান জনাইছোঁ যে ৰাজহ উপাৰ্জন কৰাটোৱে সকলো নহয়। পৰিৱেশৰ বিনিময়ত ৰাজহ উপাৰ্জন কৰিব পৰা নাযায়। যদি আজিৰ তাৰিখৰ দৰে ঘটনাক্রম চলি থাকে, তেনেহ'লে দেশৰ মানচিত্ৰৰ পৰা হিমাচল প্রদেশ অদৃশ্য হৈ বায়ুত বিলীন হ'ব। ভগৱানে এই ধৰণৰ পৰিঘটনা হ'বলৈ যাতে নিদিয়ে।'


উল্লেখযোগ্য যে হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ শুনানি লৈ ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে এইদৰে কয়। ৰাজ্যখনৰ এটা নির্দিষ্ট অঞ্চল 'সেউজ এলেকা' ঘোষণা কৰিবলৈ এখন অধিসূচনা বিচাৰি দাখিল কৰা আৱেদনখন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল হিমাচল উচ্চ ন্যায়ালয়যায়ালয়ে। উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু