--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত সৃষ্টি হোৱা প্ৰবল বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত জনজীৱনত ব্যাপক প্ৰভাৱ পৰাত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে হিমাচল প্ৰদেশৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পৰা শোচনীয় হৈ পৰিছে আৰু এই বিষয়টো দেশৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে।

ডিজিটেল ডেস্ক : উচ্চতম ন্যায়ালয়ে শনিবাৰে হিমাচল প্রদেশত বর্তমানে সংঘটিত হৈ থকা প্রাকৃতিক দুৰ্যোগৰ বিষয়ত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


জলবায়ু পৰিৱৰ্তনৰ বাবে ৰাজ্যখনত সৃষ্টি হোৱা প্ৰবল বৰষুণ, আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত জনজীৱনত ব্যাপক প্ৰভাৱ পৰাত উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে কয় যে হিমাচল প্ৰদেশৰ অৱস্থা ক্ৰমাৎ বেয়াৰ পৰা শোচনীয় হৈ পৰিছে আৰু এই বিষয়টো দেশৰ বাবে উদ্বেগজনক বিষয় হৈ পৰিছে।


শীৰ্ষতম আদালতখনে হিমাচল প্ৰদেশত পৰিৱেশগত ভাৰসাম্যহীনৰ বিষয়টোত উদ্বেগ প্রকাশ কৰি কয় যে যদি পৰিস্থিতি সলনি নহয়, তেনেহ'লে হিমাচল প্রদেশ দেশৰ মানচিত্ৰৰ পৰা নোহোৱা হ'বলৈ আৰু বেছি দিন নাই। উচ্চতম ন্যয়ালয়ৰ ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু আৰ মহাদেৱনৰে গঠিত এখন বিচাৰপীঠে কয়, 'আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মনোযোগ দিবলৈ আহ্বান জনাইছোঁ যে ৰাজহ উপাৰ্জন কৰাটোৱে সকলো নহয়। পৰিৱেশৰ বিনিময়ত ৰাজহ উপাৰ্জন কৰিব পৰা নাযায়। যদি আজিৰ তাৰিখৰ দৰে ঘটনাক্রম চলি থাকে, তেনেহ'লে দেশৰ মানচিত্ৰৰ পৰা হিমাচল প্রদেশ অদৃশ্য হৈ বায়ুত বিলীন হ'ব। ভগৱানে এই ধৰণৰ পৰিঘটনা হ'বলৈ যাতে নিদিয়ে।'


উল্লেখযোগ্য যে হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ বিৰুদ্ধে দাখিল কৰা আৱেদনৰ শুনানি লৈ ২৮ জুলাইত উচ্চতম ন্যায়ালয়ে এইদৰে কয়। ৰাজ্যখনৰ এটা নির্দিষ্ট অঞ্চল 'সেউজ এলেকা' ঘোষণা কৰিবলৈ এখন অধিসূচনা বিচাৰি দাখিল কৰা আৱেদনখন গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল হিমাচল উচ্চ ন্যায়ালয়যায়ালয়ে। উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ