--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেন্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ গ্রুপ 'এইচ'ৰ অন্তিমখন মেচত ভাৰতে ২-০ ব্যৱধানত ইউ এ ইক হৰুৱাই গ্রুপ চেম্পিয়ন হৈ নকআউট ৰাউণ্ডত প্রৱেশ কৰে।

ডিজিটেল ডেস্ক : ভাৰতে চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ গ্ৰুপত অপৰাজেয় যাত্রা অব্যাহত ৰাখি কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ কৰিছে। 


গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেন্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ গ্রুপ 'এইচ'ৰ অন্তিমখন মেচত ভাৰতে ২-০ ব্যৱধানত ইউ এ ইক হৰুৱাই গ্রুপ চেম্পিয়ন হৈ নকআউট ৰাউণ্ডত প্রৱেশ কৰে। 


উল্লেখযোগ্য যে মিক্সড দলীয় ইভেন্টৰ পূৰ্বৰ দুখন মেচত ভাৰতে নেপাল আৰু শ্রীলংকাকো ২-০ ব্যৱধানতে পৰাস্ত কৰিছিল। অৱশ্যে কালি ভাৰতে বিপক্ষ ইউ এ ইৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হয়। বেষ্ট অব্ থ্ৰী দুখন মেচৰ মুঠ দহটা ছেটৰ চাৰিটা ইউ এ ই দলে লাভ কৰিবলৈ সক্ষম হয়। 


প্রতিযোগিতাখনত ভাৰতে প্রথমবাৰৰ বাবে ছেট হেৰুৱাইছে। কিন্তু শীর্ষ বাছনিৰ তনবী শৰ্মা আৰু উন্নতি হুদাৰ লগতে দুয়োখন মেচৰ মিক্সড ডাবলছ ছেটত মিজোৰামৰ শ্বাটলাৰ লালৰামছাংগাৰ অনৱদ্য প্ৰদৰ্শনে ভাৰতৰ ৪৫-৩৭ আৰু ৪৫-৩৪ ব্যবধানত জয় নিশ্চিত কৰে। কালি হোৱা প্ৰথম মেচৰ মহিলাৰ ছিংগলছত তনবীয়ে ৯-৫ ৰ ব্যৱধানত ছেট দখল কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে। ইয়াৰ পাছতে মিক্সড ডাবলছত লালবামছাংগা আৰু বিশাখাই ৯-৫ত জয়ী হৈ ভাৰতৰ অগ্রগতি ১৮-১০ কৰিবলৈ সক্ষম হয়। 


একেদৰে মহিলাৰ ডাবলছত বেনেলা আৰু বেশিকাই ৯-৮ৰ ব্যৱধানত জয়ী হোৱাত পইণ্টৰ ব্যৱধান ২৭-১৮ হয় আৰু ইউ এ ইৰ হাতৰ পৰা মেচ ওলাই যায়। পৰৱৰ্তী পুৰুষৰ ছিংগলছত লালথাজুৱালা প্রত্যাহ্বানৰ সম্মুখীন হৈ ছেটটো ৯-৯৩ সামৰে। সামগ্রিক পইণ্টৰ ব্যৱধান হয় ৩৬-২৭। আনহাতে, অন্তিম ছেট পুৰুষৰ ডাবলছৰ মেচত ভার্গৱ ৰাম আৰু বিশ্ব তেজ যুটিয়ে ৯-১০ত ব্যর্থতাৰ সন্মুখীন হয় যদিও ভাৰতৰ ৪৫-৩৭ৰ বিজয় নিশ্চিত হয় তথা আয়োজক দেশখনে মেচত ১-০ৰ অগ্রগতি লয়। দ্বিতীয়খন মেচৰ প্ৰথম ছেটত তনবীৰ দৰেই এইবাৰ মহিলাৰ ছিংগলছতে ৯-৬ত জয়ী হৈ ভাৰতক অগ্রগতি দিয়ে উন্নতিয়ে। 


আনহাতে, মিক্সড ডাবলছত লালৰামছাংগাই আনিয়া বিষ্টৰ লগত যুটি বান্ধি ৯-৫ত ছেট দখল কৰি ভাৰতৰ অগ্রগতি ১৮-১১ কৰে। এই সাত পইণ্টৰ ব্যৱধান হোৱাৰ লগে লগে ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ নিশ্চিত হয়। পৰৱৰ্তী মহিলা ডাবলছৰ ছোটতো বেনেলা আৰু এঞ্জেল পুনেৰাই ৯-৫ ত লাভ কৰে। ভাৰতৰ অগ্রগতি হয় ২৭-১৬। গুৰুত্বহীন পাছৰ দুটা ছেটৰ পুৰুষৰ একক শাখাত ভাৰতৰ সূৰ্যকাশ ৰাৱটে ৯-৯ তথা পুৰুষৰ ডাবলছত ভার্গৱ ৰাম আৰু বিশ্ব তেজেও ৯-৯তে মেচ সামৰে আৰু ভাৰতৰ ৪৫-৩৪ৰ বিজয় নিশ্চিত হয়। প্রতিযোগিতাৰ মিক্সড দলীয় ইভেন্টৰ অন্য গ্ৰুপৰ পৰা আমেৰিকা, ১৪ বাৰৰ চেম্পিয়ন চীন, ডিফেন্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ গ্ৰুপৰ পৰাই বিদায় লয় শীর্ষ বাছনিৰ থাইলেণ্ডে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ