--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেন্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ গ্রুপ 'এইচ'ৰ অন্তিমখন মেচত ভাৰতে ২-০ ব্যৱধানত ইউ এ ইক হৰুৱাই গ্রুপ চেম্পিয়ন হৈ নকআউট ৰাউণ্ডত প্রৱেশ কৰে।

ডিজিটেল ডেস্ক : ভাৰতে চলিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিন্টন চেম্পিয়নশ্বিপৰ গ্ৰুপত অপৰাজেয় যাত্রা অব্যাহত ৰাখি কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ কৰিছে। 


গুৱাহাটীৰ আমিনগাঁওস্থিত নেশ্যনেল চেন্টাৰ অব্ এক্সেলেন্সত চলি থকা প্রতিযোগিতাৰ গ্রুপ 'এইচ'ৰ অন্তিমখন মেচত ভাৰতে ২-০ ব্যৱধানত ইউ এ ইক হৰুৱাই গ্রুপ চেম্পিয়ন হৈ নকআউট ৰাউণ্ডত প্রৱেশ কৰে। 


উল্লেখযোগ্য যে মিক্সড দলীয় ইভেন্টৰ পূৰ্বৰ দুখন মেচত ভাৰতে নেপাল আৰু শ্রীলংকাকো ২-০ ব্যৱধানতে পৰাস্ত কৰিছিল। অৱশ্যে কালি ভাৰতে বিপক্ষ ইউ এ ইৰ পৰা প্ৰত্যাহ্বানৰ সন্মুখীন হয়। বেষ্ট অব্ থ্ৰী দুখন মেচৰ মুঠ দহটা ছেটৰ চাৰিটা ইউ এ ই দলে লাভ কৰিবলৈ সক্ষম হয়। 


প্রতিযোগিতাখনত ভাৰতে প্রথমবাৰৰ বাবে ছেট হেৰুৱাইছে। কিন্তু শীর্ষ বাছনিৰ তনবী শৰ্মা আৰু উন্নতি হুদাৰ লগতে দুয়োখন মেচৰ মিক্সড ডাবলছ ছেটত মিজোৰামৰ শ্বাটলাৰ লালৰামছাংগাৰ অনৱদ্য প্ৰদৰ্শনে ভাৰতৰ ৪৫-৩৭ আৰু ৪৫-৩৪ ব্যবধানত জয় নিশ্চিত কৰে। কালি হোৱা প্ৰথম মেচৰ মহিলাৰ ছিংগলছত তনবীয়ে ৯-৫ ৰ ব্যৱধানত ছেট দখল কৰি ভাৰতক সুন্দৰ আৰম্ভণি দিয়ে। ইয়াৰ পাছতে মিক্সড ডাবলছত লালবামছাংগা আৰু বিশাখাই ৯-৫ত জয়ী হৈ ভাৰতৰ অগ্রগতি ১৮-১০ কৰিবলৈ সক্ষম হয়। 


একেদৰে মহিলাৰ ডাবলছত বেনেলা আৰু বেশিকাই ৯-৮ৰ ব্যৱধানত জয়ী হোৱাত পইণ্টৰ ব্যৱধান ২৭-১৮ হয় আৰু ইউ এ ইৰ হাতৰ পৰা মেচ ওলাই যায়। পৰৱৰ্তী পুৰুষৰ ছিংগলছত লালথাজুৱালা প্রত্যাহ্বানৰ সম্মুখীন হৈ ছেটটো ৯-৯৩ সামৰে। সামগ্রিক পইণ্টৰ ব্যৱধান হয় ৩৬-২৭। আনহাতে, অন্তিম ছেট পুৰুষৰ ডাবলছৰ মেচত ভার্গৱ ৰাম আৰু বিশ্ব তেজ যুটিয়ে ৯-১০ত ব্যর্থতাৰ সন্মুখীন হয় যদিও ভাৰতৰ ৪৫-৩৭ৰ বিজয় নিশ্চিত হয় তথা আয়োজক দেশখনে মেচত ১-০ৰ অগ্রগতি লয়। দ্বিতীয়খন মেচৰ প্ৰথম ছেটত তনবীৰ দৰেই এইবাৰ মহিলাৰ ছিংগলছতে ৯-৬ত জয়ী হৈ ভাৰতক অগ্রগতি দিয়ে উন্নতিয়ে। 


আনহাতে, মিক্সড ডাবলছত লালৰামছাংগাই আনিয়া বিষ্টৰ লগত যুটি বান্ধি ৯-৫ত ছেট দখল কৰি ভাৰতৰ অগ্রগতি ১৮-১১ কৰে। এই সাত পইণ্টৰ ব্যৱধান হোৱাৰ লগে লগে ভাৰতৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ নিশ্চিত হয়। পৰৱৰ্তী মহিলা ডাবলছৰ ছোটতো বেনেলা আৰু এঞ্জেল পুনেৰাই ৯-৫ ত লাভ কৰে। ভাৰতৰ অগ্রগতি হয় ২৭-১৬। গুৰুত্বহীন পাছৰ দুটা ছেটৰ পুৰুষৰ একক শাখাত ভাৰতৰ সূৰ্যকাশ ৰাৱটে ৯-৯ তথা পুৰুষৰ ডাবলছত ভার্গৱ ৰাম আৰু বিশ্ব তেজেও ৯-৯তে মেচ সামৰে আৰু ভাৰতৰ ৪৫-৩৪ৰ বিজয় নিশ্চিত হয়। প্রতিযোগিতাৰ মিক্সড দলীয় ইভেন্টৰ অন্য গ্ৰুপৰ পৰা আমেৰিকা, ১৪ বাৰৰ চেম্পিয়ন চীন, ডিফেন্ডিং চেম্পিয়ন ইণ্ডোনেছিয়াও কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে জাপানৰ বিৰুদ্ধে পৰাস্ত হৈ গ্ৰুপৰ পৰাই বিদায় লয় শীর্ষ বাছনিৰ থাইলেণ্ডে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু