--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বেটিং, বলিং, ফিল্ডিং সকলো দিশতে ব্যর্থতা প্রদর্শন কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াতো শুভমন গীলৰ নেতৃত্বত ভাৰতে পৰাজয়ৰ মুখ দেখে।

ডিজিটেল ডেস্ক : বেটিং, বলিং, ফিল্ডিং সকলো দিশতে ব্যর্থতা প্রদর্শন কৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় এদিনীয়াতো শুভমন গীলৰ নেতৃত্বত ভাৰতে পৰাজয়ৰ মুখ দেখে। 


তিনিখনীয়া শৃংখলাটোৰ প্রথম দুখন মেচত জয়ী হৈ ঘৰুৱা দল অষ্ট্ৰেলিয়াই ২-০ ব্যৱধানত শৃংখলা জয় কৰাটো সুনিশ্চিত কৰে। উল্লেখযোগ্য যে ৰোহিত শর্মা আৰু বিৰাট কোহলীৰ প্ৰত্যাৱৰ্তনৰ পাছত ভাৰতীয় দলে এদিনীয়াত নিজৰ সুন্দৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা কৰা হৈছিল। 


দ্বিতীয় এদিনীয়াত অষ্ট্ৰেলিয়াই ভাৰতক দুই উইকেটৰ ব্যৱধানত পৰাজিত কৰে। কালি প্রথমে বেটিং কৰি ভাৰতে ৯ উইকেট হেৰুৱাই ২৬৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ৪৬.২ অভাৰত আঠটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। 


ভাৰতীয় বলাৰসকলে ভাৰতৰ ইনিংছত ৰোহিত আৰু শ্রেয়াস আয়াৰৰ বাদে আগশাৰীৰ বেটাৰৰ ব্যৰ্থতাৰ পাছত ছয়জন বলাৰে দলক জয়ী কৰোৱাৰ বাবে চেষ্টা চলায় যদিও সফল হ'ব নোৱাৰিলে। অষ্ট্ৰেলিয়াৰ ইনিংছৰ শেষৰফালে কুপাৰ কন'লীয়ে ভাৰতীয় বলিং আক্রমণক ওফৰাই পেলাই দলক জয়ৰ দিশলৈ লৈ যায়। তেওঁ মাত্র ৫৩টা বলত ৫টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰান কৰে। তেওঁৰ উপৰি মেথিউ শ্বৰ্টে ৭৮টা বলত ৭৪ ৰান আৰু মিচেল অ'ৱেনে ৩৬ ৰান কৰে। ভাৰতে ইনিংছ মুকলি কৰাৰ পাছত ১৭ৰান হওঁতেই অধিনায়ক শুভমন গীল (৯) আৰু বিৰাট কোহলীৰ (০) উইকেট দুটা হেৰুৱায়। সেই সময়তে ৰোহিত আৰু শ্রেয়াসে দৃঢ়তাৰে বেটিং কৰি দলক সংকটৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰে। দুয়োৰে মাজত তৃতীয় উইকেটত ১১৮ ৰান সংগ্ৰহ কৰে। 


ৰোহিতে ধৈর্য আৰু সাহসেৰে খেলি ৯৭টা বলত ৭টা চাৰি আৰু ২টা ছয়েৰে ৭৩ ৰান সংগ্ৰহ কৰে। আনহাতে শ্রেয়াসে ৭৭টা বলত ৭টা চাৰিৰে ৬১ ৰান কৰে। অক্ষৰ পেটেলে ৪১টা বলত ৪৪ ৰান কৰে। ইফালে হৰ্ষিত ৰানাই (অপৰাজিত ২৪) অর্শদীপ সিঙৰ সৈতে মিলি নৱম উইকেটত ৩৭ ৰান যোগ কৰি ভাৰতৰ স্ক'ৰ ২৬০ পাৰ কৰে। অষ্ট্ৰেলিয়াৰ স্পীনাৰ আডাম জাম্পাই ৬০ ৰান দি চাৰিটা উইকেট দখল কৰে। 


বিৰাট কোহলীয়ে দ্বিতীয়খন মেচতো এটাও ৰান গোটাব নোৱাৰিলে। বেটিঙত ব্যর্থ হোৱাৰ পাছত কোহলী পেভিলিয়নলৈ উভতি যোৱাৰ সমত দর্শকসকলে অভিবাদন জনায়। উল্লেখযোগ্য যে এডিলেইডত কোহলীয়ে কেইবাটাও টেষ্ট শতক আৰু পাকিস্তানৰ বিৰুদ্ধে বিশ্ব কাপত চেঞ্চুৰী কৰিছিল। ৰোহিত, শ্রেয়াস আৰু অক্ষৰৰ বাদে কালি ভাৰতৰ প্ৰায় সকলো বেটাৰ অষ্ট্ৰেলিয়াৰ বলিং আক্রমণ প্রতিহত কৰাত ব্যর্থ হয়। উল্লেখযোগ্য যে এডিলেইডত ভাৰত ৫০ বছৰৰ পাছত পৰাজিত হয়। 


আনহাতে ভাৰতীয় ফিল্ডাৰৰ হতাশাজনক প্রদর্শনো অষ্ট্ৰেলিয়াৰ জায়ৰ অন্যতম কাৰণ আছিল। ভাৰতে কালি কমেও তিনিটা কেচ পেলাই দিয়ে। মেথিউ শ্বর্টে দুবাৰ জীৱনদান পায় আৰু পাছত তেওঁ ৭৪ ৰান কৰি দলৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি