--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • জুবিন গাৰ্গৰ নাম লিপিবদ্ধ এই জাৰ্ছীটোৰ নম্বৰ হৈছে ১০। উল্লেখযোগ্য যে ফুটবল জগতত জার্জী নম্বৰ ১০ কেৱল এটা সংখ্যা নহয়, ই হৈছে দলৰ সৰ্বশ্রেষ্ঠ প্রতিভা, সৃজনশীলতা আৰু নেতৃত্বৰ প্ৰতীক।

ডিজিটেল ডেস্কঃ অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত দুলীয়াজানৰ নেহৰু ময়দানত চলি থকা অষ্টমসংখ্যক অইল ইণ্ডিয়া গ'ল্ড কাপ ফুটবলৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত অইল ইণ্ডিয়া এফ চিৰ নতুন জাৰ্জীৰ লগতে হার্টথ্রব জুবিন গাৰ্গৰ নামতো এক বিশেষ জার্জী উন্মোচন কৰা হয়।


জুবিন গাৰ্গৰ নাম লিপিবদ্ধ এই জাৰ্ছীটোৰ নম্বৰ হৈছে ১০। উল্লেখযোগ্য যে ফুটবল জগতত জার্জী নম্বৰ ১০ কেৱল এটা সংখ্যা নহয়, ই হৈছে দলৰ সৰ্বশ্রেষ্ঠ প্রতিভা, সৃজনশীলতা আৰু নেতৃত্বৰ প্ৰতীক।


পৰম্পৰাগতভাৱে, এই নম্বৰটো দলৰ সেইগৰাকী খেলুৱৈক দিয়া হয় যি খেলপথাৰত মিডফিল্ডাৰ আৰু ডিফেণ্ডাৰৰ মাজত সংযোগ স্থাপন কৰি খেলৰ গতি নিয়ন্ত্ৰণ কৰে আৰু গ'লৰ সুযোগ সৃষ্টি কৰে- এওঁকেই সাধাৰণতে প্লে'মেকাৰ বা আক্রমণাত্মক মিডফিল্ডাৰ বুলি কোৱা হয়। এই স্থানৰ খেলুৱৈৰ পৰা তীক্ষ্ণ দৃষ্টি, সঠিক পাছ আৰু অতি সুন্দৰ ড্রিবলিং দক্ষতা আশা কৰা হয়।


এই নম্বৰটোক কিম্বদন্তিৰ মৰ্যাদা প্ৰদান কৰাসকলৰ ভিতৰত শীর্ষস্থানত আছে ব্রাজিলৰ ফুটবলাৰ পেলে, যাৰ হাততেই এই নম্বৰটোৱে প্ৰথম বিশ্বব্যাপী জনপ্রিয়তা লাভ কৰিছিল; আর্জেন্টিনাৰ যাদুকৰ ডিয়েগো মাৰাডোনা, যি নিজৰ দেশক বিশ্ব কাপ বিজয়ী কৰি তুলিছিল; আৰু বৰ্তমানৰ মহান খেলুৱৈ লায়োনেল মেছি (আর্জেন্টিনা), যাৰ খেলৰ শৈলীয়ে এই সংখ্যাটোৰ ঐতিহাসিক মহত্ত্বক এক নতুন মাত্ৰা প্ৰদান কৰিছে।


এইসকলৰ উপৰি, ১০ নম্বৰ জাৰ্ছীৰে বিশ্বজুৰি খ্যাতি লাভ কৰা আন কেইজনমান উল্লেখযোগ্য খেলুৱৈ হ'ল- জিনেদিন জিদান (ফ্রান্স), ৰ'নাল্ডিনহো (ব্রাজিল), আৰু মিছেল প্লেটিনি (ফ্রান্স)। এই কিংবদন্তিসকলৰ বাবেই জাৰ্ছী নম্বৰ ১০ ফুটবলাৰ এজনৰ বাবে সপোনৰ আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ নম্বৰ হৈ পৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ