--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ষ্টাৰ্মাৰে কালি ১২৫জন আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, অগ্রণী উদ্যমী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক প্রতিষ্ঠানৰ বিষয়াক লৈ ইয়াত উপস্থিত হয়। তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব।

ডিজিটেল ডেস্ক : ভাৰত ২০২৮ চনৰ ভিতৰত বিশ্বৰ তৃতীয় অর্থনীতিত পৰিণত হ'ব। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰত ভ্ৰমণলৈ অহা ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰে। ষ্টাৰ্মাৰে কয় যে ভাৰত ২০২৮ চনলৈ বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে আৰু দেশখনৰ সৈতে ব্যৱসায় ক্ষিপ্র তথা সস্তীয়া হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত যথেষ্ট সুযোগৰ সৃষ্টি হ'ব বুলিও তেওঁ উল্লেখ কৰে। 


তেওঁ কয়, 'জুলাই মাহত আমি ভাৰতৰ সৈতে এখন বৃহৎ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰোঁ। ই কোনো এখন দেশৰ সৈতে কৰা আটাইতকৈ সুৰক্ষিত চুক্তি, কিন্তু কাহিনী ইমানতে অন্ত পৰা নাই। ই কেৱল এখন কাগজৰ টুকুৰা নহয়, ই বিকাশৰ এক 'লান্সপেড'।' 


উল্লেখযোগ্য যে ষ্টাৰ্মাৰে কালি ১২৫জন আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, অগ্রণী উদ্যমী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক প্রতিষ্ঠানৰ বিষয়াক লৈ ইয়াত উপস্থিত হয়। তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। 


ইফালে ষ্টাৰ্মাৰে কালি মুম্বাইত বলিউডৰ অভিনেত্ৰী ৰাণী মুখার্জীৰ সৈতে এখন চিনেমা চায়। তেওঁ যশৰাজ ষ্টুডিঅ' পৰিদৰ্শন কৰে আৰু মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় বিধানীক লগ ধৰে। তেওঁ নিশালৈ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু