--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখযোগ্য যে ষ্টাৰ্মাৰে কালি ১২৫জন আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, অগ্রণী উদ্যমী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক প্রতিষ্ঠানৰ বিষয়াক লৈ ইয়াত উপস্থিত হয়। তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব।

ডিজিটেল ডেস্ক : ভাৰত ২০২৮ চনৰ ভিতৰত বিশ্বৰ তৃতীয় অর্থনীতিত পৰিণত হ'ব। এই ভৱিষ্যদ্বাণী কৰিছে ভাৰত ভ্ৰমণলৈ অহা ব্রিটেইনৰ প্ৰধানমন্ত্ৰী কীৰ ষ্টাৰ্মাৰে। ষ্টাৰ্মাৰে কয় যে ভাৰত ২০২৮ চনলৈ বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হোৱাৰ দিশত আগবাঢ়িছে আৰু দেশখনৰ সৈতে ব্যৱসায় ক্ষিপ্র তথা সস্তীয়া হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত যথেষ্ট সুযোগৰ সৃষ্টি হ'ব বুলিও তেওঁ উল্লেখ কৰে। 


তেওঁ কয়, 'জুলাই মাহত আমি ভাৰতৰ সৈতে এখন বৃহৎ বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰোঁ। ই কোনো এখন দেশৰ সৈতে কৰা আটাইতকৈ সুৰক্ষিত চুক্তি, কিন্তু কাহিনী ইমানতে অন্ত পৰা নাই। ই কেৱল এখন কাগজৰ টুকুৰা নহয়, ই বিকাশৰ এক 'লান্সপেড'।' 


উল্লেখযোগ্য যে ষ্টাৰ্মাৰে কালি ১২৫জন আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়া, অগ্রণী উদ্যমী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু সাংস্কৃতিক প্রতিষ্ঠানৰ বিষয়াক লৈ ইয়াত উপস্থিত হয়। তেওঁ আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ'ব। 


ইফালে ষ্টাৰ্মাৰে কালি মুম্বাইত বলিউডৰ অভিনেত্ৰী ৰাণী মুখার্জীৰ সৈতে এখন চিনেমা চায়। তেওঁ যশৰাজ ষ্টুডিঅ' পৰিদৰ্শন কৰে আৰু মুখ্য কাৰ্যবাহী বিষয়া অক্ষয় বিধানীক লগ ধৰে। তেওঁ নিশালৈ বিদেশ মন্ত্রী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয়।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ