--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ভাৰতীয় দলটিৰ জয়ৰ লক্ষ্য আছিল ২৫৯ ৰানৰ যিটো তেওঁলোকে ৪৮
  • ২ অভাৰত অৰ্জন কৰিছিল

ডিজিটেল ডেস্ক:১৬ জুলাইৰ পৰা ২২ জুলাই লৈ অনুষ্ঠিত ইংলেণ্ড আৰু ভাৰতৰ তিনিখন অডি শৃংখলাত প্ৰথম দিনাই বিদেশৰ ভূমিত বিজয় সাব্যস্ত ভাৰতীয় মহিলা দলৰ । ভাৰতীয় মহিলা দল আৰু ইংলেণ্ডৰ মহিলা দলৰ মাজত অনুষ্ঠিত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হয় চাউথামঠনত।


ভাৰতীয় দলটিৰ জয়ৰ লক্ষ্য আছিল ২৫৯ ৰানৰ যিটো তেওঁলোকে ৪৮.২ অভাৰত অৰ্জন কৰিছিল। ইয়াৰ লগে লগে ইংলেণ্ডৰ এদিনীয়া ফৰ্মেটত সৰ্ববৃহৎ লক্ষ্য খেদি ভাৰতীয় মহিলা দলটোৱে জয় পঞ্জীয়ন কৰিছে। ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত এয়া ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বাধিক সফল ৰান ।


চাউথামঠনত খেলা প্ৰথমখন এদিনীয়া খেলৰ কথা ক’বলৈ গ’লে ইংলেণ্ডে টছত জয় লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ বাছি লৈছিল ,আৰু ৬ উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰিছিল। আনহাতে ভাৰতীয় দলটিয়ে ২৬২ টা ৰান সংগ্ৰহ কৰি সফলতা অৰ্জন কৰে।


তাৰকা দীপ্তি শৰ্মাই অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰি ভাৰতক জয়ত সহায় কৰে। হাৰ্লিন ডিঅ’লক অদ্ভুত ধৰণেৰে দৌৰাই নিজৰ লগতে দলটিৰ জয় সাব্যস্ত কৰে। তেওঁৰ আচৰিত প্ৰদৰ্শনে দৰ্শকক আচৰিত কৰি তোলে।


আয়োজক দলটোৱে ২০ ৰানত অ'পেনাৰ বেটছমেনৰ উইকেট হেৰুৱাইছিল।ইয়াৰ পৰাই এমা লেম্বে অধিনায়ক নেট স্কাইভাৰ-ব্ৰাণ্টৰ সৈতে তৃতীয় উইকেটৰ বাবে ৭১ ৰানৰ অংশীদাৰিত্ব ভাগ কৰিছিল।লেম্বে ৫০টা বলত ৩৯ টা ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ব্ৰুণ্টে ৫২টা বলত ৪১ ৰান সংগ্ৰহ কৰে। এই দুই বেটছমেনৰ উইকেট হেৰুৱাই দলটোৱে ৯৭ ৰান সংগ্ৰহ কৰে।


ইয়াৰ পাছতে এলিছ ডেভিডছন ৰিচাৰ্ডছৰ সৈতে ছফিয়া ডাংকলেই পঞ্চম উইকেটত ১০৬ ৰান সংযোজন কৰি দলটোক শক্তিশালী স্ক’ৰৰ দিশে আগুৱাই লৈ যায়। ৯২টা বলত ৮৩ ৰান সংগ্ৰহ কৰি ডাংকলে আউট হোৱাৰ বিপৰীতে ৰিচাৰ্ডছে ৭৩টা বলত ৫৩ ৰান সংগ্ৰহ কৰে। এইবোৰৰ বাহিৰেও ছফী এক্লেষ্টনে ২৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।


স্নেহা ৰাণা আৰু ক্ৰান্তি গৌডে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে অমনজোত কৌৰ আৰু শ্ৰী চৰণীয়ে এটাকৈ উইকেট লাভ কৰে।


ইয়াৰ প্ৰত্যুত্তৰত ১০টা বল বাকী থকা অৱস্থাত ভাৰতে জয়লাভ কৰে। স্মৃতি মান্ধনাৰ সৈতে প্রতিকা ৰাৱালে প্রথম উইকেটত ৪৮ ৰান সংগ্ৰহ কৰে। মান্ধনাই ২৮ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে প্ৰতীকাই ৩৬ ৰান সংগ্ৰহ কৰে।


ভাৰতীয় দলটোৱে ১২৪ ৰান সংগ্ৰহ কৰি নিজৰ চাৰিজন বেটছমেনৰ উইকেট হেৰুৱাই।ইয়াৰ পৰা জেমিমা ৰড্ৰিগেছে দীপ্তী শৰ্মাৰ সৈতে পঞ্চম উইকেটৰ বাবে ৯০ ৰানৰ অংশীদাৰিত্ব ভাগ কৰি দলটোক জয়ৰ ওচৰ চপাইছিল।


ৰড্ৰিগেজে ৫৪টা বলত ৪৮ টা ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে, তাৰ পিছত দীপ্তী শৰ্মাই ৬৪ বলত অপৰাজিত ৬২ ৰান সংগ্ৰহ কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায়। ইংলেণ্ডৰ হৈ চাৰ্লি ডিনে দুটা উইকেট দখল কৰাৰ বিপৰীতে লৰেন বেল, ছফী এক্লেষ্টোন আৰু লৰেন ফাইলাৰে এটাকৈ উইকেট দখল কৰে।


তিনিখন মেচৰ এদিনীয়া শৃংখলাত ১-০ত অগ্ৰগতি লাভ কৰিছে ভাৰতে। ছিৰিজখনৰ বাকী মেচসমূহ অহা ১৯ আৰু ২২ জুলাইত অনুষ্ঠিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু