--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • একেটা মাহৰ ২০ আৰু ২৯ জুলাইত হ'ব পদকৰ যুঁজ। সোমবাৰে আয়োজকে লছ এঞ্জেলছ অলিম্পিক গেমছৰ সময়-সূচী প্রকাশ কৰে।

ডিজিটেল ডেস্ক : ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্রিকেটৰ বহু প্রতীক্ষিত প্রত্যাৱর্তন ঘটিব। সেই অনুসৰি ১২ জুলাইত আৰম্ভ হ'ব ক্রিকেট।


একেটা মাহৰ ২০ আৰু ২৯ জুলাইত হ'ব পদকৰ যুঁজ। সোমবাৰে আয়োজকে লছ এঞ্জেলছ অলিম্পিক গেমছৰ সময়-সূচী প্রকাশ কৰে। সেই অনুসৰি ক্ৰিকেটৰ লগতে বাস্কেটবল, ফিল্ড হকী, হেণ্ডবল, ৰাগবী-৭, ছকাৰ আৰু ৱাটাৰ প'লৰ জৰিয়তে আৰম্ভ হ'ব ২০২৮ চনৰ অলিম্পিক গেমছ।


উল্লেখযোগ্য যে ১৯০০ চনৰ পেৰিছ অলিম্পিকত প্রথম আৰু শেষবাৰলৈ ক্রিকেট অনুষ্ঠিত হৈছিল। সেইবাৰ মাথোঁ দুটা দলৰ মাজত ক্রিকেট অনুষ্ঠিত হৈছিল। দল দুটা আছিল গ্রেইট ব্রিটেইন আৰু ফ্রান্স। গ্রেইট ব্রিটেইনে পাইছিল স্বর্ণপদক। ১২৮ বছৰৰ পাছত টি-২০ ফৰমেটৰ জৰিয়তে উভতি অহা ক্রিকেট পুৰুষ আৰু মহিলাৰ উভয় শাখাত হ'ব। প্রতিটো শাখাতে থাকিব সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক। অধিকাংশ মেচৰ দিনা দুখনকৈ খেল অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি প্রথম খেল নিশা ১-৩০ বজাত আৰম্ভ হোৱাৰ বিপৰীতে আনখন খেল পিছৰ দিনা পুৱা ৭ বজাত অনুষ্ঠিত হ'ব। ২০২৮ চনৰ অলিম্পিকৰ সকলো ক্রিকেট খেল লছ এঞ্জেলছৰ পৰা প্রায় ৫০ কিঃমিঃ দূৰত অৱস্থিত পোখোনা ।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ