--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ছোনিয়া গান্ধীৰ নাম ১৯৮০-৮১ বৰ্ষৰ ভোটাৰ তালিকাত অবৈধভাৱে সংযোজিত কৰা বুলি অভিযোগ কৰি আদালতত এখন আৱেদন দাখিল কৰা হৈছিল।

ডিজিটেল ডেস্ক: কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী কালি তেওঁৰ ৭৯ সংখ্যক জন্মদিনৰ দিনাই এক বিব্রতজনক পৰিস্থিতিৰ সন্মুখীন হয়। জন্মদিনটোতে দিল্লীৰ এখন আদালতে কংগ্ৰেছৰ প্রাক্তন সভানেত্ৰীগৰাকীলৈ জাননী জাৰি কৰে। 


ছোনিয়া গান্ধীৰ নাম ১৯৮০-৮১ বৰ্ষৰ ভোটাৰ তালিকাত অবৈধভাৱে সংযোজিত কৰা বুলি অভিযোগ কৰি আদালতত এখন আৱেদন দাখিল কৰা হৈছিল। দিল্লীৰ ৰাউজ এভিনিউ আদালতে এই আৱেদনৰ ভিত্তিত ছোনিয়া গান্ধীলৈ জাননী জাৰি কৰে। ইয়াৰ লগতে ছোনিয়া গান্ধীৰ বিৰুদ্ধে দাখিল কৰা আৱেদন দণ্ডাধীশে অগ্রাহ্য কৰি দিয়া ৰায়টোকো প্রত্যাহ্বান জনোৱা হৈছে এই আৱেদনত।


আদালতে এই সন্দৰ্ভত চৰকাৰলৈও জাননী জাৰি কৰিছে আৰু এই সন্দৰ্ভত সম্পূৰ্ণ গোচৰৰ তথ্য (টি চি আৰ) বিচাৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৬ জানুৱাৰীত লোৱা হ'ব। ছোনিয়া গান্ধী আৰু ৰাজ্য চৰকাৰে ইয়াৰ আগতে জাননীৰ উত্তৰ দিব লাগিব। উক্ত আৱেদনত বিকাশ ত্রিপাঠীয়ে এই বুলি দাবী কৰে যে ছোনিয়া গান্ধীৰ নাম নতুন দিল্লী বিধানসভা সমষ্টিৰ ১৯৮০ চনৰ ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰা হৈছিল, কিন্তু তেওঁ ১৯৮৩ চনৰ এপ্ৰিলতহে ভাৰতীয় নাগৰিক হৈছিল।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ