--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বিত্ত সচিবে কঠোৰ চৰ্তৰে জাৰি কৰা কাৰ্যকৰী নির্দেশনাই পৰিয়ালৰ বা আন সংগীৰ সৈতে বিদেশ ভ্ৰমণৰ প্ৰস্তুতি চলোৱা বহু বিষয়া-কৰ্মচাৰীৰ মনৰ আশাত যে চেঁচা পানী ঢালিব সেই কথা স্পষ্ট হৈ পৰিল।

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিত্ত বিভাগৰ মেজত জাপে জাপে পৰিছে বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ বিদেশ ভ্ৰমণৰ ছুটীৰ আৱেদন। যাৰ বাবে বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কঠোৰ চৰ্ত আৰোপ কৰি বিত্ত বিভাগে প্রকাশ কৰিবলগীয়া হৈছে কাৰ্যকৰী নির্দেশনা। 


বিত্ত সচিবে কঠোৰ চৰ্তৰে জাৰি কৰা কাৰ্যকৰী নির্দেশনাই পৰিয়ালৰ বা আন সংগীৰ সৈতে বিদেশ ভ্ৰমণৰ প্ৰস্তুতি চলোৱা বহু বিষয়া-কৰ্মচাৰীৰ মনৰ আশাত যে চেঁচা পানী ঢালিব সেই কথা স্পষ্ট হৈ পৰিল। 


বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কৰ্মচাৰী বিভাগে যুগুত কৰা নীতি- নিয়মৰ নিৰ্দেশনা আগৰ পৰাই আছে। তাৰ পাছতো বিত্ত সচিবে জাৰি কৰা এই কাৰ্যকৰী নির্দেশনাই স্পষ্ট কৰিছে যে বিষয়া-কৰ্মচাৰীৰ বিদেশ ভ্রমণৰ ক্ষেত্ৰত বিভাগটো আগতকৈ আৰু অধিক কঠোৰ হৈছে। 


মুঠ ১০টা কঠোৰ চৰ্ত আৰোপ কৰি বিত্ত সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি কোনো বিষয়া, কৰ্মচাৰী নিলম্বিত হৈ আছে বা তেওঁৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা চলি আছে তেন্তে তেওঁলোকৰ বিদেশ ভ্ৰমণৰ আৱেদন কোনো কাৰণতে বিবেচনা কৰা নহয়। আৰোপ কৰা চৰ্ত অনুসৰি কোনো বিষয়া-কর্মচাৰীয়ে বিদেশ ভ্রমণৰ বাবে প্ৰস্তাৱিত ছুটী আর্জিত হ'ব নে আকস্মিক হ'ব সেই কথা উল্লেখ কৰিব লাগিব। 


কমিউটেড ছুটী, অতিৰিক্ত সাধাৰণ ছুটী, হাফ ডে' ছুটীৰ ক্ষেত্ৰত বিদেশ ভ্রমণৰ ছুটী বিবেচনালৈয়ে নাহে। কাৰ্যকৰী নির্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে শেহতীয়াকৈ বিত্ত বিভাগৰ প্ৰশাসনিক নিয়ন্ত্রণত থকা বিষয়া আৰু কৰ্মচাৰীৰ পৰা ব্যক্তিগত বিদেশ ভ্রমণৰ অনুমতি বিচৰা যথেষ্ট সংখ্যক আৱেদন পৰিছে। এনে আৱেদনৰ অনুমোদন প্রক্রিয়া সু-শৃংখলিত কৰি অনুশাসন নিশ্চিত কৰিবলৈ, এতিয়াৰ পৰা কঠোৰভাৱে মানি চলাৰ বাবে এই চর্ত আৰু নির্দেশনাসমূহ নিৰ্ধাৰণ কৰা হৈছে বুলি বিত্ত বিভাগে নির্দেশনাটোত উল্লেখ কৰিছে। 


ব্যক্তিগত বিদেশ ভ্রমণৰ বাবে আৱেদনসমূহ নিৰ্ধাৰিত আৰ্হিত সকলো বিৱৰণ যথাযথভাৱে পূৰণ কৰি, ভ্ৰমণৰ প্রকৃত তাৰিখৰ কমেও ৪৫ দিনৰ আগতে নিয়ন্ত্রণ কর্তৃপক্ষক দাখিল কৰিব লাগিব। আৱেদনসমূহ কেৱল সংশ্লিষ্ট নিয়ন্ত্রক কর্তৃপক্ষ (ডিডিঅ')ৰ জৰিয়তে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব লাগিব। যাত্ৰাৰ প্ৰস্তাৱিত তাৰিখৰ কমেও ৩০ দিনৰ আগতে আৱেদনখন বিত্ত বিভাগে পাব লাগিব। প্ৰস্তাৱিত ভ্ৰমণৰ উদ্দেশ্য পর্যটন, বিনোদন, তীর্থযাত্রা, পৰিয়ালৰ ঘৰুৱা বিষয়, শৈক্ষিক উদ্দেশ্য, সাংস্কৃতিক অনুষ্ঠান, বিদেশৰ সংস্থাৰ দ্বাৰা আয়োজিত কোনো অনুষ্ঠানত উপস্থিতি আদি স্পষ্টকৈ উল্লেখ কৰিব লাগিব। আবেদনকাৰীয়ে ভ্ৰমণৰ সময়ত থকা খোৱা, যাতায়তী ব্যয়ৰ আনুমানিক হিচাপ দাখিল কৰিব লাগিব। 


যদি সংস্থা বা ব্যক্তিৰ পৃষ্ঠপোষকতাত ভ্ৰমণ কৰিব বিচৰা হৈছে সেই কথাও উল্লেখ কৰিব লাগিব। ভ্ৰমণৰ সময়ত পৰিয়ালৰ সদস্য, আন সংগীৰ সবিশেষ উল্লেখ থাকিব লাগিব। আৱেদনৰ লগত বিষয়া বা কৰ্মচাৰীয়ে তেওঁৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ শেহতীয়া তথ্য দাখিল কৰিব লাগিব লাগিব। 


প্রস্তাৱিত ভ্রমণে অসম সেৱা (আচৰণ) বিধি বা বলবৎ থকা আন প্রাসংগিক চৰকাৰী নির্দেশনাৰ কোনো বিধান উলংঘা কৰিব নোৱাৰিব। বিত্ত বিভাগে এইকেইটা কঠোৰ চৰ্তৰ উপৰি অতিৰিক্ত চৰ্ত হিচাপে উল্লেখ কৰিছে যে ব্যক্তিগত বিদেশ ভ্ৰমণৰ অনুমতি বিধানসভাৰ অধিৱেশন, বাজেট প্রস্তুতি বা বিত্তীয় বৰ্ষৰ শেষৰফালে ফেব্ৰুৱাৰী- মাৰ্চ মাহত ল'ব নোৱাৰিব। ব্যক্তিগত বিদেশ ভ্ৰমণৰ অনুমতি প্ৰতিজন কৰ্মীৰ বাবে তিনি বছৰৰ এটা ব্লকত এবাৰৰ বাবে সীমাবদ্ধ থাকিব। এনে ভ্ৰমণৰ সৰ্বোচ্চ সময়সীমা এক মাহ হ'ব। 


ব্যক্তিগত বিদেশ ভ্রমণ বা অনুমোদিত সময়সীমাৰ বাহিৰত বিদেশত থকাৰ সময় বৃদ্ধিৰ বাবে পৰৱৰ্তী সময়ত অনুমোদন কোনো কাৰণতে অনুমোদিত নহ'ব। কোনো কৰ্মচাৰীয়ে এই বিদেশ ভ্রমণৰ বাবে প্ৰদান কৰা যিকোনো ভুৱা তথ্য, সংশ্লিষ্ট কর্মীসকলে কঠোৰ অনুশাসনমূলক ব্যবস্থা গ্ৰহণৰ বাবে দায়বদ্ধ হ'ব। বিত্ত বিভাগে জাৰি কৰা এই কাৰ্যবাহী নির্দেশনাৰ উপৰি কৰ্মচাৰী বিভাগৰ দ্বাৰা হোৱা নির্দেশনাসমূহ প্রযোজ্য হ'ব। বিদেশ ভ্রমণৰ ক্ষেত্ৰত শেহতীয়াকৈ বিত্ত সচিবে জাৰি কৰা এই কঠোৰ চৰ্ত আৰোপিত নির্দেশনাই বিভাগটোৰ বহু বিষয়া-কৰ্মচাৰীয়ে পৰিয়াল বা আন সংগীৰ সৈতে বিদেশ ভ্রমণ কৰিবলৈ কৰি থকা মনৰ আশাত চেঁচা পানী ঢালিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ