--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, শ্রীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চল, লাডাখ, কর্ণাটক আৰু বিভিন্ন ৰাজ্য ছিয়া মুছলমান সম্প্রদায়ৰ লোকৰ প্ৰতিবাদত উত্তাল হৈছে।

ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা তথা ছিয়া মুছলমানৰ ধৰ্মীয় গুৰু আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত ভাৰতৰ বিভিন্ন ৰাজ্যত প্রতিবাদৰ ঢৌ উঠিছে। 


ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, শ্রীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চল, লাডাখ, কর্ণাটক আৰু বিভিন্ন ৰাজ্য ছিয়া মুছলমান সম্প্রদায়ৰ লোকৰ প্ৰতিবাদত উত্তাল হৈছে। জম্মু-কাশ্মীৰৰ শ্রীনগৰ, লাল চক, চয়দা কাডাল, বুডগাম, বান্দিপৰা, অনন্তনাগ আৰু পুলৱামাত হাজাৰ হাজাৰ প্রতিবাদী ছিয়া মুছলমান লোক ৰাজপথলৈ ওলাই আহি খামেনেই-হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে আমেৰিকা-ইজৰাইল বিৰোধী শ্ল'গান দিয়ে। তদুপৰি, জন্মসহ ভাটিন্দি আৰু ৰামবন জিলাৰ চান্দেৰকোটেতো তীব্র প্রতিবাদ সাব্যস্ত কৰে। 


প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যম এ এন আইক কয়, 'আমাৰ মৰমৰ নেতা আলী খামেনেইক নৃশংসভাৱে হত্যা কৰা হ'ল। আমি আমেৰিকা-ইজৰাইলক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।' আনহাতে, জম্মু-কাশ্মীৰত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে। মুখ্যমন্ত্রী ফাৰুক আব্দুলাই জনসাধাৰণক শান্ত হ'বলৈ আহ্বান জনাইছে। আনহাতে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ছিয়া মুছলমান সম্প্রদায়ৰ লোকসকলে শোক সমদল উলিয়ায় আৰু ইজৰাইল-আমেৰিকা বিৰোধী শ্ল'গান দিয়ে। প্রতিবাদকাৰীয়ে কয়, 'আলোচনাৰ মাজতে দুয়োখন দেশে ইৰানক প্ৰৱঞ্চনা কৰিলে আৰু যুদ্ধ আৰম্ভ কৰিলে, কিন্তু আমাৰ নেতাই ভয় নাখালে আৰু তেওঁ শ্বহীদ হ'ল। হাজাৰ হাজাৰ খামেনেইৰ উত্থান হ'ব ভবিষ্যতে।' বেৰেইলীত সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মৌলানা ছাহাবুদ্দিন ৰাজভী বেৰেলভীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনাই কয় যে আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত পৰৱৰ্তী সংঘর্ষ ৰোধ কৰিবলৈ ভাৰতে কূটনৈতিক প্রচেষ্টা চলাব লাগে। ভাৰতৰ ছিয়া মুছলমান সম্প্রদায়ৰ নেতা ছৈয়দ ছামেৰ কাজমীয়ে কয় যে পেলেষ্টাইনৰ পক্ষে কণ্ঠ উঠোৱাৰ বাবেই খামেনেইক হত্যা কৰা হ'ল। 


আনহাতে, লাডাখতো ছিয়া মুছলমানৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে শান্তিপূর্ণ প্রতিবাদ কৰে। পঞ্জাবত গঞ্জ মছজিদৰ ঐতিহাসিক পথাৰত শ্বাহী ইমাম মৌলানা মহম্মদ ওছমান ৰহমানীৰ নেতৃত্বত প্রতিবাদ সাব্যস্ত কৰে ছিয়া মুছলমান লোকে। কর্ণাটকৰ ছিয়া মুছলমান অধ্যুষিত চিক্কাবাল্লাপুৰ জিলাৰ আলীপুৰাত প্রবল প্রতিবাদী কার্যসূচী লোৱা হয় আৰু তিনিদিনীয়া শোক পালনৰ সিদ্ধান্ত লয়। আনহাতে, ৰাজধানী দিল্লীত ইৰানৰ দূতাৱাসত খামেনেইৰ মৃত্যুৰ পাছত ইৰানী পতাকা অর্ধনমিত কৰা হয়। আনহাতে, ৰাজধানী মহানগৰৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ ছিয়া মুছলমান মহিলা সমবেত হৈ খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ কৰে। ছিয়া প্রতিবাদী মহিলাসকলে খামেনেইৰ ছবিসম্বলিত বেনাৰ লৈ আমেৰিকা-ইজৰাইল বিৰোধী শ্ল'গান দিয়ে আৰু ট্রাম্প-নেটান্যাহু বিৰোধী ধ্বনি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু