--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, শ্রীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চল, লাডাখ, কর্ণাটক আৰু বিভিন্ন ৰাজ্য ছিয়া মুছলমান সম্প্রদায়ৰ লোকৰ প্ৰতিবাদত উত্তাল হৈছে।

ডিজিটেল ডেস্ক : আমেৰিকা-ইজৰাইলৰ যুটীয়া আক্ৰমণত ইৰানৰ সৰ্বোচ্চ নেতা তথা ছিয়া মুছলমানৰ ধৰ্মীয় গুৰু আয়াতুল্লা আলী খামেনেই নিহত হোৱাৰ পাছত ভাৰতৰ বিভিন্ন ৰাজ্যত প্রতিবাদৰ ঢৌ উঠিছে। 


ৰাজধানী দিল্লীকে ধৰি উত্তৰ প্ৰদেশ, শ্রীনগৰকে ধৰি জম্মু-কাশ্মীৰৰ বিভিন্ন অঞ্চল, লাডাখ, কর্ণাটক আৰু বিভিন্ন ৰাজ্য ছিয়া মুছলমান সম্প্রদায়ৰ লোকৰ প্ৰতিবাদত উত্তাল হৈছে। জম্মু-কাশ্মীৰৰ শ্রীনগৰ, লাল চক, চয়দা কাডাল, বুডগাম, বান্দিপৰা, অনন্তনাগ আৰু পুলৱামাত হাজাৰ হাজাৰ প্রতিবাদী ছিয়া মুছলমান লোক ৰাজপথলৈ ওলাই আহি খামেনেই-হত্যাৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে। প্রতিবাদকাৰীসকলে আমেৰিকা-ইজৰাইল বিৰোধী শ্ল'গান দিয়ে। তদুপৰি, জন্মসহ ভাটিন্দি আৰু ৰামবন জিলাৰ চান্দেৰকোটেতো তীব্র প্রতিবাদ সাব্যস্ত কৰে। 


প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যম এ এন আইক কয়, 'আমাৰ মৰমৰ নেতা আলী খামেনেইক নৃশংসভাৱে হত্যা কৰা হ'ল। আমি আমেৰিকা-ইজৰাইলক কঠোৰ ভাষাৰে গৰিহণা দিছোঁ।' আনহাতে, জম্মু-কাশ্মীৰত সাময়িকভাৱে ইণ্টাৰনেট সেৱা বাতিল কৰা হৈছে। মুখ্যমন্ত্রী ফাৰুক আব্দুলাই জনসাধাৰণক শান্ত হ'বলৈ আহ্বান জনাইছে। আনহাতে, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ছিয়া মুছলমান সম্প্রদায়ৰ লোকসকলে শোক সমদল উলিয়ায় আৰু ইজৰাইল-আমেৰিকা বিৰোধী শ্ল'গান দিয়ে। প্রতিবাদকাৰীয়ে কয়, 'আলোচনাৰ মাজতে দুয়োখন দেশে ইৰানক প্ৰৱঞ্চনা কৰিলে আৰু যুদ্ধ আৰম্ভ কৰিলে, কিন্তু আমাৰ নেতাই ভয় নাখালে আৰু তেওঁ শ্বহীদ হ'ল। হাজাৰ হাজাৰ খামেনেইৰ উত্থান হ'ব ভবিষ্যতে।' বেৰেইলীত সৰ্বভাৰতীয় মুছলিম জামাতৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মৌলানা ছাহাবুদ্দিন ৰাজভী বেৰেলভীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনাই কয় যে আমেৰিকা-ইজৰাইল আৰু ইৰানৰ মাজত পৰৱৰ্তী সংঘর্ষ ৰোধ কৰিবলৈ ভাৰতে কূটনৈতিক প্রচেষ্টা চলাব লাগে। ভাৰতৰ ছিয়া মুছলমান সম্প্রদায়ৰ নেতা ছৈয়দ ছামেৰ কাজমীয়ে কয় যে পেলেষ্টাইনৰ পক্ষে কণ্ঠ উঠোৱাৰ বাবেই খামেনেইক হত্যা কৰা হ'ল। 


আনহাতে, লাডাখতো ছিয়া মুছলমানৰ লোকসকলে খামেনেইৰ হত্যাৰ বিৰুদ্ধে শান্তিপূর্ণ প্রতিবাদ কৰে। পঞ্জাবত গঞ্জ মছজিদৰ ঐতিহাসিক পথাৰত শ্বাহী ইমাম মৌলানা মহম্মদ ওছমান ৰহমানীৰ নেতৃত্বত প্রতিবাদ সাব্যস্ত কৰে ছিয়া মুছলমান লোকে। কর্ণাটকৰ ছিয়া মুছলমান অধ্যুষিত চিক্কাবাল্লাপুৰ জিলাৰ আলীপুৰাত প্রবল প্রতিবাদী কার্যসূচী লোৱা হয় আৰু তিনিদিনীয়া শোক পালনৰ সিদ্ধান্ত লয়। আনহাতে, ৰাজধানী দিল্লীত ইৰানৰ দূতাৱাসত খামেনেইৰ মৃত্যুৰ পাছত ইৰানী পতাকা অর্ধনমিত কৰা হয়। আনহাতে, ৰাজধানী মহানগৰৰ যন্তৰ মন্তৰত হাজাৰ হাজাৰ ছিয়া মুছলমান মহিলা সমবেত হৈ খামেনেইৰ হত্যাৰ বিৰুদ্ধে প্রতিবাদ কৰে। ছিয়া প্রতিবাদী মহিলাসকলে খামেনেইৰ ছবিসম্বলিত বেনাৰ লৈ আমেৰিকা-ইজৰাইল বিৰোধী শ্ল'গান দিয়ে আৰু ট্রাম্প-নেটান্যাহু বিৰোধী ধ্বনি দিয়ে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ