--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই যুদ্ধই বিশ্বক অকল্পনীয় এক শক্তি সংকটৰ দিশলৈ লৈ গৈ আছে, বিশ্বৰ অৰ্থনীতিত সৃষ্টি হৈছে তীব্র জোকাৰণিৰ।

ডিজিটেল ডেস্ক: একাদশ দিনত ভৰি দিয়া ইৰান আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধই সমগ্ৰ বিশ্বত নমাইছে গভীৰ সংকট। যুদ্ধৰ ফলত বিশ্বত এল পি জিৰ লগতে খাৰুৱা তেলৰ সংকটৰো সৃষ্টি হৈছে।


এই যুদ্ধই বিশ্বক অকল্পনীয় এক শক্তি সংকটৰ দিশলৈ লৈ গৈ আছে, বিশ্বৰ অৰ্থনীতিত সৃষ্টি হৈছে তীব্র জোকাৰণিৰ। 


খাৰুৱা তেল আৰু এল পি জিৰ দাম বিশ্বৰ বজাৰত ৩০% তকৈ অধিক বৃদ্ধি পাইছে। ভাৰতৰ উপৰি পাকিস্তান, বাংলাদেশ আৰু শ্রীলংকাৰ উপৰি আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশত এল পি জি সংকটে গভীৰ ৰূপ ধাৰণ কৰিছে। যুদ্ধৰ ফলত হৰমুজ প্রণালী বন্ধ হৈ পৰা আৰু বিশ্বৰ আগশাৰীৰ কোম্পানীত কৰা আক্ৰমণৰ ফলত তৰল প্রাকৃতিক গেছৰ (এল জি) উৎপাদন বন্ধ হৈ পৰাৰ ফলত এই সংকটৰ সৃষ্টি হয়। বিশ্বৰ প্ৰায় ২০% এল এন জি হৰমুজ প্রণালীৰে সৰবৰাহ কৰা হয়। ইৰানে এই জলপথ বন্ধ ঘোষণা কৰা আৰু ইয়াৰ লগতে কুৱেইটে এল এন জিৰ উৎপাদন বন্ধ ৰখাৰ ফলত ভাৰত, জাপান, চীন, বাংলাদেশ, পাকিস্তান, দক্ষিণ কোৰিয়াকে ধৰি বিশ্বৰ কমেও ২৫খন দেশত এল পি জিৰ বাবে হাহাকাৰ লাগিছে। ইয়াৰ ভিতৰত ইউৰোপিয়ান ইউনিয়নৰ কেইবাখনো দেশ আছে। 


এল পি জিৰ যোগানত সৃষ্টি হোৱা সংকটৰ বাবে ভালেমান দেশত লকডাউনৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। ভাৰতত আনকি বহুস্থানত হোটেল আৰু ৰেস্তোৰাঁ বন্ধ হোৱাৰ পর্যায় পাইছেগৈ। ইউৰোপৰ জাৰ্মানি আৰু ফ্ৰান্সৰ দেশত ৰন্ধন গেছৰ দাম ২৫% পর্যন্ত বৃদ্ধি পাইছে। ইউৰোপৰ কেইবাখনো মহানগৰত গেছ লকডাউন ঘোষণা কৰা হৈছে। ইয়াৰ অধীনত এই মহানগৰসমূহত নিশাৰ ভাগত 'হিটিং ছিষ্টেম' বন্ধ কৰিবলৈ আৰু অত্যন্ত জৰুৰী নোহোৱা উদ্যোগসমূহক গেছৰ ব্যৱহাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। জাপান আৰু দক্ষিণ কোৰিয়াই নিজৰ চাহিদাৰ প্রায় ৮০% শক্তি আমদানি কৰে। 


গেছৰ অভাৱত এই জাপান আৰু দক্ষিণ কোৰিয়াত আনকি বিদ্যুৎ কর্তন কৰিবলৈ আৰম্ভ কৰিছে আৰু উদ্যোগসমূহত উৎপাদন হ্রাস কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। শ্রীলংকাতো একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পাকিস্তানত পৰিস্থিতিয়ে অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দেশখনত এল পি জিৰ নাটনিৰ বাবে হোটেল আৰু ৰেস্তোৰাঁসমূহ বন্ধ হৈ পৰা উপক্ৰম ঘটিছে। পাকিস্তানত এল পি জিৰ লগতে পেট্রল আৰু ডিজেলৰ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। দেশখনত কৰ'না মহামাৰীৰ সময়ৰ দৰে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ইয়াৰ অধীনত স্কুল-কলেজসমূহ বন্ধ ঘোষণা কৰি অনলাইন ক্লাছৰ নির্দেশ দিয়া হৈছে। দেশখনত প্রতি লিটাৰ পেট্ৰলৰ দাম ৫৫ টকা বৃদ্ধি পাই ৩৩৫.৮৬ লিটাৰ হয়। আনহাতে, ডিজেলৰ প্ৰতি লিটাৰৰ দাম ২৮০.৮৬ টকা হয়। দেশখনত চৰকাৰী কৰ্মচাৰীক প্রতি সপ্তাহত চাৰি দিন কাম কৰাৰ আৰু ৫০% কৰ্মচাৰীক ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশ দিয়া হৈছে। চৰকাৰী কৰ্মচাৰীক দিয়া ইন্ধন ভাত্তা ৫০% কৰ্তন আৰু চৰকাৰী বাহনৰ ব্যৱহাৰ ৬০% কৰ্তনৰ নিৰ্দেশ দিয়ে। পাকিস্তানত আনকি ইফটাৰৰ পার্টিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 


ইফালে, ভিয়েটনামতো খাৰুৱা তেলৰ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰে। দেশখনত জনসাধাৰণক অতি প্রয়োজন নহ'লে ঘৰৰ পৰা বাহিৰ নোহোৱাৰ আৰু ব্যাৱসায়িক ভ্রমণ তথা পৰিবহণৰ ব্যৱহাৰ যিমান পাৰি হ্ৰাস কৰিবলৈ কোৱা হৈছে। বাংলাদেশত অট' ডিজেল প্ৰতি লিটাৰৰ দাম ৩০৩ টকালৈ, ছুপাৰ ডিজেলৰ দাম ৩৫৩ টকালৈ, পেট্রল ৩৬৫ টকালৈ বৃদ্ধি পাইছে। আমেৰিকাৰ ফ্লৰিডা আৰু লুইচিয়ানাত গেছ পাম্পসমূহত গেছৰ দাম ১১ চেণ্ট বৃদ্ধি কৰা হৈছে।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈ শোধনাগাৰত কৰ্মৰত অৱস্থাত ঠিকাভিত্তিক শ্ৰমিক পৰেশ বৰগোহাঁইৰ ৰহস্যজনক মৃত্যু
ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চিলনী চোৰ মহিদুল ইছলামক গ্ৰেপ্তাৰ ধিং আৰক্ষীৰ
শাসক লেবাৰ পাৰ্টিৰ ৰাজনৈতিক বিপর্যয়, গাদী হেৰুৱাব পাৰে ব্রিটেইনৰ প্ৰধানমন্ত্ৰী ষ্টাৰ্মাৰে
ইন্ধনৰ সংকট অব্যাহত; সলনি হোৱা নাই চিলিণ্ডাৰ বুকিঙৰ নির্দেশনা
১ জুলাইৰ পৰা বলৱৎ হ’ব ‘ভি বি-জি ৰাম জি’
দেশ বচাও, ইন্ধন বচাও! মোদীৰ ‘হাফ কনভয় মডেল’ক লৈ দেশজুৰি চৰ্চা
হাণ্টা ভাইৰাছৰ সংক্ৰমণ; ১২ দেশলৈ WHOৰ সতর্কবাণী
শোকাৱহ:পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জনপ্ৰিয় অভিনেতা ভৰত কান্তে
ইৰান যুদ্ধৰ পৰিণতি: দাম বাঢ়িব, হ্রাস হ’ব দেশসমূহৰ অৰ্থনৈতিক বিকাশ
শুভেন্দু চৰকাৰৰ আন এক বৃহৎ সিদ্ধান্ত;মমতা চৰকাৰৰ দিনৰ সকলো মনোনীত বিষয়াক পদৰ পৰা অব্যাহতি
হৰমুজ প্রণালীত মোতায়েন ব্রিটেইনৰ যুঁজাৰু জাহাজ 'ড্ৰেগন'
পুনৰ নিৰ্মাণৰ ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে 'সোমনাথ অমৃতপর্ব', সোমনাথ মন্দিৰত আজি 'কুম্ভ অভিষেক'
ঔষধি গুণেৰে ভৰপূৰ তিয়ঁহ; উপকাৰিতা জানিলে আচৰিত হ’ব
আজি অসমত NDA চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান; দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই