--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্য প্রাচ্যত ইৰানৰে যুদ্ধখনত জয়ী হোৱাৰ আশাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ সকলো সামৰিক শক্তি আৰু অস্ত্র-শস্ত্র ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে।

ডিজিটেল ডেস্ক: ভেনিজুৱেলাৰ দৰে ইৰানকো সহজতে বশ কৰিব পাৰিব বুলি যুদ্ধ আৰম্ভ কৰি এতিয়া ঘোটে ঘোটে পানী খাইছে মার্কিন ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে। 


মধ্য প্রাচ্যত ইৰানৰে যুদ্ধখনত জয়ী হোৱাৰ আশাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ সকলো সামৰিক শক্তি আৰু অস্ত্র-শস্ত্র ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। তথাপি ট্রাম্পৰ বাবে কাংক্ষিত জয় যেন সুদূৰপৰাহত। কেইবাটাও মার্কিন সূত্ৰৰ তথ্য অনুসৰি ইৰানৰ বিৰুদ্ধে যুদ্ধখনত সহজ জয়ৰ আশাৰে পেন্টাগনে যুদ্ধৰ প্ৰথম ৪৮ ঘণ্টাৰ ভিতৰতে ৫.৬ বিলিয়ন ডলাৰৰ (৫৬০ কোটি ডলাৰ) অস্ত্র-শস্ত্রৰ ক্ষয় কৰে।


ৱাশ্বিংটন প'ষ্টৰ তথ্য অনুসৰি ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰে পৰা আমেৰিকাই এডভান্সড এয়াৰ ডিফেন্স ইণ্টাৰচেপ্টৰ, ট'মাহক ক্রুজ মিছাইলকে ধৰি নিখুঁত স্থানত আঘাত হানিব পৰা শতাধিক মিছাইল ইৰানত নিক্ষেপ কৰিছে। বৰ্তমানলৈকে ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনে ইৰানৰ প্রায় ৫০০০টা লক্ষ্যস্থানত ২০০০ অস্ত্র- শস্ত্র, মিছাইলেৰে আক্ৰমণ কৰিছে। তেহবানৰ ওপৰত আক্রমণত খুব কম সময়তে ইমান বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র, গোলা-বাৰুদ ব্যয় কৰাত চিন্তাত পৰিছে মার্কিন কংগ্ৰেছ। দেশখনৰ অস্ত্ৰ ভাণ্ডাৰ হঠাতেই বহু পৰিমাণে হ্রাস পোৱাটোত মার্কিন চৰকাৰক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছে। ইফালে, ট্রাম্প প্রশাসনৰ স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে দেশখনৰ সংসদেও। ইৰানৰে যুদ্ধৰ বাবে সামৰিক বাহিনী সম্পূর্ণ প্রস্তুত নাছিল নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে ইৰানৰে যুদ্ধ চলাই নিয়াৰ বাবে ট্রাম্প প্রশাসনে মার্কিন কংগ্রেছলৈ এসপ্তাহৰ ভিতৰত এখন পৰিপূৰক বাজেট উত্থাপনৰ অনুৰোধ জনাব বুলি প্রকাশ পাইছে। কিন্তু ইৰানৰ বিৰুদ্ধে যুদ্ধ তৎক্ষণাৎ বন্ধ কৰাৰ দাবী জনাই অহা দেশখনৰ বিৰোধী ডেম'ক্রেটিক দলৰ সাংসদসকলে এই বাজেটৰ বিৰোধিতা কৰিব বুলিও সূত্রত প্রকাশ। 


উল্লেখযোগ্য যে ইৰান আক্রমনৰ বিৰুদ্ধে আমেৰিকাবাসীৰ গৰিহণাৰ পাত্ৰ হোৱা তথা জয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যর্থ হোৱা ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পৰ ভাষ্যও দিনে দিনে সলনি হৈছে। দুদিন পূর্বে তেওঁ মন্তব্য কৰিছিল যে ইৰানৰ বিৰুদ্ধে যুদ্ধখন প্রায় এমাহ চলিব। কিন্তু সোমবাৰে তেওঁ কয় যে যুদ্ধখন প্রায় সম্পূর্ণ হৈছে আৰু সমাপ্তিৰ দিশত আগবাঢ়িছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ