--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • মধ্য প্রাচ্যত ইৰানৰে যুদ্ধখনত জয়ী হোৱাৰ আশাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ সকলো সামৰিক শক্তি আৰু অস্ত্র-শস্ত্র ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে।

ডিজিটেল ডেস্ক: ভেনিজুৱেলাৰ দৰে ইৰানকো সহজতে বশ কৰিব পাৰিব বুলি যুদ্ধ আৰম্ভ কৰি এতিয়া ঘোটে ঘোটে পানী খাইছে মার্কিন ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পে। 


মধ্য প্রাচ্যত ইৰানৰে যুদ্ধখনত জয়ী হোৱাৰ আশাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ সকলো সামৰিক শক্তি আৰু অস্ত্র-শস্ত্র ইৰানৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে। তথাপি ট্রাম্পৰ বাবে কাংক্ষিত জয় যেন সুদূৰপৰাহত। কেইবাটাও মার্কিন সূত্ৰৰ তথ্য অনুসৰি ইৰানৰ বিৰুদ্ধে যুদ্ধখনত সহজ জয়ৰ আশাৰে পেন্টাগনে যুদ্ধৰ প্ৰথম ৪৮ ঘণ্টাৰ ভিতৰতে ৫.৬ বিলিয়ন ডলাৰৰ (৫৬০ কোটি ডলাৰ) অস্ত্র-শস্ত্রৰ ক্ষয় কৰে।


ৱাশ্বিংটন প'ষ্টৰ তথ্য অনুসৰি ২৮ ফেব্ৰুৱাৰীত যুদ্ধ আৰম্ভ হোৱাৰে পৰা আমেৰিকাই এডভান্সড এয়াৰ ডিফেন্স ইণ্টাৰচেপ্টৰ, ট'মাহক ক্রুজ মিছাইলকে ধৰি নিখুঁত স্থানত আঘাত হানিব পৰা শতাধিক মিছাইল ইৰানত নিক্ষেপ কৰিছে। বৰ্তমানলৈকে ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনে ইৰানৰ প্রায় ৫০০০টা লক্ষ্যস্থানত ২০০০ অস্ত্র- শস্ত্র, মিছাইলেৰে আক্ৰমণ কৰিছে। তেহবানৰ ওপৰত আক্রমণত খুব কম সময়তে ইমান বৃহৎ পৰিমাণৰ অস্ত্র-শস্ত্র, গোলা-বাৰুদ ব্যয় কৰাত চিন্তাত পৰিছে মার্কিন কংগ্ৰেছ। দেশখনৰ অস্ত্ৰ ভাণ্ডাৰ হঠাতেই বহু পৰিমাণে হ্রাস পোৱাটোত মার্কিন চৰকাৰক উদ্বিগ্নতাৰ মাজলৈ ঠেলি দিছে। ইফালে, ট্রাম্প প্রশাসনৰ স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে দেশখনৰ সংসদেও। ইৰানৰে যুদ্ধৰ বাবে সামৰিক বাহিনী সম্পূর্ণ প্রস্তুত নাছিল নেকি বুলিও প্রশ্ন উত্থাপন হৈছে। ইয়াৰ মাজতে ইৰানৰে যুদ্ধ চলাই নিয়াৰ বাবে ট্রাম্প প্রশাসনে মার্কিন কংগ্রেছলৈ এসপ্তাহৰ ভিতৰত এখন পৰিপূৰক বাজেট উত্থাপনৰ অনুৰোধ জনাব বুলি প্রকাশ পাইছে। কিন্তু ইৰানৰ বিৰুদ্ধে যুদ্ধ তৎক্ষণাৎ বন্ধ কৰাৰ দাবী জনাই অহা দেশখনৰ বিৰোধী ডেম'ক্রেটিক দলৰ সাংসদসকলে এই বাজেটৰ বিৰোধিতা কৰিব বুলিও সূত্রত প্রকাশ। 


উল্লেখযোগ্য যে ইৰান আক্রমনৰ বিৰুদ্ধে আমেৰিকাবাসীৰ গৰিহণাৰ পাত্ৰ হোৱা তথা জয়ৰ লক্ষ্যত উপনীত হোৱাত ব্যর্থ হোৱা ৰাষ্ট্রপতি ড'নাল্ড ট্রাম্পৰ ভাষ্যও দিনে দিনে সলনি হৈছে। দুদিন পূর্বে তেওঁ মন্তব্য কৰিছিল যে ইৰানৰ বিৰুদ্ধে যুদ্ধখন প্রায় এমাহ চলিব। কিন্তু সোমবাৰে তেওঁ কয় যে যুদ্ধখন প্রায় সম্পূর্ণ হৈছে আৰু সমাপ্তিৰ দিশত আগবাঢ়িছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু