--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আমাজন (Amazon), গুগল (Google), মেটা (Meta) আৰু মাইক্ৰ’ছফ্টৰ (Microsoft) দৰে টেক কোম্পানীসমূহে ২০২৬ চনৰ ভিতৰত এআই আন্তঃগাঁথনিৰ বাবে প্ৰায় ৬৫০ বিলিয়ন ডলাৰ (প্ৰায় ৫৪ লাখ কোটি টকা) ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ভাৰতত কৃতিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (AI)ৰ চৰ্চা ব্যাপক হাৰত বৃদ্ধি পাইছে। বিশ্বৰ আগশাৰীৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে ভাৰতক এআইৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ এক বৃহৎ বিনিয়োগৰ পৰিকল্পনা হাতত লৈছে। 


শেহতীয়া তথ্য অনুসৰি, আমাজন (Amazon), গুগল (Google), মেটা (Meta) আৰু মাইক্ৰ’ছফ্টৰ (Microsoft) দৰে টেক কোম্পানীসমূহে ২০২৬ চনৰ ভিতৰত এআই আন্তঃগাঁথনিৰ বাবে প্ৰায় ৬৫০ বিলিয়ন ডলাৰ (প্ৰায় ৫৪ লাখ কোটি টকা) ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।


প্ৰতিষ্ঠানসমূহৰ সুকীয়া বিনিয়োগ পৰিকল্পনা: ১. আমাজন (Amazon): এই দৌৰত আমাজন আটাইতকৈ আগত আছে। কোম্পানীটোৱে ২০২৬ চনৰ ভিতৰত প্ৰায় ২০০ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব পাৰে। ইয়াৰ জৰিয়তে ভাৰতৰ ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হোৱাৰ লগতে ১০ লাখ নতুন কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ২. গুগল (Google): গুগলৰ মাতৃ প্ৰতিষ্ঠান এলফাবেটে ১৮৫ বিলিয়ন ডলাৰ পৰ্যন্ত বিনিয়োগৰ ইংগিত দিছে। 


অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত এটা বৃহৎ এআই হাব আৰু ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে ইতিমধ্যে তেওঁলোকে আঁচনি প্ৰস্তুত কৰিছে। ৩. মাইক্ৰ’ছফ্ট (Microsoft): মাইক্ৰ’ছফ্টে ভাৰতত প্ৰায় ১.৫ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। সত্য নাডেলাই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাৎকাৰত ভাৰতৰ ডিজিটেল সক্ষমতা শক্তিশালী কৰাৰ আশ্বাস প্ৰদান কৰিছে। ৪. মেটা (Meta): মেটা কোম্পানীয়েও তেওঁলোকৰ এআই উচ্চাকাংক্ষা পূৰণৰ বাবে প্ৰায় ১৩৫ বিলিয়ন ডলাৰ ব্যয় কৰাৰ লক্ষ্য ৰাখিছে।


বিনিয়োগৰ প্ৰভাৱ আৰু লক্ষ্য: এই বৃহৎ বিনিয়োগৰ মূল লক্ষ্য হ’ল ডাটা চেণ্টাৰ নিৰ্মাণ, উচ্চ ক্ষমতাসম্পন্ন ছাৰ্ভাৰ স্থাপন আৰু এআই চিপছৰ উৎপাদন বৃদ্ধি কৰা। বিশেষজ্ঞসকলৰ মতে, যি কোম্পানীয়ে এআই যুদ্ধত জয়লাভ কৰিব, সেই কোম্পানীয়েই ভৱিষ্যতে বজাৰ দখল কৰিব পাৰিব। ভাৰতৰ বিশাল জনসংখ্যা, সুলভ ইণ্টাৰনেট আৰু বৰ্ধিত ডিজিটেল পৰিৱেশৰ বাবে এই টেক জায়াণ্টসকলে ভাৰতক এক সুবিধাজনক স্থান হিচাপে গণ্য কৰিছে।


এই বিনিয়োগৰ ফলত কেৱল প্ৰযুক্তিৰ উন্নয়ন হোৱাই নহয়, বৰঞ্চ দেশৰ অৰ্থনীতি আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পৰিব বুলি আশা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ