--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • এই ঘটনাত বিমানখনৰ দুই পাইলট আহত হৈছে যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে।

ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিজয়পুৰ জিলাত দেওবাৰে বিয়লি এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। উৰণৰ মাজভাগতে কাৰিকৰী বিজুতিৰ সন্মুখীন হোৱা এখন ব্যক্তিগত প্ৰশিক্ষণ বিমান জিলাখনৰ বাবলেশ্বৰ তালুকৰ মংগলুৰু গাঁৱৰ এখন কৃষিভূমিৰ মাজত দুৰ্ঘটনাগ্ৰস্ত হয়।


এই ঘটনাত বিমানখনৰ দুই পাইলট আহত হৈছে যদিও বৰ্তমান তেওঁলোকৰ অৱস্থা স্থিৰ বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ সূত্ৰই জনোৱা মতে, 'ৰেড বাৰ্ড এভিয়েচন' (Red Bird Aviation) নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটোৰ এই দুই আসনযুক্ত লঘু বিমানখন কালবুৰ্গীৰ পৰা বেলাগাভিলৈ উৰা মাৰিছিল। যাত্ৰাপথত বিমানখনৰ ইঞ্জিনত হঠাত্‍ যান্ত্ৰিক বিজুতিয়ে দেখা দিয়ে। ফলস্বৰূপে, পাইলটে নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু বিমানখন এখন মুকলি পথাৰত আছাৰ খাই পৰে। দুৰ্ঘটনাটো ইমানেই প্ৰবল আছিল যে বিমানখনৰ কেইবাটাও অংশ ভাঙি টুকুৰা-টুকুৰ হৈ পৰে।



বিমানখনত এজন প্ৰশিক্ষক কেপ্টেইন আৰু এজন প্ৰশিক্ষাৰ্থী পাইলট আছিল। স্থানীয় লোকে লগে লগে উদ্ধাৰ অভিযান চলাই দুয়োকে বিমানখনৰ ধ্বংসাৱশেষৰ মাজৰ পৰা উলিয়াই আনে। পৰৱৰ্তী সময়ত বাবলেশ্বৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসকৰ মতে, দুয়োৰে শৰীৰত আঘাত লাগিছে যদিও তেওঁলোক সংকটমুক্ত।



ঘটনাৰ খবৰ পোৱাৰ পিছতেই অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (DGCA) বিষয়টোৰ ওপৰত দৃষ্টি ৰাখিছে। কি পৰিস্থিতিত এই দুৰ্ঘটনা সংঘটিত হ’ল আৰু বিমানখনৰ ৰক্ষণাবেক্ষণত কোনো ত্ৰুটি আছিল নেকি, সেই সন্দৰ্ভত এক উচ্চস্তৰীয় তদন্ত আৰম্ভ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু