--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • নেপাল ৰাষ্ট্ৰ বেংকৰ প্ৰাক্তন গৱৰ্নৰ মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰসম্বলিত ন'টখন বৃহস্পতিবাৰে মুকলি কৰে দেশখনে।

ডিজিটেল ডেস্ক : ভাৰতৰ তিনিটা অঞ্চলক নিজৰ মানচিত্ৰত অন্তর্ভুক্ত কৰি নেপালে বৃহস্পতিবাৰে ইয়াৰ এখন নতুন ১০০ টকীয়া ন'ট মুকলি কৰিছে। ভাৰতৰ কালাপানী, লিপুলেখ আৰু লিম্পীয়াধুৰা অঞ্চলক নেপালৰ অংশ হিচাপে এখন মানচিত্র ১০০ টকীয়া ন'টখনত চিত্রিত কৰি নেপালত মুকলি কৰা ঘটনাটোৱে ভাৰতত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। 


নেপাল ৰাষ্ট্ৰ বেংকৰ প্ৰাক্তন গৱৰ্নৰ মহাপ্ৰসাদ অধিকাৰীৰ স্বাক্ষৰসম্বলিত ন'টখন বৃহস্পতিবাৰে মুকলি কৰে দেশখনে। বৰ্তমানৰ চৰকাৰখনৰ সিদ্ধান্ত মর্মেই এই সংশোধিত ১০০ টকীয়া ন'টখন জাৰি কৰা হৈছে বুলি দেশখনৰ ৰাষ্ট্ৰ বেংকটোৱে সদৰী কৰিছে। 


উল্লেখযোগ্য যে ২০২০ চনৰ মে'ত নেপালৰ প্ৰাক্তন প্রধানমন্ত্রী কে পি শর্মা অলিৰ চৰকাৰখনে দেশখনৰ এখন নতুন ৰাজনৈতিক মানচিত্ৰ জাৰি কৰিছিল, য'ত ভাৰতৰ তিনিওটা অঞ্চলক নেপালৰ অংশ হিচাপে দেখুওৱা হৈছিল আৰু নেপালী সংসদে এই মানচিত্রখনক অনুমোদন জনাইছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু