--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে এই উপলক্ষত দিয়া ভাষণত কয়, 'অযোধ্যাত ৰাম মন্দিৰৰ ওপৰত পৱিত্ৰ ধ্বজ উত্তোলন কৰাৰ কেইদিনমানৰ পাছতে আজি বিশ্বৰ ভিতৰতে সর্বোচ্চ ভগৱান ৰামৰ মূৰ্তি মুকলি কৰাৰ সুযোগ লাভ কৰি অত্যন্ত সুখী হৈছোঁ।'

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি দক্ষিণ গোৱাৰ ঐতিহাসিক শ্রীসংস্থান গোকর্ন জীবোত্তম মঠত ভগৱান ৰামৰ ৭৭ ফুট উচ্চতাৰ এটা মূর্তি উন্মোচন কৰে। প্রখ্যাত মূর্তিনিৰ্মাতা ৰাম সুতাৰে এই ব্ৰঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালি উন্মোচন কৰা মূৰ্তিটো বিশ্বৰ ভিতৰতে সর্বোচ্চ ৰামৰ মূৰ্তি বুলি কোৱা হৈছে। 


প্রধানমন্ত্রীয়ে এই উপলক্ষত দিয়া ভাষণত কয়, 'অযোধ্যাত ৰাম মন্দিৰৰ ওপৰত পৱিত্ৰ ধ্বজ উত্তোলন কৰাৰ কেইদিনমানৰ পাছতে আজি বিশ্বৰ ভিতৰতে সর্বোচ্চ ভগৱান ৰামৰ মূৰ্তি মুকলি কৰাৰ সুযোগ লাভ কৰি অত্যন্ত সুখী হৈছোঁ।' মূর্তিটো মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে মঠৰ ৫০০ বছৰীয়া পৰম্পৰাৰ বিষয়ে জানিবলৈ পাই তেওঁ ভাৰতীয় হিচাপে যথেষ্ট গৌৰৱবোধ কৰিছে। এই মন্দিৰটো গোৱাৰ পর্তুগীজ প্রাধান্য এলেকা কানাকোনাত আছে। ইয়াৰ এদিন আগতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিত শ্রীকৃষ্ণ মঠত পূজা-অর্চনা কৰে। ইয়াত তেওঁ সুবর্ন তীর্থ মণ্ডপ মুকলি কৰাৰ লগতে সোণৰ কলহ আগবঢ়ায়। 


ইয়াৰ পাছত প্রধানমন্ত্রীয়ে প্রায় এক লাখ লোকৰ সৈতে শ্রীমদ্ভাগবত গীতা পাঠ কৰে। প্রধানমন্ত্রীয়ে ইয়াত দিয়া ভাষণত কয়, 'ভাগৱত গীতাই আমাক এই শিকনি দিয়ে যে শান্তি আৰু সত্য ঘূৰাই অনাৰ কাৰণে অত্যাচাৰীৰ অন্ত পেলোৱাটো অতি প্রয়োজনীয়। ই ৰাষ্ট্ৰীয় নিৰাপত্তা নীতিৰ সাৰাংশ বুলি তেওঁ কয়। প্রধানমন্ত্রীয়ে কয় উডুপি আৰ এছ এছ আৰু বিজেপিৰ সুশাসনৰ আদৰ্শৰ কৰ্মভূমি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু