--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • প্রধানমন্ত্রীয়ে এই উপলক্ষত দিয়া ভাষণত কয়, 'অযোধ্যাত ৰাম মন্দিৰৰ ওপৰত পৱিত্ৰ ধ্বজ উত্তোলন কৰাৰ কেইদিনমানৰ পাছতে আজি বিশ্বৰ ভিতৰতে সর্বোচ্চ ভগৱান ৰামৰ মূৰ্তি মুকলি কৰাৰ সুযোগ লাভ কৰি অত্যন্ত সুখী হৈছোঁ।'

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কালি দক্ষিণ গোৱাৰ ঐতিহাসিক শ্রীসংস্থান গোকর্ন জীবোত্তম মঠত ভগৱান ৰামৰ ৭৭ ফুট উচ্চতাৰ এটা মূর্তি উন্মোচন কৰে। প্রখ্যাত মূর্তিনিৰ্মাতা ৰাম সুতাৰে এই ব্ৰঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কালি উন্মোচন কৰা মূৰ্তিটো বিশ্বৰ ভিতৰতে সর্বোচ্চ ৰামৰ মূৰ্তি বুলি কোৱা হৈছে। 


প্রধানমন্ত্রীয়ে এই উপলক্ষত দিয়া ভাষণত কয়, 'অযোধ্যাত ৰাম মন্দিৰৰ ওপৰত পৱিত্ৰ ধ্বজ উত্তোলন কৰাৰ কেইদিনমানৰ পাছতে আজি বিশ্বৰ ভিতৰতে সর্বোচ্চ ভগৱান ৰামৰ মূৰ্তি মুকলি কৰাৰ সুযোগ লাভ কৰি অত্যন্ত সুখী হৈছোঁ।' মূর্তিটো মুকলি কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে মঠৰ ৫০০ বছৰীয়া পৰম্পৰাৰ বিষয়ে জানিবলৈ পাই তেওঁ ভাৰতীয় হিচাপে যথেষ্ট গৌৰৱবোধ কৰিছে। এই মন্দিৰটো গোৱাৰ পর্তুগীজ প্রাধান্য এলেকা কানাকোনাত আছে। ইয়াৰ এদিন আগতে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীয়ে কৰ্ণাটকৰ উডুপিত শ্রীকৃষ্ণ মঠত পূজা-অর্চনা কৰে। ইয়াত তেওঁ সুবর্ন তীর্থ মণ্ডপ মুকলি কৰাৰ লগতে সোণৰ কলহ আগবঢ়ায়। 


ইয়াৰ পাছত প্রধানমন্ত্রীয়ে প্রায় এক লাখ লোকৰ সৈতে শ্রীমদ্ভাগবত গীতা পাঠ কৰে। প্রধানমন্ত্রীয়ে ইয়াত দিয়া ভাষণত কয়, 'ভাগৱত গীতাই আমাক এই শিকনি দিয়ে যে শান্তি আৰু সত্য ঘূৰাই অনাৰ কাৰণে অত্যাচাৰীৰ অন্ত পেলোৱাটো অতি প্রয়োজনীয়। ই ৰাষ্ট্ৰীয় নিৰাপত্তা নীতিৰ সাৰাংশ বুলি তেওঁ কয়। প্রধানমন্ত্রীয়ে কয় উডুপি আৰ এছ এছ আৰু বিজেপিৰ সুশাসনৰ আদৰ্শৰ কৰ্মভূমি।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ