--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদশেৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ গৃহ চহৰ গোপালগঞ্জত আৱামী লীগৰ সমর্থকসকলে কৰা প্ৰতিবাদ হিংসাত্মক ঘটনালৈ পৰিণত হয়

ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা প্ৰথমবাৰৰ বাবে হাছিনা নেতৃত্বাধীন আৱামী লীগৰ সমর্থকসকলে দেশখনত বুধবাৰে বৃহৎ প্রতিবাদ সাব্যস্ত কৰে।


 বাংলাদশেৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ গৃহ চহৰ গোপালগঞ্জত আৱামী লীগৰ সমর্থকসকলে কৰা প্ৰতিবাদ হিংসাত্মক ঘটনালৈ পৰিণত হয়। দেশখনৰ নিৰাপত্তা বাহিনীৰে আৱামী লীগৰ সমর্থকসকলৰ সংঘৰ্ষৰ ফলত চাৰিজন লোকে প্রাণ হেৰুৱায়।


ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে দেশখনৰ ছাত্র নেতৃত্বাধীন নেশ্যনেল চিটিজেন পার্টিয়ে (এন চি পি) এখন জন সমাৱেশৰ আয়োজন কৰিছিল। এই সমাবেশস্থলীতে শেখ হাছিনাৰ শতাধিক সমর্থক সমৱেত হয় আৰু লগে লগে উত্তেজনা বৃদ্ধি পায়। আৰক্ষী আৰু আৱামী লীগৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয় আৰু এলেকাটো যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে গুলীচালনা কৰে আৰু ঘটনাস্থলীতে দীপ্ত সাহা (২৫), ৰামজান কাজী (১৮) আৰু চোহেল (৪১)ৰ মৃত্যু হয়।



আনহাতে নজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত গোপালগঞ্জ চিকিৎসালয়ত ভর্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত হস্পিটেলত আৰু এজন লোকৰ মৃত্যু হয়। তাৰপাছতেই স্থানীয় প্রশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি জি বিৰ চাৰিটা অতিৰিক্ত বাহিনীক মোতায়েন কৰে আৰু এন চি পিৰ কৰ্মীক আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নির্দেশ দিয়ে। মুখ্য উপদেষ্টা ইউনুছৰ কাৰ্যালয়ে বুধবাৰে ৮ বজাৰ পৰা গোপালগঞ্জত ২২ ঘণ্টীয়া সান্ধ্য আইনৰ নিৰ্দেশ দিয়ে। ইফালে, বৃহস্পতিবাৰে কালিৰ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু