--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বাংলাদশেৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ গৃহ চহৰ গোপালগঞ্জত আৱামী লীগৰ সমর্থকসকলে কৰা প্ৰতিবাদ হিংসাত্মক ঘটনালৈ পৰিণত হয়

ডিজিটেল ডেস্কঃ বাংলাদেশৰ প্ৰাক্তন প্রধানমন্ত্রী শেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছৰে পৰা প্ৰথমবাৰৰ বাবে হাছিনা নেতৃত্বাধীন আৱামী লীগৰ সমর্থকসকলে দেশখনত বুধবাৰে বৃহৎ প্রতিবাদ সাব্যস্ত কৰে।


 বাংলাদশেৰ প্ৰতিষ্ঠাপক শ্বেখ মুজিবুৰ ৰহমানৰ গৃহ চহৰ গোপালগঞ্জত আৱামী লীগৰ সমর্থকসকলে কৰা প্ৰতিবাদ হিংসাত্মক ঘটনালৈ পৰিণত হয়। দেশখনৰ নিৰাপত্তা বাহিনীৰে আৱামী লীগৰ সমর্থকসকলৰ সংঘৰ্ষৰ ফলত চাৰিজন লোকে প্রাণ হেৰুৱায়।


ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে দেশখনৰ ছাত্র নেতৃত্বাধীন নেশ্যনেল চিটিজেন পার্টিয়ে (এন চি পি) এখন জন সমাৱেশৰ আয়োজন কৰিছিল। এই সমাবেশস্থলীতে শেখ হাছিনাৰ শতাধিক সমর্থক সমৱেত হয় আৰু লগে লগে উত্তেজনা বৃদ্ধি পায়। আৰক্ষী আৰু আৱামী লীগৰ সমৰ্থকৰ মাজত সংঘৰ্ষৰ সূত্রপাত হয় আৰু এলেকাটো যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। ইয়াৰ পাছতে আৰক্ষীয়ে গুলীচালনা কৰে আৰু ঘটনাস্থলীতে দীপ্ত সাহা (২৫), ৰামজান কাজী (১৮) আৰু চোহেল (৪১)ৰ মৃত্যু হয়।



আনহাতে নজন লোকক গুৰুতৰভাৱে আহত অৱস্থাত গোপালগঞ্জ চিকিৎসালয়ত ভর্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত হস্পিটেলত আৰু এজন লোকৰ মৃত্যু হয়। তাৰপাছতেই স্থানীয় প্রশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বি জি বিৰ চাৰিটা অতিৰিক্ত বাহিনীক মোতায়েন কৰে আৰু এন চি পিৰ কৰ্মীক আক্ৰমণ কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ নির্দেশ দিয়ে। মুখ্য উপদেষ্টা ইউনুছৰ কাৰ্যালয়ে বুধবাৰে ৮ বজাৰ পৰা গোপালগঞ্জত ২২ ঘণ্টীয়া সান্ধ্য আইনৰ নিৰ্দেশ দিয়ে। ইফালে, বৃহস্পতিবাৰে কালিৰ ঘটনাৰ সংক্ৰান্তত আৰক্ষীয়ে ১৪জন লোকক গ্ৰেপ্তাৰ কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ