--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োখন দেশৰ সৈতে আলোচনাৰ সময়ত এই বিষয়টোও উত্থাপন কৰা হৈছে। এই গাঁথনি কাৰ্যকৰী হোৱাত আমি আগ্রহী, কাৰণ ব্ৰিছৰ প্ৰতিষ্ঠাপক হোৱাৰ উপৰি এই তিনিখন দেশ গুৰুত্বপূৰ্ণ সহযোগী

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কক লৈ ভাৰত আৰু চীনক আমেৰিকা তথা নাটোৱে শেহতীয়াকৈ ভাবুকি দিয়াৰ সময়তে ইতিমধ্যে নিষ্ক্রিয় হৈ থকা ৰাছিয়া-ভাৰত-চীনৰ (আৰ আই চি) ট্রয়কা বা তিনি দেশীয় প্রশাসন জোঁট পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা চলিছে। এই উদ্যোগ গ্রহণ কৰিছে ৰাছিয়াই।


ইফালে চীনে বৃহস্পতিবাৰে ৰাছিয়াৰ এই পদক্ষেপলৈ সমর্থন জনাই কয় যে ৰাছিয়া-ভাৰত-চীনৰ ত্ৰিপাক্ষিক সহযোগিতাই কেৱল এই তিনিখন দেশৰ স্বাৰ্থই পূৰণ নকৰিব, ই অঞ্চলটো তথা বিশ্বৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ স্বাৰ্থতো সেৱা আগবঢ়াব।



ৰাছিয়াৰ নিউজ প'র্টেল ইজভেষ্টিয়াই বৃহস্পতিবাৰে দেশখনৰ উপ-বিদেশ মন্ত্রী আন্ড্রেই ঝডেংকোৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিত কয় যে ৰাছিয়াই আৰ আই চি গাঁথনি পুনৰাম্ভৰ আশা কৰিছে আৰু সেই সন্দৰ্ভত ভাৰত আৰু চীনৰ সৈতে আলোচনা কৰি আছে। ৰুডেংকোৱে কয়, 'দুয়োখন দেশৰ সৈতে আলোচনাৰ সময়ত এই বিষয়টোও উত্থাপন কৰা হৈছে। এই গাঁথনি কাৰ্যকৰী হোৱাত আমি আগ্রহী, কাৰণ ব্ৰিছৰ প্ৰতিষ্ঠাপক হোৱাৰ উপৰি এই তিনিখন দেশ গুৰুত্বপূৰ্ণ সহযোগী।'


ইফালে ৰুডেংকোৰ মন্তব্য সন্দৰ্ভত চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে বৃহস্পতিবাৰে কয়, 'চীন-ৰাছিয়া-ভাৰতৰ সহযোগিতাই কেৱল উক্ত তিনিখন দেশৰ স্বাৰ্থই পূৰণ নকৰিব, ই অঞ্চলটো তথা বিশ্বত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু প্ৰগতিতো সহায় কৰিব।' তেওঁ আৰু কয় যে ত্রিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰিবলৈ চীনে ভাৰত আৰু ৰাছিয়াৰ সৈতে যোগাযোগ ৰাখিবলৈ প্রস্তুত। উল্লেখযোগ্য যে ৰাছিয়াৰ সৈতে সম্পৰ্কক লৈ বুধবাৰে নাটোৱে ভাৰত-চীন আৰু ব্রাজিলক ভাবুকি দিছিল ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ