--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দুয়োখন দেশৰ সৈতে আলোচনাৰ সময়ত এই বিষয়টোও উত্থাপন কৰা হৈছে। এই গাঁথনি কাৰ্যকৰী হোৱাত আমি আগ্রহী, কাৰণ ব্ৰিছৰ প্ৰতিষ্ঠাপক হোৱাৰ উপৰি এই তিনিখন দেশ গুৰুত্বপূৰ্ণ সহযোগী

ডিজিটেল ডেস্কঃ ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কক লৈ ভাৰত আৰু চীনক আমেৰিকা তথা নাটোৱে শেহতীয়াকৈ ভাবুকি দিয়াৰ সময়তে ইতিমধ্যে নিষ্ক্রিয় হৈ থকা ৰাছিয়া-ভাৰত-চীনৰ (আৰ আই চি) ট্রয়কা বা তিনি দেশীয় প্রশাসন জোঁট পুনৰুজ্জীৱিত কৰাৰ প্ৰচেষ্টা চলিছে। এই উদ্যোগ গ্রহণ কৰিছে ৰাছিয়াই।


ইফালে চীনে বৃহস্পতিবাৰে ৰাছিয়াৰ এই পদক্ষেপলৈ সমর্থন জনাই কয় যে ৰাছিয়া-ভাৰত-চীনৰ ত্ৰিপাক্ষিক সহযোগিতাই কেৱল এই তিনিখন দেশৰ স্বাৰ্থই পূৰণ নকৰিব, ই অঞ্চলটো তথা বিশ্বৰ নিৰাপত্তা আৰু সুস্থিৰতাৰ স্বাৰ্থতো সেৱা আগবঢ়াব।



ৰাছিয়াৰ নিউজ প'র্টেল ইজভেষ্টিয়াই বৃহস্পতিবাৰে দেশখনৰ উপ-বিদেশ মন্ত্রী আন্ড্রেই ঝডেংকোৰ উদ্ধৃতিৰে প্ৰকাশ কৰা বাতৰিত কয় যে ৰাছিয়াই আৰ আই চি গাঁথনি পুনৰাম্ভৰ আশা কৰিছে আৰু সেই সন্দৰ্ভত ভাৰত আৰু চীনৰ সৈতে আলোচনা কৰি আছে। ৰুডেংকোৱে কয়, 'দুয়োখন দেশৰ সৈতে আলোচনাৰ সময়ত এই বিষয়টোও উত্থাপন কৰা হৈছে। এই গাঁথনি কাৰ্যকৰী হোৱাত আমি আগ্রহী, কাৰণ ব্ৰিছৰ প্ৰতিষ্ঠাপক হোৱাৰ উপৰি এই তিনিখন দেশ গুৰুত্বপূৰ্ণ সহযোগী।'


ইফালে ৰুডেংকোৰ মন্তব্য সন্দৰ্ভত চীনৰ বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্র লিন জিয়ানে বৃহস্পতিবাৰে কয়, 'চীন-ৰাছিয়া-ভাৰতৰ সহযোগিতাই কেৱল উক্ত তিনিখন দেশৰ স্বাৰ্থই পূৰণ নকৰিব, ই অঞ্চলটো তথা বিশ্বত শান্তি, নিৰাপত্তা, সুস্থিৰতা আৰু প্ৰগতিতো সহায় কৰিব।' তেওঁ আৰু কয় যে ত্রিপাক্ষিক সহযোগিতাৰ ক্ষেত্ৰত অগ্রগতি লাভ কৰিবলৈ চীনে ভাৰত আৰু ৰাছিয়াৰ সৈতে যোগাযোগ ৰাখিবলৈ প্রস্তুত। উল্লেখযোগ্য যে ৰাছিয়াৰ সৈতে সম্পৰ্কক লৈ বুধবাৰে নাটোৱে ভাৰত-চীন আৰু ব্রাজিলক ভাবুকি দিছিল ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু