--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • কালি সামাজিক মাধ্যম 'ট্রুথ ছ'চিয়েল'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই কথা ঘোষণা কৰে।

ডিজিটেল ডেস্ক: আমেৰিকাত নতুন তেল শোধনাগাৰৰ বাবে চুক্তিবদ্ধ হৈছে মুকেশ আম্বানিৰ বিলায়েন্স ইণ্ডাষ্ট্রীজ। যোৱা ৫০ বছৰৰ ভিতৰত আমেৰিকাত এইটোৱেই হ'ব প্রথম নতুন শোধনাগাৰ। 


কালি সামাজিক মাধ্যম 'ট্রুথ ছ'চিয়েল'ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে এই কথা ঘোষণা কৰে। ট্রাম্পে কয় যে এয়া হৈছে ৩০০ বিলিয়ন ডলাৰৰ (প্রায় ২৭ লাখ কোটি টকা) এক ঐতিহাসিক চুক্তি। তেওঁ আৰু কয় যে ই হৈছে আমেৰিকীয় শ্রমিক, শক্তি খণ্ড আৰু ছাউথ টেক্সাছৰ জনসাধাৰণৰ বৃহৎ বিজয়। ড'নাল্ড ট্রাম্পে কয় যে দক্ষিণ টেক্সাছৰ ব্ৰাউন্‌ভিলত নিৰ্মাণ কৰা হ'ব এই শোধনাগাৰটো। 


আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে দাবী কৰে যে এই শোধনাগাৰটো হ'ব বিশ্বৰ আটাইতকৈ পৰিষ্কাৰ শোধনাগাৰ। ট্রাম্পৰ মতে, 'এই প্ৰকল্পৰ ফলত আমেৰিকাৰ ঘৰুৱা বজাৰে ইন্ধন লাভ কৰিব, ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী হ'ব আৰু হাজাৰ হাজাৰ নতুন কর্মসংস্থানৰ সৃষ্টি হ'ব।'


ট্রাম্পে জনোৱা মতে, আমেৰিকা ফাৰ্ষ্ট ৰিফাইনিঙে নিৰ্মাণ কৰিবলগীয়া এই শোধনাগাৰৰ নিৰ্মাণৰ কাম এই বৰ্ষৰে এপ্রিল-জুন ত্রৈমাসিকত আৰম্ভ হ'ব। মন কৰিবলগীয়া যে বিশ্বত খাৰুৱা তেল আৰু ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ সময়তে ট্রাম্পে শোধনাগাৰৰ কথা ঘোষণা কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ