--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • গ্রাম্য ভাৰতত সকলো পৰিয়াললৈ টেপৰ যোগেদি বিশুদ্ধ আৰু পর্যাপ্ত খোৱাপানী যোগান ধৰিবলৈ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল।

ডিজিটেল ডেস্ক: মঙলবাৰে কেন্দ্ৰীয় কেবিনেটে ৮.৬৯ লাখ কোটি টকাৰ বৰ্ধিত ব্যয়েৰে ২০২৮ চনৰ ডিচেম্বৰলৈকে জলজীৱন মিছনৰ সম্প্ৰসাৰণত অনুমোদন জনায়। কেন্দ্রীয় মন্ত্রী অশ্বিনী বৈষ্ণৱে এই কথা জনায়। 


গ্রাম্য ভাৰতত সকলো পৰিয়াললৈ টেপৰ যোগেদি বিশুদ্ধ আৰু পর্যাপ্ত খোৱাপানী যোগান ধৰিবলৈ ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ শুভাৰম্ভণি কৰিছিল। মন্ত্ৰী বৈষ্ণৱে কয় যে এই ৮.৬৯ লাখ কোটিৰ ভিতৰত মুঠ কেন্দ্রীয় সাহায্য হ'ব ৩.৫৯ লাখ কোটি টকা। 


২০১৯-২০ বর্ষত কেন্দ্রীয় সাহায্যৰ পৰিমাণ আছিল ২.০৮ লাখ কোটি টকা। এক বিজ্ঞপ্তি মতে, 'সুজলাম ভাৰত' নামৰ এক উমৈহতীয়া ৰাষ্ট্ৰীয় ডিজিটেল গাঁথনি গঠন কৰা হ'ব। ইয়াৰ অধীনত গাঁওবোৰক এক একক সুজল গাঁও/সেৱা পৰিসীমা পৰিচয় দিয়া হ'ব তথা উৎসৰ পৰা টেপলৈকে সম্পূর্ণ খোৱাপানী যোগান ব্যৱস্থা চিহ্নিত কৰা হ'ব। 


স্বচ্ছতা নিশ্চিত কৰিবলৈ গাঁও পঞ্চায়ত আৰু গ্ৰাম্য জল তথা অনাময় সমিতিক ইয়াত জড়িত কৰোৱা হ'ব। গাঁও পঞ্চায়তে আনুষ্ঠানিকভাৱে কাম সম্পূৰ্ণ হোৱাৰ প্ৰমাণ-পত্ৰ দিব আৰু ৰাজ্য চৰকাৰে গাঁৱত পর্যাপ্তভাৱে কাম চলাই থকা তথা তদাৰকৰ ব্যৱস্থা কৰা বুলি নিশ্চিত হ'লে নিজকে 'হৰ ঘৰ জল' বুলি ঘোষণা কৰিব।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু