--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্রীড়াংগণত অনুষ্ঠিত ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৬-১ গ'লত পৰাস্ত কৰে প্রতিযোগিতাত অভিষেক ঘটোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক।

ডিজিটেল ডেস্ক : ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্রমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰে।


শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্রীড়াংগণত অনুষ্ঠিত ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৬-১ গ'লত পৰাস্ত কৰে প্রতিযোগিতাত অভিষেক ঘটোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক।


খেলৰ প্ৰথমার্ধতে নর্থ-ইষ্ট ইউনাইটেডে দুটা গ'ল দি বিপক্ষক চাপত ৰখাৰ লগতে মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখে। ৩০ মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰ আখতাৰে প্ৰথমটো গ'ল দিয়ে।


আনহাতে, দলৰ যুৱ তাৰকা অসম সন্তান পার্থিৱ গগৈয়ে প্রথমাধৰ্বৰ ইনজুৰি টাইমত দ্বিতীয়টো গ'ল দি বিৰতিলৈ নর্থ-ইষ্ট ইউনাইটেডক ২-০ত আগুৱাই ৰাখে। ৫০ মিনিটত থৈ সিঙে তৃতীয়টো গ'ল দি ডায়মণ্ড হাৰ্বাৰৰ প্ৰত্যাৱৰ্তনৰ আশাত চেঁচাপানী ঢালে। পূৰ্বৰ মেচৰ ৰণনীতিৰ দৰেই কিবুভিকুনাইৰ দলটোৱে আক্ৰমণৰ পৰিৱৰ্তে ৰক্ষণ বিভাগ অধিক শক্তিশালী কৰি ৰাখিছিল লগতে নর্থ-ইষ্ট দলৰ তাৰকা আজাৰাইক বান্ধি ৰখাৰ চেষ্টা কৰিছিল। এয়াই আছিল ডায়মণ্ড হাৰ্বাৰৰ ভুল ৰণনীতি।


আজাৰায়ে গ'ল দিব নোৱাৰিলেও আছিৰ, পার্থিৱ আৰু থৈয়ে নর্থ-ইষ্ট ইউনাইটেডক ৩-০ৰ অগ্রগতি দিয়ে।


প্রেড' বেনালীৰ এই ৰণনীতিয়ে দলক সফলতা দিয়ে। ৬৮ মিনিটত বিপক্ষৰ গ'ল বক্সত খেলিমেলিৰ সুযোগত ডায়মণ্ডৰ মাজকেনে ব্যৱধান ৩-১ কৰে। ৮১ মিনিটত জাইবোয়ে, ৮৫ মিনিটত এণ্ডিয়ে তথা ইঞ্জুৰি টাইমত আজাৰায়ে (৯৩ মিনিট) পেনাল্টিৰ জৰিয়তে গ'ল দিয়ে। প্রতিযোগিতাত আঠটা গ'ল দিয়া আজাৰায়ে গ'ল্ডেন বল আৰু গ'ল্ডেন বুট লাভ কৰে। ইফালে, নর্থ ইষ্ট ইউনাইটেডৰ গুৰমীট প্রতিযোগিতাৰ শ্ৰেষ্ঠ গ'লৰক্ষক নির্বাচিত হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু