--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্রীড়াংগণত অনুষ্ঠিত ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৬-১ গ'লত পৰাস্ত কৰে প্রতিযোগিতাত অভিষেক ঘটোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক।

ডিজিটেল ডেস্ক : ডিফেণ্ডিং চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ভাৰতীয় সেনাই আয়োজন কৰা ঐতিহাসিক ১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত পুনৰ খিতাপ জয় কৰি ক্রমাগত দ্বিতীয়বাৰলৈ চেম্পিয়ন হোৱাৰ গৌৰৱ অর্জন কৰে।


শনিবাৰে কলকাতাৰ বিবেকানন্দ যুৱভাৰতী ক্রীড়াংগণত অনুষ্ঠিত ফাইনেলত আই এছ এলৰ গুৱাহাটীৰ দলটোৱে ৬-১ গ'লত পৰাস্ত কৰে প্রতিযোগিতাত অভিষেক ঘটোৱা ডায়মণ্ড হাৰ্বাৰ এফ চিক।


খেলৰ প্ৰথমার্ধতে নর্থ-ইষ্ট ইউনাইটেডে দুটা গ'ল দি বিপক্ষক চাপত ৰখাৰ লগতে মেচ নিজৰ নিয়ন্ত্ৰণত ৰাখে। ৩০ মিনিটত গুৱাহাটীৰ দলটোৰ হৈ আছিৰ আখতাৰে প্ৰথমটো গ'ল দিয়ে।


আনহাতে, দলৰ যুৱ তাৰকা অসম সন্তান পার্থিৱ গগৈয়ে প্রথমাধৰ্বৰ ইনজুৰি টাইমত দ্বিতীয়টো গ'ল দি বিৰতিলৈ নর্থ-ইষ্ট ইউনাইটেডক ২-০ত আগুৱাই ৰাখে। ৫০ মিনিটত থৈ সিঙে তৃতীয়টো গ'ল দি ডায়মণ্ড হাৰ্বাৰৰ প্ৰত্যাৱৰ্তনৰ আশাত চেঁচাপানী ঢালে। পূৰ্বৰ মেচৰ ৰণনীতিৰ দৰেই কিবুভিকুনাইৰ দলটোৱে আক্ৰমণৰ পৰিৱৰ্তে ৰক্ষণ বিভাগ অধিক শক্তিশালী কৰি ৰাখিছিল লগতে নর্থ-ইষ্ট দলৰ তাৰকা আজাৰাইক বান্ধি ৰখাৰ চেষ্টা কৰিছিল। এয়াই আছিল ডায়মণ্ড হাৰ্বাৰৰ ভুল ৰণনীতি।


আজাৰায়ে গ'ল দিব নোৱাৰিলেও আছিৰ, পার্থিৱ আৰু থৈয়ে নর্থ-ইষ্ট ইউনাইটেডক ৩-০ৰ অগ্রগতি দিয়ে।


প্রেড' বেনালীৰ এই ৰণনীতিয়ে দলক সফলতা দিয়ে। ৬৮ মিনিটত বিপক্ষৰ গ'ল বক্সত খেলিমেলিৰ সুযোগত ডায়মণ্ডৰ মাজকেনে ব্যৱধান ৩-১ কৰে। ৮১ মিনিটত জাইবোয়ে, ৮৫ মিনিটত এণ্ডিয়ে তথা ইঞ্জুৰি টাইমত আজাৰায়ে (৯৩ মিনিট) পেনাল্টিৰ জৰিয়তে গ'ল দিয়ে। প্রতিযোগিতাত আঠটা গ'ল দিয়া আজাৰায়ে গ'ল্ডেন বল আৰু গ'ল্ডেন বুট লাভ কৰে। ইফালে, নর্থ ইষ্ট ইউনাইটেডৰ গুৰমীট প্রতিযোগিতাৰ শ্ৰেষ্ঠ গ'লৰক্ষক নির্বাচিত হয়।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ