--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুৱাৰ ভাগত বতৰে কিছু বিধি-পথালি দিছিল যদিও সময় আগবঢ়াৰ লগে লগে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা গৈছে।

ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ ৫ টা গুৰুত্বপূৰ্ণ সমষ্টিত অব্যাহত আছে। আবেলি ৩ বজালৈ সমগ্ৰ ৰাজ্যত মুঠ ভোটদানৰ হাৰ ৭৫.৯১ শতাংশ ।


পুৱাৰ ভাগত বতৰে কিছু বিধি-পথালি দিছিল যদিও সময় আগবঢ়াৰ লগে লগে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা গৈছে।


এইবাৰৰ নিৰ্বাচনত গুৱাহাটীত এক বিশেষ পৰিসংখ্যাই চৰ্চা লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ এই ৫ টা সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৪০ হাজাৰ বেছি। মুঠ ১০,৫৫,২৮৮ গৰাকী ভোটাৰৰ ভিতৰত ৫,৪৭,৪০০ গৰাকী মহিলা আৰু ৫,০৭,৮৫৭ গৰাকী পুৰুষ ভোটাৰ আছে। ইয়াৰ উপৰি ৩১ গৰাকী তৃতীয় লিংগৰ ভোটাৰেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।


বৰ্তমানলৈকে জালুকবাৰীত ৬৯.৫৩ শতাংশ, দিছপুৰত ৬২.৮৪ শতাংশ, ডিমৰীয়াত ৬৯.৩৬ শতাংশ, নিউ গুৱাহাটীত ৬০.৫৭ শতাংশ, কেন্দ্ৰীয় গুৱাহাটীত ৬৫.০১ শতাংশ, ভোটদান সম্পন্ন হৈছে ৷ ইফালে জিলাখনৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে গুৱাহাটীৰ পাঁচটা সমষ্টিত দিনৰ ৩ বজালৈ ৬৫.৩০ শতাংশৰো অধিক ভোটদান হৈছে । এই ভোটদানৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটীৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ বিয়লিলৈ যথেষ্ট ভাল হ'ব বুলি আশা কৰা হৈছে।


নিৰ্বাচনী যুঁজত ২৫ প্ৰাৰ্থী


এই ৫ টা সমষ্টিত মুঠ ২৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত আজি ইভিএমত বন্দী হ’ব। ইয়াৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীত সৰ্বাধিক ৭ গৰাকী আৰু জালুকবাৰীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাকী দিছপুৰ, নিউ গুৱাহাটী আৰু ডিমৰীয়াত ৫ গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।


নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ মুঠ ১,২১৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত বিশেষভাৱে মন কৰিবলগীয়া যে জিলাখনৰ ১২০ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে, যিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত মহিলাৰ সবলীকৰণৰ দিশটো প্ৰতিফলিত কৰিছে।


ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে বিশিষ্ট ব্যক্তিসকল আৰু সাধাৰণ ৰাইজে গণতন্ত্ৰৰ এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে। ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজতে সকলোৰে দৃষ্টি এতিয়া ৪ মে'ৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ