--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • পুৱাৰ ভাগত বতৰে কিছু বিধি-পথালি দিছিল যদিও সময় আগবঢ়াৰ লগে লগে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা গৈছে।

ডিজিটেল ডেস্কঃ ২০২৬ বৰ্ষৰ অসম বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আজি পুৱা ৭ বজাৰ পৰা গুৱাহাটী মহানগৰীৰ ৫ টা গুৰুত্বপূৰ্ণ সমষ্টিত অব্যাহত আছে। আবেলি ৩ বজালৈ সমগ্ৰ ৰাজ্যত মুঠ ভোটদানৰ হাৰ ৭৫.৯১ শতাংশ ।


পুৱাৰ ভাগত বতৰে কিছু বিধি-পথালি দিছিল যদিও সময় আগবঢ়াৰ লগে লগে ভোটকেন্দ্ৰসমূহত ভোটাৰৰ দীঘলীয়া শাৰী প্ৰত্যক্ষ কৰা গৈছে।


এইবাৰৰ নিৰ্বাচনত গুৱাহাটীত এক বিশেষ পৰিসংখ্যাই চৰ্চা লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ এই ৫ টা সমষ্টিত পুৰুষতকৈ মহিলা ভোটাৰৰ সংখ্যা প্ৰায় ৪০ হাজাৰ বেছি। মুঠ ১০,৫৫,২৮৮ গৰাকী ভোটাৰৰ ভিতৰত ৫,৪৭,৪০০ গৰাকী মহিলা আৰু ৫,০৭,৮৫৭ গৰাকী পুৰুষ ভোটাৰ আছে। ইয়াৰ উপৰি ৩১ গৰাকী তৃতীয় লিংগৰ ভোটাৰেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব।


বৰ্তমানলৈকে জালুকবাৰীত ৬৯.৫৩ শতাংশ, দিছপুৰত ৬২.৮৪ শতাংশ, ডিমৰীয়াত ৬৯.৩৬ শতাংশ, নিউ গুৱাহাটীত ৬০.৫৭ শতাংশ, কেন্দ্ৰীয় গুৱাহাটীত ৬৫.০১ শতাংশ, ভোটদান সম্পন্ন হৈছে ৷ ইফালে জিলাখনৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে গুৱাহাটীৰ পাঁচটা সমষ্টিত দিনৰ ৩ বজালৈ ৬৫.৩০ শতাংশৰো অধিক ভোটদান হৈছে । এই ভোটদানৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ গুৱাহাটীৰ পাঁচটা সমষ্টিত ভোটদানৰ হাৰ বিয়লিলৈ যথেষ্ট ভাল হ'ব বুলি আশা কৰা হৈছে।


নিৰ্বাচনী যুঁজত ২৫ প্ৰাৰ্থী


এই ৫ টা সমষ্টিত মুঠ ২৫ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত আজি ইভিএমত বন্দী হ’ব। ইয়াৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীত সৰ্বাধিক ৭ গৰাকী আৰু জালুকবাৰীত ৩ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। বাকী দিছপুৰ, নিউ গুৱাহাটী আৰু ডিমৰীয়াত ৫ গৰাকীকৈ প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে।


নিৰ্বাচন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ মুঠ ১,২১৮ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত বিশেষভাৱে মন কৰিবলগীয়া যে জিলাখনৰ ১২০ টা ভোটগ্ৰহণ কেন্দ্ৰ সম্পূৰ্ণৰূপে মহিলা বিষয়াৰ দ্বাৰা পৰিচালিত হৈছে, যিয়ে নিৰ্বাচনী প্ৰক্ৰিয়াত মহিলাৰ সবলীকৰণৰ দিশটো প্ৰতিফলিত কৰিছে।


ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে বিশিষ্ট ব্যক্তিসকল আৰু সাধাৰণ ৰাইজে গণতন্ত্ৰৰ এই উৎসৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা দেখা গৈছে। ভোটদান প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে চলি থকাৰ মাজতে সকলোৰে দৃষ্টি এতিয়া ৪ মে'ৰ ফলাফলৰ ওপৰত নিৱদ্ধ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু