--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰ্তমানৰ শাসক দলে সৃষ্টি কৰি থৈ যোৱা বিভিন্ন বাধা-বিঘিনি অতিক্রমি বিজেপিয়ে পশ্চিমবংগক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্যত পৰিণত কৰিব বুলি মোদীয়ে দাবী কৰে।

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পশ্চিমবংগত শাসক-বিৰোধীৰ ৰাজনৈতিক বাকযুদ্ধ তীব্র হৈ পৰিছে। ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ (টি এম চি) ১৫ বছৰীয়া শাসনক ওফৰাই ক্ষমতা দখলৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা চলাইছে।


আনহাতে, মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্রেছে পশ্চিমবংগত দুর্গ অক্ষত ৰাখিবলৈ প্ৰচাৰ অভিযান তীব্ৰ কৰিছে। 


আনহাতে, সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দুখন পৃথক নির্বাচনী জনসভাত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধত লিপ্ত হয়। প্রধানমন্ত্রী মোদীয়ে টি এম চিক 'নিষ্ঠুৰতা'ৰ প্ৰতীক আখ্যা দিয়াৰ বিপৰীতে মুখ্যমন্ত্রী বেনার্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা ৯১ লাখ ভোটাৰৰ নাম কৰ্তন কৰিলে। 


আছাচলত প্রধানমন্ত্রী মোদীয়ে এখন নির্বাচনী জনসভাত অংশ লৈ কয় যে পশ্চিমবংগত শাসনৰ পৰিৱৰ্তন হোৱাটো অপৰিহাৰ্য হৈ পৰিছে। টি এম চিৰ পাপ কামৰ ভাণ্ডাৰ এতিয়া ভর্তি হৈ গৈছে বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। সেইবাবে পশ্চিমবংগৰ জনতাই টি এম চিৰ শাসনক বিদায় দিবলৈ পৰিকল্পনা কৰিছে বুলি প্রধানমন্ত্রী মোদীয়ে কয়। 


পশ্চিমবংগত কয়লা, বালি মাফিয়া আৰু ছিণ্ডিকেটৰাজ চলি আছিল বুলি মোদীয়ে অভিযোগ কৰে। প্রধানমন্ত্রী মোদীয়ে আৰু অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ নিষ্ঠুৰতা আৰু নিৰ্মমতাই পশ্চিমবংগৰ জনতাক যোৱা ১৫ বছৰে ক্ষতিগ্রস্ত কৰিলে। বৰ্তমানৰ শাসক দলে সৃষ্টি কৰি থৈ যোৱা বিভিন্ন বাধা-বিঘিনি অতিক্রমি বিজেপিয়ে পশ্চিমবংগক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্যত পৰিণত কৰিব বুলি মোদীয়ে দাবী কৰে। 


প্রধানমন্ত্রী মোদীয়ে কয় যে শাসনৰ পৰিৱৰ্তনে পশ্চিমবংগক বিকাশৰ এটা নতুন গতি প্রদান কৰিব। আনহাতে, হালদিয়াৰ আন এখন নির্বাচনী জনসভাত প্রধানমন্ত্রী মোদীয়ে পশ্চিমবংগৰ জনতাৰ বাবে '৬টা মোদী গেৰাণ্টী' ঘোষণা কৰে। পশ্চিম বংগত ভয়-ভীতিৰ পৰিৱেশৰ পৰিৱৰ্তে আস্থা, আইনৰ বিধিৰ ওপৰত বিশ্বাস ঘূৰাই অনা, ৰাজ্যিক প্রশাসন জনসাধাৰণৰ প্ৰতি দায়িত্বশীল, প্রতিটো বলাৎকাৰ, অপৰাধৰ গোচৰ পুনৰ মুকলি, টি এম চিৰ চৰকাৰৰ দিনৰ দুর্নীতিগ্রস্তক জে'ললৈ প্ৰেৰণ, শৰণাৰ্থীক সংবিধানিক অধিকাৰ আৰু অনুপ্ৰৱেশকাৰীক বিতাৰণ, বিজেপিৰ চৰকাৰ হ'লে ৰাজ্যখনৰ কৰ্মচাৰীৰ বাবে ৭ম দৰমহা আয়োগৰ ৰূপায়ণ- এই 'ছটা মোদী গেৰান্টি' দিয়ে প্রধানমন্ত্রীয়ে। 


ইফালে, কালি টি এম চিৰ মুৰব্বী তথা মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰৱ হৈ উঠে। মমতাই অভিযোগ কৰে যে পশ্চিম বংগত ক্ষমতা দখলৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ লগতে অপচেষ্টাও চলাইছে। এছ আই আৰৰ জৰিয়তে নির্বাচন আয়োগৰ সহযোগত বিজেপিয়ে ৰাজ্যখনৰ ৯১ লাখ ভোটাৰৰ নাম কৰ্তন কৰি ক্ষমতা দখলৰ অপচেষ্টা চলাইছে। ইয়াৰ পাছতো পশ্চিম বংগৰ জনতাৰ আস্থা-বিশ্বাসেৰে বলীয়ান হৈ টি এম চিয়ে পুনৰ শাসনলৈ আহিব বুলি মমতাই দৃঢ়তাই কয়। 


উত্তৰ ২৪ পৰগনা জিলাৰ মিনাখানত এখন নির্বাচনী জনসভাত ভাষণ দি বেনার্জীয়ে কয় যে এছ আই আৰত ভোটাৰৰ নাম কৰ্তনক প্রত্যাহ্বান জনাই টি এম চি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। টি এম চিৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে ধন দি ভোট ক্ৰয় কৰিবলৈ অপচেষ্টা চলাইছে। মমতাই এইটোও অভিযোগ কৰে যে উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা মানুহ আনি বিজেপিয়ে পশ্চিম বংগৰ ভোটাৰক প্ৰভাৱিত কৰিব বিচাৰিছে। আনহাতে, ৰাজ্যখনৰ শীৰ্ষ চৰকাৰী বিষয়াক নিৰ্বাচনৰ পূৰ্বে ৰদ-বদল কৰি বিজেপিয়ে দেশৰ গণতান্ত্রিক গাঁথনিক ধ্বংস কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্রী মমতাই অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ