--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • বৰ্তমানৰ শাসক দলে সৃষ্টি কৰি থৈ যোৱা বিভিন্ন বাধা-বিঘিনি অতিক্রমি বিজেপিয়ে পশ্চিমবংগক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্যত পৰিণত কৰিব বুলি মোদীয়ে দাবী কৰে।

ডিজিটেল ডেস্ক : নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পশ্চিমবংগত শাসক-বিৰোধীৰ ৰাজনৈতিক বাকযুদ্ধ তীব্র হৈ পৰিছে। ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ (টি এম চি) ১৫ বছৰীয়া শাসনক ওফৰাই ক্ষমতা দখলৰ বাবে যৎপৰোনাস্তি প্রচেষ্টা চলাইছে।


আনহাতে, মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্রেছে পশ্চিমবংগত দুর্গ অক্ষত ৰাখিবলৈ প্ৰচাৰ অভিযান তীব্ৰ কৰিছে। 


আনহাতে, সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী মমতা বেনার্জীয়ে দুখন পৃথক নির্বাচনী জনসভাত তীব্ৰ ৰাজনৈতিক বাকযুদ্ধত লিপ্ত হয়। প্রধানমন্ত্রী মোদীয়ে টি এম চিক 'নিষ্ঠুৰতা'ৰ প্ৰতীক আখ্যা দিয়াৰ বিপৰীতে মুখ্যমন্ত্রী বেনার্জীয়ে অভিযোগ কৰে যে বিজেপিয়ে ৰাজ্যখনৰ ভোটাৰ তালিকাৰ পৰা ৯১ লাখ ভোটাৰৰ নাম কৰ্তন কৰিলে। 


আছাচলত প্রধানমন্ত্রী মোদীয়ে এখন নির্বাচনী জনসভাত অংশ লৈ কয় যে পশ্চিমবংগত শাসনৰ পৰিৱৰ্তন হোৱাটো অপৰিহাৰ্য হৈ পৰিছে। টি এম চিৰ পাপ কামৰ ভাণ্ডাৰ এতিয়া ভর্তি হৈ গৈছে বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। সেইবাবে পশ্চিমবংগৰ জনতাই টি এম চিৰ শাসনক বিদায় দিবলৈ পৰিকল্পনা কৰিছে বুলি প্রধানমন্ত্রী মোদীয়ে কয়। 


পশ্চিমবংগত কয়লা, বালি মাফিয়া আৰু ছিণ্ডিকেটৰাজ চলি আছিল বুলি মোদীয়ে অভিযোগ কৰে। প্রধানমন্ত্রী মোদীয়ে আৰু অভিযোগ কৰে যে মমতা বেনাৰ্জীৰ নিষ্ঠুৰতা আৰু নিৰ্মমতাই পশ্চিমবংগৰ জনতাক যোৱা ১৫ বছৰে ক্ষতিগ্রস্ত কৰিলে। বৰ্তমানৰ শাসক দলে সৃষ্টি কৰি থৈ যোৱা বিভিন্ন বাধা-বিঘিনি অতিক্রমি বিজেপিয়ে পশ্চিমবংগক দেশৰ ভিতৰতে এখন উন্নত ৰাজ্যত পৰিণত কৰিব বুলি মোদীয়ে দাবী কৰে। 


প্রধানমন্ত্রী মোদীয়ে কয় যে শাসনৰ পৰিৱৰ্তনে পশ্চিমবংগক বিকাশৰ এটা নতুন গতি প্রদান কৰিব। আনহাতে, হালদিয়াৰ আন এখন নির্বাচনী জনসভাত প্রধানমন্ত্রী মোদীয়ে পশ্চিমবংগৰ জনতাৰ বাবে '৬টা মোদী গেৰাণ্টী' ঘোষণা কৰে। পশ্চিম বংগত ভয়-ভীতিৰ পৰিৱেশৰ পৰিৱৰ্তে আস্থা, আইনৰ বিধিৰ ওপৰত বিশ্বাস ঘূৰাই অনা, ৰাজ্যিক প্রশাসন জনসাধাৰণৰ প্ৰতি দায়িত্বশীল, প্রতিটো বলাৎকাৰ, অপৰাধৰ গোচৰ পুনৰ মুকলি, টি এম চিৰ চৰকাৰৰ দিনৰ দুর্নীতিগ্রস্তক জে'ললৈ প্ৰেৰণ, শৰণাৰ্থীক সংবিধানিক অধিকাৰ আৰু অনুপ্ৰৱেশকাৰীক বিতাৰণ, বিজেপিৰ চৰকাৰ হ'লে ৰাজ্যখনৰ কৰ্মচাৰীৰ বাবে ৭ম দৰমহা আয়োগৰ ৰূপায়ণ- এই 'ছটা মোদী গেৰান্টি' দিয়ে প্রধানমন্ত্রীয়ে। 


ইফালে, কালি টি এম চিৰ মুৰব্বী তথা মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে বিজেপি আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰৱ হৈ উঠে। মমতাই অভিযোগ কৰে যে পশ্চিম বংগত ক্ষমতা দখলৰ বাবে বিজেপিয়ে ষড়যন্ত্ৰ কৰাৰ লগতে অপচেষ্টাও চলাইছে। এছ আই আৰৰ জৰিয়তে নির্বাচন আয়োগৰ সহযোগত বিজেপিয়ে ৰাজ্যখনৰ ৯১ লাখ ভোটাৰৰ নাম কৰ্তন কৰি ক্ষমতা দখলৰ অপচেষ্টা চলাইছে। ইয়াৰ পাছতো পশ্চিম বংগৰ জনতাৰ আস্থা-বিশ্বাসেৰে বলীয়ান হৈ টি এম চিয়ে পুনৰ শাসনলৈ আহিব বুলি মমতাই দৃঢ়তাই কয়। 


উত্তৰ ২৪ পৰগনা জিলাৰ মিনাখানত এখন নির্বাচনী জনসভাত ভাষণ দি বেনার্জীয়ে কয় যে এছ আই আৰত ভোটাৰৰ নাম কৰ্তনক প্রত্যাহ্বান জনাই টি এম চি পুনৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। টি এম চিৰ মুৰব্বীগৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে ধন দি ভোট ক্ৰয় কৰিবলৈ অপচেষ্টা চলাইছে। মমতাই এইটোও অভিযোগ কৰে যে উত্তৰ প্ৰদেশ, বিহাৰৰ পৰা মানুহ আনি বিজেপিয়ে পশ্চিম বংগৰ ভোটাৰক প্ৰভাৱিত কৰিব বিচাৰিছে। আনহাতে, ৰাজ্যখনৰ শীৰ্ষ চৰকাৰী বিষয়াক নিৰ্বাচনৰ পূৰ্বে ৰদ-বদল কৰি বিজেপিয়ে দেশৰ গণতান্ত্রিক গাঁথনিক ধ্বংস কৰিব বিচাৰিছে বুলি মুখ্যমন্ত্রী মমতাই অভিযোগ কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু