--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • অশান্ত বিশ্বত 'ধৰ্মৰ ভেটি' স্থাপনেৰে সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ দায়িত্ব ভাৰতৰ। ভাগৱতে আৰু কয় যে ভাৰতৰ মানুহে মানৱীয়তাৰ বিধিসমূহ মানি চলে, কিন্তু বিশ্বৰ অৱশিষ্ট অংশই অৰণ্যৰ নিয়মহে অনুসৰণ কৰে।

ডিজিটেল ডেস্ক : 'বিশ্বৰ জনতাই শান্তি-সম্প্ৰীতিৰ পৰিৱেশ বিচাৰে, যুদ্ধ নহয়। ভাৰত সদায় মানৱীয়তাৰ পক্ষত আছে আৰু সেই বাবেই মধ্যপ্রাচ্যৰ যুদ্ধখন বন্ধ কৰাত একমাত্ৰ ভাৰতেহে পদক্ষেপ ল'ব পাৰিব বুলি বিশ্ব সম্প্রদায়ে আশা কৰিছে।'এই মন্তব্য ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) মুৰব্বী মোহন ভাগৱতৰ। 


শুকুৰবাৰে নাগপুৰত আৰ এছ এছৰ বিদৰ্ভ প্রান্ত কাৰ্যালয়ৰ শিলান্যাস কৰি ভাগৱতে কয় যে ইৰানৰ বিৰুদ্ধে ইজৰাইল আৰু আমেৰিকাই অব্যাহত ৰখা যুদ্ধখনৰ সমাপ্তি ঘটোৱাৰ প্ৰয়োজন আহি পৰিছে। যুদ্ধখনৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত মুখ্য ভূমিকা ল'বলৈ বিশ্বৰ বিভিন্ন দেশে ভাৰতক আহ্বান জনাইছে। কাৰণ ভাৰতৰ প্ৰকৃতিয়েই হৈছে শান্তি-সম্প্রীতি আৰু মানৱীয়তাৰ পক্ষত থিয় দিয়া। 


তেওঁ কয় যে অশান্ত বিশ্বত 'ধৰ্মৰ ভেটি' স্থাপনেৰে সুস্থিৰ পৰিৱেশ ঘূৰাই অনাৰ দায়িত্ব ভাৰতৰ। ভাগৱতে আৰু কয় যে ভাৰতৰ মানুহে মানৱীয়তাৰ বিধিসমূহ মানি চলে, কিন্তু বিশ্বৰ অৱশিষ্ট অংশই অৰণ্যৰ নিয়মহে অনুসৰণ কৰে। গতিকে যুদ্ধ বন্ধ কৰি শান্তি প্রতিষ্ঠাৰ দায়িত্ব ভাৰতৰ।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ