--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোটেই ৰমজানত অৰ্জন কৰা সংযম আৰু ত্যাগৰ পাঠ এই ঈদৰ দিনটোত অধিক ব্যাপক হৈ পৰে। আজি ইছলামধৰ্মী এলেকাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

ডিজিটেল ডেস্ক: দীৰ্ঘ মাহৰ ৰোজাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে সমগ্ৰ দেশতে পবিত্ৰ ঈদ-উল-ফিটৰ উদযাপন কৰা হৈছে। এই দিনটো মুছলমানসকলৰ বাবে গভীৰ তাৎপৰ্যপূৰ্ণ দিন। আকাশত চন্দ্ৰ দেখা পোৱাৰ লগে লগে ইছলামধৰ্মী লোকৰ ঘৰত আনন্দৰ বন্যা বয়। ৰমজানৰ ৰোজা শেষ হোৱাৰ পিছত আনন্দৰ ঈদ আহিল বুলি তেওঁলোকৰ মন আহ্লাদিত হয়।


গোটেই ৰমজানত অৰ্জন কৰা সংযম আৰু ত্যাগৰ পাঠ এই ঈদৰ দিনটোত অধিক ব্যাপক হৈ পৰে। আজি ইছলামধৰ্মী এলেকাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঈদৰ আগৰ নিশালৈকে দোকানবোৰত বিশেষকৈ সুগন্ধি, টুপী, চেৱই, মিঠাই, নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বজাৰত ভিৰ আছিল। পুৱাৰে পৰা প্ৰতি ঘৰতে ৰন্ধা-বঢ়া আৰম্ভ হৈছে। বিউটি পাৰ্লাৰত দীঘলীয়া শাৰী, হাতত মেহেন্দি অংকন কৰি যুৱতী-কিশোৰীসকলে দুহাত জিলিকাই তুলিছে। দেশৰ বিভিন্ন প্ৰান্তত ঈদৰ মেলা অনুষ্ঠিত কৰি আনন্দৰ পৰিৱেশ আৰু অধিক ৰঙীন কৰি তুলিছে।


আজি নামাজৰ অন্তত ইবাদত সকলে ইজনে সিজনক সাৱটি ধৰি ‘ঈদ মুবাৰক’ বুলি সম্ভাষণ জনাব। কিছুমানে লৰালৰিকৈ কবৰস্থানলৈ যাব, আপোনজনৰ বাবে প্ৰাৰ্থনা জনাব। ইয়াৰ পিছত দিনটো পৰিয়ালৰ সৈতে সময় কটাব, আত্মীয়ৰ ঘৰলৈ গৈ বন্ধু-বান্ধৱীৰ সৈতে আনন্দৰ ভাগ-বতৰা কৰি দিনটো পাৰ কৰিব। 


ঈদ আনন্দৰ ভাগ-বতৰা কৰাৰ এক অনুষ্ঠান। যদিও বৰ্তমান দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বাঢ়িছে, তথাপিও ঈদৰ আনন্দত ইয়াৰ বিশেষ প্ৰভাৱ পৰা নাই। অৱশ্যে এই আনন্দৰ দিনটোত সমাজৰ দুখীয়া-নিপীড়িত মানুহৰ প্ৰতিও ধ্যান ৰখাটো গুৰুত্বপূৰ্ণ। নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়ালেহে ঈদৰ আনন্দ সম্পূৰ্ণ হ'ব।


উল্লেখ্য যে ঈদৰ সময়ত দুখীয়া- নিছলাক টকা-পইচা দান কৰা এটা নিয়ম আছে। এই নিয়মমতে অৱস্থাসম্পন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগত দুখীয়ালোকক এক কেঃজিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক। ইয়াকে ফিৎৰা বা ফিটৰা বোলে। এই ফিটৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ঈদ-উল-ফিটৰ বোলা হয়।


এই দিনটো কেৱল উদযাপনৰ দিন নহয়, মানৱতা, মমতা আৰু ন্যায়ৰ ওপৰত ভিত্তি কৰি এখন সমাজ গঢ়াৰ এক নতুন প্ৰতিশ্ৰুতি। এই ঈদে সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু অন্তহীন সুখ কঢ়িয়াই আনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ