--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গোটেই ৰমজানত অৰ্জন কৰা সংযম আৰু ত্যাগৰ পাঠ এই ঈদৰ দিনটোত অধিক ব্যাপক হৈ পৰে। আজি ইছলামধৰ্মী এলেকাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে।

ডিজিটেল ডেস্ক: দীৰ্ঘ মাহৰ ৰোজাৰ অন্তত আজি অৰ্থাৎ শনিবাৰে সমগ্ৰ দেশতে পবিত্ৰ ঈদ-উল-ফিটৰ উদযাপন কৰা হৈছে। এই দিনটো মুছলমানসকলৰ বাবে গভীৰ তাৎপৰ্যপূৰ্ণ দিন। আকাশত চন্দ্ৰ দেখা পোৱাৰ লগে লগে ইছলামধৰ্মী লোকৰ ঘৰত আনন্দৰ বন্যা বয়। ৰমজানৰ ৰোজা শেষ হোৱাৰ পিছত আনন্দৰ ঈদ আহিল বুলি তেওঁলোকৰ মন আহ্লাদিত হয়।


গোটেই ৰমজানত অৰ্জন কৰা সংযম আৰু ত্যাগৰ পাঠ এই ঈদৰ দিনটোত অধিক ব্যাপক হৈ পৰে। আজি ইছলামধৰ্মী এলেকাত উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ঈদৰ আগৰ নিশালৈকে দোকানবোৰত বিশেষকৈ সুগন্ধি, টুপী, চেৱই, মিঠাই, নতুন কাপোৰ ক্ৰয় কৰাৰ বাবে বজাৰত ভিৰ আছিল। পুৱাৰে পৰা প্ৰতি ঘৰতে ৰন্ধা-বঢ়া আৰম্ভ হৈছে। বিউটি পাৰ্লাৰত দীঘলীয়া শাৰী, হাতত মেহেন্দি অংকন কৰি যুৱতী-কিশোৰীসকলে দুহাত জিলিকাই তুলিছে। দেশৰ বিভিন্ন প্ৰান্তত ঈদৰ মেলা অনুষ্ঠিত কৰি আনন্দৰ পৰিৱেশ আৰু অধিক ৰঙীন কৰি তুলিছে।


আজি নামাজৰ অন্তত ইবাদত সকলে ইজনে সিজনক সাৱটি ধৰি ‘ঈদ মুবাৰক’ বুলি সম্ভাষণ জনাব। কিছুমানে লৰালৰিকৈ কবৰস্থানলৈ যাব, আপোনজনৰ বাবে প্ৰাৰ্থনা জনাব। ইয়াৰ পিছত দিনটো পৰিয়ালৰ সৈতে সময় কটাব, আত্মীয়ৰ ঘৰলৈ গৈ বন্ধু-বান্ধৱীৰ সৈতে আনন্দৰ ভাগ-বতৰা কৰি দিনটো পাৰ কৰিব। 


ঈদ আনন্দৰ ভাগ-বতৰা কৰাৰ এক অনুষ্ঠান। যদিও বৰ্তমান দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ দাম বাঢ়িছে, তথাপিও ঈদৰ আনন্দত ইয়াৰ বিশেষ প্ৰভাৱ পৰা নাই। অৱশ্যে এই আনন্দৰ দিনটোত সমাজৰ দুখীয়া-নিপীড়িত মানুহৰ প্ৰতিও ধ্যান ৰখাটো গুৰুত্বপূৰ্ণ। নিজৰ সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়ালেহে ঈদৰ আনন্দ সম্পূৰ্ণ হ'ব।


উল্লেখ্য যে ঈদৰ সময়ত দুখীয়া- নিছলাক টকা-পইচা দান কৰা এটা নিয়ম আছে। এই নিয়মমতে অৱস্থাসম্পন্ন মুছলমান সকলে ঈদৰ নামাজ পঢ়াৰ আগত দুখীয়ালোকক এক কেঃজিঃ আটা (ঘেঁহু) বা তাৰ মূল্য দান কৰাটো বাধ্যতামূলক। ইয়াকে ফিৎৰা বা ফিটৰা বোলে। এই ফিটৰা বা দান কৰি ঈদ বা আনন্দ লাভ কৰা হয় কাৰণে এই ঈদক ঈদ-উল-ফিটৰ বোলা হয়।


এই দিনটো কেৱল উদযাপনৰ দিন নহয়, মানৱতা, মমতা আৰু ন্যায়ৰ ওপৰত ভিত্তি কৰি এখন সমাজ গঢ়াৰ এক নতুন প্ৰতিশ্ৰুতি। এই ঈদে সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি আৰু অন্তহীন সুখ কঢ়িয়াই আনক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু