--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • জালুকবাৰীৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়লৈ অহাৰ পথত ব'ৰ্ড শ্ব'ও কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ৰ'ড শ্ব'ত প্রায় এক লাখ বিজেপিৰ কার্যকর্তাই অংশগ্রহণ কৰিব। এই কথা কালি প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই।

ডিজিটেল ডেস্ক : এইবাৰ প্ৰধানমন্ত্ৰীৰ আগমনৰ লগে লগে অসমত ৰচনা হ'ব আন এক ইতিহাস। প্রায় দুই লাখ লোকে অহা ২০ ডিচেম্বৰৰ দিনটোত আদৰণি জনাব প্ৰধানমন্ত্ৰীগৰাকীক। 


জালুকবাৰীৰ পৰা বশিষ্ঠস্থিত বিজেপিৰ কাৰ্যালয়লৈ অহাৰ পথত ব'ৰ্ড শ্ব'ও কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। এই ৰ'ড শ্ব'ত প্রায় এক লাখ বিজেপিৰ কার্যকর্তাই অংশগ্রহণ কৰিব। এই কথা কালি প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। 


বিধানসভাৰ নির্বাচনলৈ মাজত মাথোঁ তিনিমাহ বাকী থকাৰ সময়তে একপ্ৰকাৰ 

চমক সৃষ্টি কৰিব প্ৰধানমন্ত্ৰীৰ এইবাৰৰ অসম ভ্রমণে। মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে বিমান বন্দৰত প্ৰধানমন্ত্ৰীক লক্ষাধিক কার্যকর্তাই আদৰণি জনাব। অৱশ্যে উক্ত স্থানত আয়োজন কৰা জনসভাত প্রায় প্রায় ৮৫ হাজাৰ লোকেহে অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহি প্রধানমন্ত্রীয়ে কার্যকর্তাসকলৰ লগত কথা পাতিব। 


মুখ্যমন্ত্রীয়ে কয়, 'অসম বিজেপিৰ বা আমাৰ ৰাজ্যিক বিজেপিৰ ইতিহাসত এইটো প্রথম হ'ব যে প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ কাৰ্যালয়লৈ আহিব। মোদী ডাঙৰীয়া বা বাজপেয়ী ডাঙৰীয়া আগতেও অসমলৈ আহিছিল, কিন্তু ৰাজ্যিক বিজেপিৰ কার্যালয়লৈ তেখেতসকল কেতিয়াও অহা নাছিল। এইবাৰ আমাৰ বাবে পৰম সৌভাগ্য যে মোদী ডাঙৰীয়া নিজে আমাৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়লৈ আহিব।' 


আনহাতে প্রধানমন্ত্রীয়ে ২০ ডিচেম্বৰত প্ৰথমে ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ প্রতিমূর্তি বিমান বন্দৰ চৌহদত উন্মোচন কৰিব বুলি জনাই তেওঁ কয়, 'তাৰ পাছতে তেওঁ গুৱাহাটী লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টার্মিনেল উদ্বোধন কৰি এক ৰাজহুৱা সভা সম্বোধন কৰিব। বিমান বন্দৰৰ টার্মিনেল উদ্বোধনৰ পাছত প্রধানমন্ত্রীয়ে বশিষ্ঠস্থিত ভাৰতীয় জনতা পার্টিৰ ৰাজ্যিক কার্যালয়লৈ আহোঁতে এক কিল'মিটাৰ আমি তেখেতৰ সন্মানার্থে আমাৰ কাৰ্যকৰ্তাসকলে ৰ'ড শ্ব'ৰো আয়োজন কৰিছোঁ। 


প্রথম দিনা কাৰ্যসূচীৰ অন্তত ৰাজ্যিক অতিথিশালাত নিশা কটাব লগীয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে দ্বিতীয় দিনা অর্থাৎ ২১ ডিচেম্বৰত পুৱা ব্ৰহ্মপুত্ৰৰ বুকুত বিলাসী জাহাজত উঠি প্রায় ২৫গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীৰ সৈতে 'পৰীক্ষা পে চর্চা' কাৰ্যসূচীত অংশগ্রহণ কৰিব। 


'পৰীক্ষা পে চর্চা' কাৰ্যসূচীত পৰীক্ষালৈ কেনেকৈ সাজু হ'ব লাগে, কি কৰিব লাগে তাৰ ওপৰত চর্চা কৰিব। এই অনুষ্ঠান প্রায় আধা ঘণ্টা, ৪০ মিনিট হ'ব। তাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকী বৰগাঁৱত থকা শহীদ স্মাৰকলৈ আহিব, অক্ষয় বন্তিত শ্রদ্ধাঞ্জলি জনাব আৰু শ্বহীদ স্মাৰকত থকা শ্বহীদ গেলাৰীলৈ যাব। ৮৬০ গৰাকী শ্বহীদৰ প্রথমগৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতিমূর্তিত তেখেতে মাল্যার্পণ কৰিব। মোদী ডাঙৰীয়াই যেতিয়া অক্ষয় বস্তিত মাল্যার্পণ কৰিব নেপথ্যত আমাৰ শিল্পীসকলে শ্বহীদ প্রণমো তোমাক পৰিৱেশন কৰি থাকিব। শ্বহীদ স্মাৰকৰ কাৰ্যসূচী সামৰি তেখেত ডিব্রুগড়লৈ যাব, ডিব্রুগড়ৰ পৰা নামৰূপত ১২ লাখ মেট্রিক টনৰ ইউৰিয়া উৎপাদন কৰিব পৰা নতুন এটা সাৰ কাৰখানাৰ ভূমিপূজন কৰিব। ইয়াৰ পাছত তেওঁ ডিব্ৰুগড়লৈ ঘুৰি আহি পুনৰ দিল্লীলৈ ঘূৰি যাব।' ইফালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ লুইতৰ প্ৰতি এক দুর্বলতা আছে বুলি জনাই ড° শৰ্মাই কয় যে ইয়াৰ পূৰ্বে জাপানৰ প্ৰধানমন্ত্ৰীৰ লগতে তেওঁ লুইতৰ বুকুতে আলোচনা কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সেয়া হৈ নুঠিল। কাজিৰঙালৈ প্রধানমন্ত্রী অহাৰ পাছত কাজিৰঙাৰ পৰিৱেশ সলনি হৈছে। এইবাৰ বহুসংখ্যক লোকে কাজিৰঙা ভ্ৰমণ কৰিছেহি বুলি জনাই তেওঁ কয় যে লুইতত প্রধানমন্ত্রীৰ ভ্রমণে অসমৰ নদী পৰ্যটনতো প্রভাৱ পেলাব। তেওঁ লুইতত কিছু সময় কটোৱাৰ কথা আগতেও ভাবিছিল কিন্তু সেয়া হৈ উঠা নাছিল। এইবাৰ সেই আশা পূৰণ হ'ব। আনহাতে ভাৰতৰ পাঁচটা মূল বিমান বন্দৰৰ ভিতৰত অচিৰেই গুৱাহাটী বিমান বন্দৰেই স্থান লাভ কৰিব বুলি জনাই মুখ্যস্ত্রীয়ে কয় যে লাহে লাহে এতিয়াৰ বিমান বন্দৰটো বন্ধ কৰা হ'ব। নতুন টার্মিনেলটোহে ব্যৱহাৰ কৰা হ'ব। অসমক আগতে কোনো প্রধানমন্ত্রীয়ে অসমক ইমান আদৰ কৰা নাছিল বুলি জনাই তেওঁ লগতে কয়, 'আমাৰ বাবে সৌভাগ্য এনে এগৰাকী লোকক প্রধানমন্ত্রী হিচাপে আমি লাভ কৰিছোঁ।' প্ৰধানমন্ত্ৰীক ৰাজনীতিৰ সৈতে আমি জড়িত নকৰোঁ বুলি জনাই তেওঁ লগতে কয়, 'আমি নিজৰ মাজতে ৰণকৌশল প্রস্তুত কৰিম। এই কামত প্রধানমন্ত্রীক আমি জড়িত নকৰোঁ।কাইলৈ বৈজয়ন্ত পাণ্ডা আহিব। তেওঁৰ সৈতে আমি বহি আলোচনা কৰিম। ইফালে ২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহ অসমলৈ আহিব। সেইদিনা তেওঁ আৰক্ষী আয়ুক্তৰ নতুন কার্যালয়, গুৱাহাটীৰ চি চি টিভি প্ৰকল্পৰ লগতে পাঁচ হাজাৰ লোক একেলগে বহিব পৰা জ্যোতি-বিষ্ণু প্রেক্ষাগৃহৰো মুকলি কৰিব। এই প্রেক্ষাগৃহটো পূব ভাৰতৰ ভিতৰতে বৃহৎ আৰু আধুনিক প্রেক্ষাগৃহ হ'ব। ইয়াৰ পাছত তেওঁ নগাঁৱলৈ গৈ বটদ্ৰৱা প্ৰকল্প ৰাইজৰ বাবে উৎসর্গা কৰিব।' ইফালে ২৬-২৭ ডিচেম্বৰত ৰাজ্যিক কার্যনির্বাহক আৰু ষ্টেট কাউন্সিলৰ বৈঠক অনুষ্ঠিত হ'ব। 


এই বৈঠকত নতুনকৈ নিযুক্তি দিয়া ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন উপস্থিত থাকিব। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষকে ধৰি অসমৰ দায়িত্বত থকা সকলো ৰাষ্ট্ৰীয় নেতা উপস্থিত থাকিব। উল্লেখযোগ্য যে কালি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পার্টিৰ মুখ্য কাৰ্যালয়ত আগন্তুক প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দৰ্ভত এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণসূচী সন্দর্ভত প্রতিটো দিশ আলোচনা কৰা হয়। এই বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেইবাজনো মন্ত্রী, বিধায়ক তথা দলীয়া কার্যকর্তাসকল উপস্থিত থাকে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু